Logo
image

‘কা’-ঘোষণাক লৈ ৰাজ্যত তীব্ৰ প্ৰতিক্ৰিয়া

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১ ডিচেম্বৰঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কলকাতাৰ এক দলীয় সমাৱেশত ‘কা’ বলৱৎ কৰাক লৈ বুধবাৰে কৰা ঘোষণাৰ পাছতে প্ৰতিবাদমুখৰ হৈ পৰিছে অসমৰ দল-সংগঠন৷ ‘‘কা’ হৈছে দেশৰ আইন৷ সমগ্ৰ দেশৰ লগতে পশ্চিম বংগতো ‘কা’ বলৱৎ হ’বই৷ ইয়াক কোনেও ৰখাব নোৱাৰে’– অমিত শ্বাহৰ এই হুংকাৰৰ পাছতে লোকসভাৰ নিৰ্বাচনৰ পূৰ্বে ‘কা’ক কেন্দ্ৰ কৰি অসম পুনৰ জ্বলি উঠাৰ আশংকা দেখা গৈছে৷ সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বৃহস্পতিবাৰে কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনক কঠোৰভাৱে সকীয়াই দি কয়–আছু আৰু নেছই ‘কা’ নামানে৷ এই কথা আমি বাৰে বাৰে কৈ আহিছোঁ৷ ‘কা’ আমি মনা নাই৷ ‘কা’ আমি নামানো৷ ‘কা’ যদি বলপূৰ্বক বলৱৎ কৰিব বিচাৰে তেন্তে ইয়াৰ বিৰুদ্ধে অহিংস গণতান্ত্ৰিক আন্দোলন চলিব৷ ইয়াৰ সমান্তৰালভাৱে আইনগত যুঁজো চলিব৷ অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া লোকে ‘কা’ নামানে৷ কেন্দ্ৰীয় চৰকাৰে যেতিয়া এইবাৰ ‘কা’ আইন পাচ কৰিলে তেতিয়া ক’লে যে ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যবোৰ ৰেহাই দিয়া হ’ব অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলৰ মিজোৰাম, নাগালেণ্ড, অৰুণাচল প্ৰদেশ আৰু মণিপুৰত ‘কা’ বলৱৎ নহ’ব৷ ষষ্ঠ অনুসূচীৰ এলেকাবোৰ এই আইনৰ পৰা ৰেহাই থাকিব বুলিও ক’লে৷ অৰ্থাৎ মেঘালয়ৰ ৮৯ শতাংশ এলেকা ৰেহাই পাব৷ ত্ৰিপুৰাৰ ৬০ শতাংশ এলেকা ৰেহাই পাব ‘কা’ৰ পৰা৷ অসমৰ বিটিআৰ, কাৰ্বি আংলং, ডিমা হাচাও এলেকাত  ‘কা’প্ৰযোজ্য নহ’ব৷ তেন্তে ‘কা’ ক’ত  প্ৰযোজ্য হ’ব? ‘কা’ প্ৰযোজ্য হ’ব মেঘালয়ৰ ২ শতাংশ, ত্ৰিপুৰাৰ ৪০ শতাংশ আৰু অসমত শদিয়াৰ পৰা ধুবুৰীলৈ৷ আটাইতকৈ ক্ষতিগ্ৰস্ত হ’ব অসম আৰু ত্ৰিপুৰা৷ ইয়াৰ লাইন পাৰ্মিট আৰু অনুসূচীৰ অন্তৰ্গত ঠাইৰ বাবে যদি ‘কা’ বেয়া তেন্তো অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্য ঠাইৰ বাবে ‘কা’ কিদৰে ভাল হ’ল৷ কোকৰাঝাৰৰ কাৰণে ‘কা’ বেয়া৷ বঙাইগাঁৱৰ কাৰণে ‘কা’ ভাল৷ তামুলপুৰ আৰু বাগ্‌সা কাৰণে ‘কা’ বেয়া কিন্তু নলবাৰী, বৰপেটা, কোকৰাঝাৰৰ কাৰণে ‘কা’ ভাল৷ নাগালেণ্ডৰ কাৰণে ‘কা’ বেয়া, শিৱসাগৰৰ কাৰণে ‘কা’ ভাল হৈ গ’ল৷ এইটো অন্যায়৷ ‘কা’ অন্য অঞ্চলৰ কাৰণেও বেয়া৷ সেয়ে আমি ‘কা’ কেতিয়াও নামানো৷

‘কা’ নামানো, আন্দোলন চলিবই, আইনগত যুঁজো চলিবঃ আছু

ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহে পশ্চিম বংগত ‘‘কা’ বলবৎ হ’বই’ আৰু ‘‘অসমত ভাৰত বাংলাদেশ ছীল–চৰাইয়ো সোমাব নোৱাৰে’’ বুলি কৰা মন্তব্যৰ তীব্ৰ প্ৰতিবাদ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাই স্পষ্ট আৰু দৃঢ়তাৰে কয়– ‘কা’ আমি নামানো; ‘কা’ অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসাধাৰণে নামানে; বলপূৰ্বকভাবে ‘কা’ বলবৎ কৰিলে আন্দোলন চলিবই; সমান্তৰালভাৱে আইনগত যুঁজো চলিব; ভাৰত বাংলাদেশ অসম চেক্টৰৰ সীমান্ত আজিও উন্মুক্ত; অসম চুক্তি সম্পাদনৰ ৩৮ বছৰেও অসম চেক্টৰৰ ভাৰত বাংলাদেশ সীমান্ত ছীল নহ’ল৷ ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই কয়– পশ্চিমবংগত নিৰ্বাচন কেন্দ্ৰীক সভাত গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্যই প্ৰমাণ কৰিলে যে ‘কা’ৰ জৰিয়তে অবৈধ বাংলাদেশীৰ ভোট বেংক সুৰক্ষাৰ বাবে ৰাজনীতি কৰি থকা হৈছে৷ কিন্তু গৃহমন্ত্ৰী আৰু কেন্দ্ৰীয় চৰকাৰে মনত ৰখা উচিত যে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ অবৈধ বাংলাদেশীৰ প্ৰব্ৰজনৰ সমস্যা সুকীয়া৷ উচ্চতম ন্যায়ালয়েও অসম, ত্ৰিপুৰা, উত্তৰ-পূৰ্বাঞ্চলৰ সমস্যাটো যে সুকীয়া সেই কথাৰ মান্যতা দিছে৷ সেই বাবে ‘কা’ সম্পৰ্কীয় গোচৰত অসম, ত্ৰিপুৰা, উত্তৰ-পূৰ্বাঞ্চলৰ বাবে সুকীয়াকৈ শুনানীৰ সময় নিৰ্দ্ধাৰণৰ ব্যৱস্থা কৰিছে৷ ঐতিহাসিক অসম আন্দোলনৰ পাচত অসম চুক্তি সম্পাদনেৰে অসম আন্দোলনৰ সফল সমাপ্তি ঘটিছিল৷ অসম চুক্তিক সংসদত সকলো ৰাজনৈতিক দলেই আদৰণি জনাইছিল৷ ‘কা’ বিৰুদ্ধে অসম তথা উত্তৰ-পূৰ্বাঞ্চলজুৰি আন্দোলন চলিছে৷ বলপূৰ্বকভাৱে অসম, উত্তৰ-পূৰ্বাঞ্চলত ‘কা’ বলবৎ কৰিলে শান্তিপূৰ্ণ আন্দোলন চলিবই৷ গণতান্ত্ৰিক আন্দোলন আৰু আইনগত যুঁজ সমান্তৰালভাৱে আগবাঢ়িব৷ ছাত্ৰ- ছাত্ৰীৰ শৈক্ষিক দিশত ক্ষতি নোহোৱাকৈ সংগ্ৰাম আগবঢ়োৱা হ’ব৷ কেন্দ্ৰীয় চৰকাৰে কৈছে ইনাৰ লাইন থকা ৰাজ্যত ‘কা’ প্ৰযোজ্য নহয়৷ ষষ্ঠ অনুসূচী থকা অঞ্চলত ‘কা’ প্ৰযোজ্য নহয়৷ ছাত্ৰ সন্থাৰ প্ৰশ্ন হ’ল- ইনাৰ লাইন থকা ৰাজ্য আৰু ষষ্ঠ অনুসূচী এলেকাৰ বাবে যদি ‘কা’ বেয়া তেন্তে ইনাৰ লাইন নথকা, ষষ্ঠ অনুসূচী এলেকাৰ অন্তৰ্ভুক্ত নোহোৱা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বাকীবোৰ ঠাইৰ বাবে ‘কা’ কেনেকৈ ভাল হ’ব? উদাহৰণস্বৰূপে ষষ্ঠ অনুসূচীৰ অধীনৰ অসৰ বি টি আৰ এলেকাত থকা জিলা কোকৰাঝাৰ, চিৰাং, বাগ্‌সা, তামোলপুৰ, ওদালগুৰি আৰু পাৰ্বত্য জিলা কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও জিলাৰ বাবে কা বেয়া কিন্তু অসমৰ আনবোৰ জিলাৰ বাবে কা কেনেকৈ ভাল হ’ব? গৃহমন্ত্ৰীয়ে কৈছে অসম চেক্টৰৰ ভাৰত বাংলাদেশ সীমান্ত ছীল হৈছে৷ চৰাইয়ো সোমাব নোৱাৰে৷ কিন্তু সত্য কথাটো হ’ল যে- ভাৰত বাংলাদেশ সীমান্ত অসম চেক্টৰ আজিও উন্মুক্ত৷ উন্মুক্ত সীমান্তইদি অবৈধ বাংলাদেশীৰ লগতে মৌলবাদী প্ৰবেশ কৰা বুলি চৰকাৰেই স্বীকাৰোক্তি দি আছে৷ অসম চুক্তি সম্পাদনৰ ৩৮ বছৰে ভাৰত বাংলাদেশৰ অসম চেক্টৰৰ ২৬৮ কিঃ মিঃ ছীল কৰিব নোৱাৰাটো কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ এক অক্ষমণীয় অপৰাধ৷ পশ্চিম প্ৰান্তত ভাৰত পাকিস্তান সীমান্ত যদি কেন্দ্ৰীয় চৰকাৰে যুদ্ধকালীনভাৱে ছীল কৰিব পাৰে তেন্তে অসম চেক্টৰৰ ভাৰত বাংলাদেশ সীমান্ত যুদ্ধকালীনভাবে ছীল নকৰে কিয়? 

‘কা’বিৰোধী স্থিতিত অটল কংগ্ৰেছ, জাতীয় পৰিষদ

‘আমাৰ অসম’ৰ ডিব্ৰুগড়ৰ প্ৰতিবেদকঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে শক্তিশালী স্থিতি গ্ৰহণ কৰিব বিৰোধী ঐক্য মঞ্চই৷ কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ আৰু গৃহ ৰাজ্য মন্ত্ৰী অজয় মিশ্ৰৰ ‘কা’ সম্পৰ্কে কৰা মন্তব্যৰ পিছতে আজি জাঙুৰ খাই উঠিছে বিৰোধী ঐক্য মঞ্চৰ নেতৃত্ব৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই কোনো পৰিস্থিতিতে অসমে ‘কা’ মানি নোলোৱাৰ হুংকাৰ দিছে৷ যিকোনো পৰিস্থিতিৰ বিনিময়ত অসমৰ ক্ষেত্ৰত ‘কা’ প্ৰৱৰ্তন কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়ে কংগ্ৰেছ সভাপতি ভূপেন বৰাই৷ অন্যহাতে বিৰোধী উপ-দলপতি ৰকিবুল হুছেইনৰো অনুৰূপ প্ৰতিক্ৰিয়া৷ ‘কা’ৰ বিৰুদ্ধে পূৰ্বৰে পৰা কংগ্ৰেছৰ স্থিতি একেই বুলি মন্তব্য কৰি তেওঁ কয়– ইতিমধ্যে ছুপ্ৰীম কৰ্টত আমাৰ এটা গোচৰ চলি আছে৷ গতিকে আমাৰ স্থিতি অলৰ-অচৰ আৰু অটল৷ বিজেপিয়ে মানুহক দোমোজাত ৰাখিব বিচাৰিছে৷ ‘কা’ৰ সম্পৰ্কত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয়, ‘কা’ গৃহীত কৰাৰ আৰম্ভণিতে বিজেপি চৰকাৰে অহংকাৰপূৰ্ণভাৱে কাম কৰিছিল৷ ‘কা’ আন্দোলনত শ্বহীদ হোৱাৰ লগতে বহু মানুহ ঘূণীয়া হ’ল৷ উত্তৰ-পূৰ্বাঞ্চলৰ আন মানুহে কৈছিল অবৈধ বিদেশী নাগৰিকৰ গভীৰতা ভাৰতৰ আন ৰাজ্যৰ সৈতে নিমিলে৷ আমি ইতিমধ্যে বিদেশীৰ বোজা গ্ৰহণ কৰিছো৷ ধৰ্মৰ ভিত্তিত বিদেশীৰ ভাগ-বটোৱাৰা নহ’ব৷ ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা বিদেশী অসমৰ পৰা যাব লাগিব৷ এই কথা যুক্তিপূৰ্ণ আৰু সাংবিধানিকভাৱে দাঙি ধৰা হৈছিল৷ কিন্তু সংখ্যাৰ বলত বলপূৰ্বকভাৱে লোকসভা-ৰাজ্যসভাত গৃহীত কৰিলে৷ একেটা প্ৰসংগত অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে