Logo
image

বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্যৰ মহাঅভিযোগনামা

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদক, ১ ডিচেম্বৰঃ বিজেপিক পৰাস্ত কৰিবলৈ ডিব্ৰুগড়ত একত্ৰিত হ’ল ১৫টাকৈ বিৰোধী ৰাজনৈতিক দল৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহচহৰ ডিব্ৰুগড়ৰ পৰাই ২৪ৰ লোকসভা নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত কৰিলে বিৰোধী ঐক্যমঞ্চই৷ বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ বিৰোধী ঐক্যমঞ্চই প্ৰকাশ কৰিলে মহাভিযোগনামা আৰু ঘোষণা-পত্ৰ৷ মহাভিযোগনামাত থাকিব বিজেপি চৰকাৰ আৰু মুখ্যমন্ত্ৰী পৰিয়ালৰ কেলেংকাৰি দস্তাবেজ তথা ঘোষণা-পত্ৰত সন্নিবিষ্ট হৈছে বিৰোধী ঐক্যমঞ্চৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি৷ আজি ডিব্ৰুগড়ৰ মাইজানস্থিত এইচ এম ৰিজ’ৰ্টত অনুষ্ঠিত হোৱা বিৰোধী ঐক্যমঞ্চৰ এক বৈঠকত কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰা হয়৷ অসম জাতীয় পৰিষদৰ আতিথ্যত গুৱাহাটী বাহিৰত প্ৰথমবাৰলৈ অনুষ্ঠিত কৰা এই ৰাজনৈতিক অভিৱৰ্তনত লোকসভা নিৰ্বাচনক লৈ বিশেষভাৱে আলোচনা কৰা হয়৷  সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত প্ৰস্তুত কৰা অভিযোগনামা আৰু তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ নেতৃত্বত প্ৰস্তুত কৰা ঘোষণা পত্ৰখন আজিৰ ৰাজনৈতিক অভিৱৰ্তনতে খচৰা প্ৰকাশ কৰা হয়৷ কিন্তু বৈঠকত নতুনকৈ অংশগ্ৰহণ কৰা দুটাকৈ বিৰোধী ৰাজনৈতিক দলৰ পৰামৰ্শ আৰু মতামতৰ ভিত্তিত অভিযোগনামা আৰু ঘোষণা-পত্ৰখন আনুষ্ঠানিকভাৱে প্ৰকাশ নকৰিলে বিৰোধী ঐক্যমঞ্চৰ নেতৃত্বই৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা বিৰোধী ঐক্যমঞ্চৰ সভাপতি ভূপেন বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাত পূৰ্বৰ সিদ্ধান্ত অনুসৰি প্ৰতিটো সমষ্টিতে একোজনকৈ বিৰোধীৰ প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাত গুৰুত্ব আৰোপ কৰা হয়৷ আনহাতে, বিজেপি নিৰ্বাচনসমূহত দিয়া প্ৰতিশ্ৰুতিসমূহ কাৰ্যকৰী নকৰা বিষয়সমূহক লৈ ৰাইজৰ কাষ চপাৰো সিদ্ধান্ত গ্ৰহণ কৰিছে বিৰোধী ঐক্যমঞ্চই৷ জানিব পৰা মতে, এই অভিযোগনামাত সন্নিৱিষ্ট মূল বিষয়সমূহৰ ভিতৰত আছে মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেলেংকাৰিৰ পৰা আৰম্ভ কৰি  ছিণ্ডিকেট, দুৰ্নীতি, মূল্যবৃদ্ধি, পুৰণি পেন্সন নীতি, অসম চুক্তিৰ ৬নং দফা, জনজাতিকৰণ, এন আৰ চি আদি৷ এই প্ৰসংগত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে, বিজেপিৰ দুৰ্নীতি-ভ্ৰষ্টাচাৰৰ কোনো অৱসান নাই৷ অনীতি-অপ-শাসনৰো সীমাবদ্ধতা নাই বিজেপিৰ৷ জাতিটোক ঠগ-প্ৰৱঞ্চনা তথা বিশ্বাসঘাটকতা কৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে আৰু বহুকেইটা অনৈতিক কাৰ্যকলাপৰ বিষয়ে সন্নিৱিষ্ট কৰিবলগীয়া আছে৷ জাতীয় প্ৰশ্নসমূহ উপেক্ষা কৰা বিষয়সমূহ সন্নিৱিষ্ট হ’ব মহাভিযোগনামাত৷ অসমীয়া মানুহক বিশ্বাসঘাটকতা কৰা মূল বিষয়সমূহে প্ৰাধান্য লাভ কৰিব৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই আজিৰ আলোচনা সন্দৰ্ভত জানিবলৈ দিয়া মতে, বিজেপিৰ বিৰুদ্ধে কোনবোৰ বিষয় লৈ ৰাইজৰ মাজলৈ যোৱা হ’ব আটাইবোৰ বিষয় আলোচনা কৰা হয়৷ নিৰ্বাচন সংক্ৰান্তিয় সমগ্ৰ বিষয় খৰচিমাৰি আলোচনা কৰা হৈছে৷ উল্লেখ্য, বৈঠকৰ পূৰ্বে জননেতা ভীমবৰ দেউৰীৰ প্ৰতিছবিত বন্তি আৰু মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনায় বিৰোধী ঐক্যমঞ্চৰ নেতৃত্বই৷ আজিৰ বৈঠকত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, উপ-দলপতি ৰকিবুল হুছেইন, সাংসদ আব্দুল খালেক, অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, আম আদমি পাৰ্টীৰ সভাপতি ভৱেন চৌধুৰী, এন চি পিৰ, চিপিআই (এমএল) আসাম, তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা, ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্কো ডি শইকীয়া, চি পি আইয় (এম), অল ইণ্ডিয়া ফ’ৰৱাৰ্ড ব্লক, জাতীয় দল, অসম, ৰাষ্ট্ৰীয় জনতা দল, জনতা দল [ইউনাইটেড], চিপিআই, শিৱসেনাৰ (উদ্ধৱ থাকৰে) সভাপতি ৰাম নাৰায়ণ সিং, এপিএইচএলচি আদি ৰাজনৈতিক দলৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়৷ ইফালে কাইলৈ ডিব্ৰুগড় জিলা পুথিভঁৰালত বিশাল বুথ সমন্বয়ক সভাৰ আয়োজন কৰিছে বিৰোধী ঐক্যমঞ্চই৷ চৌকিডিঙ্গি চাৰিআলিৰ পৰা বিশাল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰি জিলা পুথিভঁৰালত সমাপন কৰি বিৰোধী ঐক্যমঞ্চৰ নেতা-কৰ্মীসকলক লৈ অনুষ্ঠিত হ’বলগীয়া জনসভাত বহুসংখ্যক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰিব৷

আজি তিনিচুকীয়াত কেবিনেট বৈঠক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, তিনিচুকীয়াঃ তিনিচুকীয়াৰ বাইপাছস্থিত কনভেনছন চেণ্টাৰত ৰডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ বাবে প্ৰয়োজনীয় প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছে৷ উল্লেখ্য, ইতিপূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত তিনিচুকীয়াৰ কনভেনছন চেণ্টাৰত বিগত মে’ মাহত ৰাজ্যৰ উপায়ুক্তসকলৰ সন্মিলন আৰু ছেপ্টেম্বৰত বিজেপি মিত্ৰজোঁটৰ বৈঠক সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পাছত ৰডিচেম্বৰৰ কেবিনেট বৈঠক ত্ৰুটিহীনভাৱে আয়োজন কৰাৰ বাবে তৎপৰ হৈ পৰিছে জিলা প্ৰশাসন৷ কেবিনেট বৈঠকত অংশগ্ৰহণৰ বাবে আহিবলগীয়া মন্ত্ৰী আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াবৰ্গ তথা বিভাগীয় উচ্ছপদস্থ বিষয়াসকলৰ বাবে তিনিচুকীয়াৰ কেইবাখনো বিলাসী হোটেলত কোঠা সংৰক্ষণ কৰা হৈছে৷ কেবিনেট বৈঠক বিয়লি ২বজাৰ পৰা অনুষ্ঠিত হ’ব বুলি প্ৰশাসনৰ তৰফৰ পৰা জানিবলৈ দিছে৷ জানিব পৰা মতে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকত অংশগ্ৰহণৰ পাছত সন্ধিয়া ৬বজাত ইয়াৰ কচুজান খেলপথাৰত অনুষ্ঠিত ৰাজ্যিক পৰ্যায়ৰ ১৯ বছৰৰ অনুৰ্ধ মুখ্যমন্ত্ৰীৰ চাহ জনগোষ্ঠী আৰু আদিবাসী ফুটবল প্ৰতিযোগিতা ২০২২-২৩অ’ত উপস্থিত থাকিব৷ আনহাতে, দ্বিতীয় দিনা, অৰ্থাৎ ২ডিচেম্বৰৰ পুৱা মুখ্যমন্ত্ৰীয়ে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’ব৷ ইয়াৰ পাছত মুখ্যমন্ত্ৰী অসম দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে টিংখঙলৈ ৰাওনা হ’ব৷ ইফালে কেবিনেট বৈঠকত অতিথিবৃন্দক আপ্যায়নৰ বাবে বিশেষ থলুৱা ব্যঞ্জনৰ ব্যৱস্থা কৰা হৈছে৷ সেই অনুসৰি টোপোলা ভাত, মুৰ্গী মাংসৰ বইল, ঔটেঙা আৰু মাটি দাইল, বুটৰ সৈতে ঢেঁকীয়া ভজাকে ধৰি একাধিক থলুৱা ব্যঞ্জনৰ ম্যেনু সাজু কৰি তোলা হৈছে কেবিনেট বৈঠকৰ প্ৰতি লক্ষ্য ৰাখি৷

কংগ্ৰেছৰ দিনত ৰাতি লুণ্ঠন চলিছিল ৰাজকোষতঃ বিজেপি

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তাঃ ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ সুভাষ দত্তই আজি এক প্ৰেছ বিবৃতিত ৰকিবুল হুছেইনক উভতি ধৰি কয়–  ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ প্ৰতিটো কামেই স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে সম্পাদিত হয়৷ চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপ আৰু প্ৰতিখন আঁচনি দিনৰ পোহৰৰ দৰেই স্বচ্ছ আৰু স্পষ্ট৷ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতা নীতি অৱলম্বন কৰি ২০১৬ চনৰ পৰা বৰ্তমানলৈকে অসমত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে প্ৰতিটো কামেই সম্পাদন কৰি আহিছে৷ এনে প্ৰেক্ষাপটত ৰাতিৰ আন্ধাৰত গড় হত্যা কৰি দুৰ্নীতিৰ পোহাৰ মেলা, দুৰ্নীতিৰে সম্পত্তিৰ পাহাৰ গঢ়া ৰকিবুল হুছেইনৰ দৰে ভ্ৰষ্টাচাৰী নেতাৰ মুখত স্বচ্ছতাৰ নীতিবাক্য শোভা নাপায়৷ তৰুণ গগৈ নেতৃত্বাধীন কংগ্ৰেছৰ শাসনৰ পোন্ধৰ বছৰীয়া অপশাসনৰ অংশীদাৰ আছিল ৰকিবুল হুছেইন৷ যাৰ নেতৃত্বতেই ভাৰতবৰ্ষৰ স্বাভিমান এশিঙীয়া গঁড় এটা এটাকৈ চোৰাং চিকাৰীৰ হাতত নিধন হৈছিল৷ কংগ্ৰেছ চৰকাৰৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰৰ ক’লা অধ্যায় যদি ৰোমন্থন কৰা হয়, তেতিয়া এই আটাইবিলাক ক’লা অধ্যায় তৰুণ গগৈৰ নেতৃত্বাধীন চৰকাৰৰ সময়ত ৰকিবুল হুছেইনৰ দৰে মন্ত্ৰীসকলৰ পৃষ্ঠপোষকতাত ৰাতিৰ আন্ধাৰত ৰাজকোষ লুণ্ঠনৰ কামসমূহ হৈছিল সেই কথা অসমৰ ৰাইজে পাহৰি যোৱা নাই৷ সেইজন ৰকিবুল হুছেইনেই আজি ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰক কটাক্ষ কৰিবলৈ গৈ যি বাক্যবান নিক্ষেপ কৰিছে ইয়াৰ যোগেদি তেওঁৰ দিনৰ দুৰ্নীতিৰ এই ক’লা অধ্যায়সমূহে জনমানসত পুনৰ উন্মোচিত হৈছে৷ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰোধত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছে বন্ধ কৰি থোৱা তেলৰ ৰয়েল্টি ৭,৭১০ হাজাৰ কোটি টকা মুকলি কৰি দিছিল৷ যাৰ জৰিয়তে ৰাজ্যখনৰ উন্নয়নৰ তৰান্বিত কৰাৰ ক্ষেত্ৰত আমাৰ চৰকাৰ সফল হৈছে৷ ইয়াৰ উপৰি আজি অসমৰ বুকুত যিসমূহ উন্নয়নমূলক প্ৰকল্প আৰু উন্নয়নমূলক আঁচনি সৰ্বসাধাৰণ ৰাইজক স্পৰ্শ কৰিবলৈ সক্ষম হৈছে৷ এই প্ৰকল্পসমূহে বিশেষকৈ অসমৰ বিভিন্ন পিছপৰা অঞ্চলসমূহকো আজি ভাৰতবৰ্ষৰ আগশাৰীৰ অঞ্চললৈ উন্নীত কৰাৰ ক্ষেত্ৰত সফল হৈছে৷