নাগৰিকত্ব সংশোধনী আইনখন বিজেপিৰ কাৰণে ৰাজনৈতিক অস্ত্ৰ হিচাপে অভিহিত কৰি কয়– ২৪’ৰ নিৰ্বাচনৰ প্ৰাকক্ষণত কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু গৃহ ৰাজ্য মন্ত্ৰীজনৰ মন্তব্যই প্ৰতীয়মান কৰিলে৷ এতিয়া আকৌ সাম্প্ৰদায়িকতা বিয়পিব৷ ‘কা’ আইনখনেই হৈছে ধৰ্মীয় মেৰুকৰণ৷ ব’হাগত কুলীয়ে মাত মতাৰ দৰে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ‘কা’ প্ৰয়োগ কৰাৰ কথা কৈছে৷ জনজাতিকৰণ, ছয় নং দফা, অসম চুক্তি, সীমান্ত ছীল, আলফা সমস্যা সমাধান, বান-গৰাখহনীয়া কোনো এটা বিষয়তে বিজেপিৰ গভীৰতা নাই৷ উল্লেখ্য যে, ডিব্ৰুগড় এইচ এম ৰিজৰ্টত অনুষ্ঠিত হোৱা বৈঠকত নাগৰিকত্ব সংশোধনী আইন সম্পৰ্কে গুৰুত্বসহকাৰে আলোচনা হোৱা বুলি জানিব পৰা গৈছে৷

আন্দোলনৰ হুংকাৰ কৃষক মুক্তিৰ, শিৱসাগৰত প্ৰতিবাদ

‘আমাৰ অসম’ৰ শিৱসাগৰৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ শিৱসাগৰ চহৰৰ মাজমজিয়াৰ দৌল মুখ চাৰিআলিত আজি কৃষক মুক্তি, ছাত্ৰ মুক্তিয়ে ‘কা’ বিৰোধিতা কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰী সকলে অসমত জাতিবিৰোধী ‘কা’ গৃহীত কৰিবলৈ দিয়া নহ’ব, অমিত শ্বাহ হুচিয়াৰ, বদনৰূপী হিমন্ত বিশ্ব শৰ্মা হুচিয়াৰ, হিমন্ত বিশ্ব গ বেক, পঞ্চ শ্বহীদৰ তেজৰ মূল্য আমি পাহৰা নাই, ‘কা’ আমি নামনো আদি শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদ স্থলীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় মুখ্য সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকাই কয় অসমত ‘কা’ গৃহীত কৰিবলৈ দিয়া নহ’ব৷ বদনৰূপী হিমন্ত বিশ্ব শৰ্মাৰ কুটিল চক্ৰান্তৰ বাবেই ৰাজ্যিক গৃহ মন্ত্ৰী অমিত শ্বাহে অহা মাৰ্চ মাহৰ ‘কা’ গৃহীত কৰা হ’ব বুলি কবলৈ সাহস কৰিছে৷ অসমীয়াই ‘কা’ বিৰোধিতা কৰিয়েই পাঁচজনকৈ তেজাল যুৱকক অসম বাসীয়ে হেৰুৱাই থৈছে৷ পাঁচজন তেজাল যুৱকৰ তেজৰ মূল্য কৃষক মুক্তি, ছাত্ৰ মুক্তি আৰু অসমবাসীয়ে পাহৰা নাই৷ জাতিবিৰোধী ‘কা’ গৃহীত কৰাৰ চেষ্টা কৰিলে হাজাৰজন অসমীয়া বুকু পাতি দিবলৈ, হাজাৰজন অসমীয়া জেইলত যাবলৈ সাজু হৈ আছোঁ৷ বিজেপি চৰকাৰে এজনো বিদেশী অসমলৈ অহা নাই বুলি জনসাধাৰণক আভুৱা ভাৰি ‘কা’ৰ জৰিয়তে লাখ লাখ বিদেশীক ৰঙা দলিছা পাৰি বিজেপি চৰকাৰখন চিৰযুগমীয়া কৰাৰ কৌশল ৰচনা কৰিছে৷ অহা নিৰ্বাচনত বিজেপি চৰকাৰ আৰু বদনৰূপী হিমন্ত বিশ্ব শৰ্মাক গাদীৰ পৰা অসমীয়াই নমাই অনা হ’ব৷ অসমীয়া জাতিৰ ইতিহাসত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এজন কুলঙ্গাৰ মুখ্যমন্ত্ৰী হিচাপে চিহ্নিত হৈ ৰ’ব৷ আগন্তুক দিনত জাতিবিৰোধী ‘কা’ বাতিলৰ দাবীত ঐতিহাসিক শিৱসাগৰ দৌলমুখ চাৰিআলিৰ পৰা আৰম্ভ হোৱা সংগ্ৰামখন গাওঁৱে নগৰে জনতাক একত্ৰিত কৰি প্ৰতিবাদ সাব্যস্ত কৰা হ’ব৷ চৰকাৰৰ কথামতে উঠাবহা কৰা এচামক কোনো কাৰণতে ৰাজপথৰ সংগ্ৰাম খনক খেল পথাৰলৈ নিবলৈ দিয়া নহ’ব৷ অসমৰ জনতাক পুনৰ ৰাজপথলৈ ওলাই বিজেপি চৰকাৰৰ কুটিল ষড়যন্ত্ৰৰ বিৰুদ্ধে ‘কা’ বিৰোধিতা কৰিবলৈ তেওঁ আহ্বান জনায়৷ প্ৰতিবাদ স্থলীত কৃষক মুক্তি শিৱসাগৰ জিলাৰ উপসভাপতি উমেছ চুলাধৰা, ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতি মঞ্জিত ভূঞা, সহ সাধাৰণ সম্পাদক চান্দ্বীপ গগৈ, সাংগঠনিক সম্পাদক ৰাহুল গগৈ উপস্থিত থাকি জাতিবিৰোধী ‘কা’ গৃহীত কৰিবলৈ নিদিয়াৰ হুংকাৰ দিয়ে৷ ইফালে, অমিত শ্বাহৰ বক্তব্যৰ তীব্ৰ বিৰোধিতা কৰি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সভাপতি ৰাজু বৰা, দেৱেন শৰ্মা, সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, বিতু সোণোৱালে স্পষ্ট কৰি কয় যে, ‘কা’ আমি কেতিয়াও নামানো, অমিত শ্বাহৰ ৰঙা চকুলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেৰেপ নকৰে৷ আমি অসমীয়াই ২০১৯ চনৰ পৰা ‘কেব’ৰ [পৰৱৰ্তী সময়ত ‘কা’] বিৰুদ্ধে সৰ্বশক্তি প্ৰয়োগ কৰি যুঁজ কৰি আহিছো৷ ‘কেব’ আন্দোলনৰ ভৰপক সময়ত সৃষ্টি হোৱা অনিয়ন্ত্ৰিত পৰিস্থিতিৰ পৰাও বিজেপি চৰকাৰখনে শিক্ষা নলৈ পুনৰ সদম্ভে ঘোষণা কৰিছে যে নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰা হ’ব৷ পাঁচজনকৈ শ্বহীদবৰণ হ’ল, ৰাইজে প্ৰতিবাদেৰে সৃষ্টি কৰা অৰাজক পৰিস্থিতি দেখিলে৷ প্ৰয়োজনত ইয়াতকৈও শীৰ্ষত গৈ প্ৰতিবাদ হ’ব, আমি জীৱন দিম তথাপি ‘কা’ মানি নহওঁ৷ এনআৰচিত আবেদন কৰা, নকৰা মিলাই প্ৰায় ১৭ লাখ হিন্দু বঙালীয়ে আইন বলবৎ কৰাৰ তাৎক্ষণিকভাৱে নাগৰিকত্ব লাভ কৰিব৷ বাংলাদেশৰ পৰিসংখ্যা বিভাগে ইতিমধ্যেই প্ৰকাশ কৰিছে যে এক কোটি তেসত্তৰ লাখ হিন্দু বাংলাদেশী দেশখনত আছে৷ ‘কা’ আইন বলবৎ হোৱাৰ পাছত এইসকল অহাৰ বাট প্ৰশস্ত হ’ব৷ পশ্চিমবংগ চৰকাৰে ইতিমধ্যেই ‘কা’ আইন মানি নলওঁ বুলি ঘোষণা কৰি থৈছে৷ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ অৱস্থা আমি সকলোৱে জানোৱে৷ বাকী থাকিল অসম৷ ১৭ লাখ ইতিমধ্যেই আছে, তাৰোপৰি এইখন আইন বলবৎ হোৱাৰ পাছত বাংলাদেশৰ হিন্দু বাংলাদেশীৰ সমস্ত বোজা চিৰকাললৈ বব লাগিব অসমে৷ য’ত অসমৰ ভাষা, সংস্কৃতি, পৰিচয় সকলো কাললৈ জাহ যাব আৰু এদিন ‘অসমীয়া’ বুলি আমাৰ পৰিচয় ইতিহাসৰ পাততহে কেৱল বাকী ৰ’বগৈ৷