Logo
image

কেবিনেটৰ সিদ্ধান্তঃ সপ্তমৰ পৰা দ্বাদশ শ্ৰেণীলৈকে চৰকাৰী বিদ্যালয়ত পঢ়া শিক্ষাৰ্থীৰ বাবে অভিযান্ত্ৰিক আৰু চিকিৎসা মহাবিদ্যালয়ত ৫ শতাংশ আসন সংৰক্ষণ

ডিজিটেল সংবাদ, তিনিচুকীয়াঃ সপ্তম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ৫ শতাংশকৈ আসন অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয়ত সংৰক্ষণৰ বাবে শুকুৰবাৰে তিনিচুকীয়াত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ তিনিচুকীয়াৰ বাইপাছস্থিত কনভেনচন চেণ্টাৰত অনুষ্ঠিত কেবিনেট বৈঠকৰ অন্তত এক সংবাদমেলত এইকথা সদৰি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৷ 

মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰি গৈছে ৷ কিন্তু ইয়াৰ পৰা দৰিদ্ৰ পৰিয়ালৰ ল’ৰা-ছোৱালী কিমান উপকৃত হৈছে, তেনে এক চিন্তা সদায় মনলৈ আহি থাকে ৷ দৰিদ্ৰ পৰিয়াল বুলি ক’লে সাধাৰণতে মনলৈ আহে চৰকাৰী শিক্ষানুষ্ঠানবোৰ ৷ গতিকে এই ছাত্ৰ-ছাত্ৰীসকল যাতে উপকৃত হ’ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে সপ্তম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ৫ শতাংশকৈ আসন অভিযান্ত্ৰিক মহাবিদ্যালয় আৰু চিকিৎসা মহাবিদ্যালয়ত সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ 

ৰাজ্য চৰকাৰে উদ্যোগীকৰণৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব প্ৰদান কৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয় সংবাদমেলত কয় যে আজিৰ কেবিনেট বৈঠকত ৪৩৮ কোটি টকা বিনিয়োগেৰে ৰাজ্যত তিনিটা নতুন প্ৰকল্পত অনুমোদন জনায় ৷ সেই অনুসৰি ৰাজ্যৰ উদ্যোগীক নীতিৰ অধীনত কাজিৰঙাত টাটা গ্ৰুপে এখন তাজ হোটেল, গুৱাহাটীত ৰেডিচন গ্ৰুপৰ এখন নতুন হোটেল আৰু বঙাইগাঁৱত ভাগ্যশ্ৰী উদ্যোগে বাঁহৰ ক্ৰেছ বেৰিয়াৰ নিৰ্মাণৰ উদ্যোগ স্থাপন কৰিব আৰু ইয়াৰ ফলত ১,৪০০ নতুন সংস্থাপনৰ বাট মুকলি হ’ব ৷ আজিৰ কেবিনেট বৈঠকে ৰাজ্যত কৰ্পৰেট ছ’চিয়েল ৰেচপনছিবিলিটি অথৰিটি স্থাপনৰ সিদ্ধান্ত লয় ৷ মুখ্যমন্ত্ৰীয়ে কয় যে সমগ্ৰ দেশত কোম্পানীসমূহে ২৫,০০০ কোটিৰ চি এছ আৰ আগবঢ়াই ৷ অসমে লাভ কৰে মাত্ৰ ৩৫০ কোটি ৷ কাৰণ আজিলৈকে অসমত কোনো অথৰিটি নাছিল যি সংগবদ্ধভাৱে অসমত চি এছ আৰ বিনিয়োগৰ বাবে কোম্পানীসমূহক প্ৰস্তাৱ দিব পাৰে ৷ গতিকে অসমত চি এছ আৰ বিনিয়োগ বৃদ্ধিৰ বাবে এজন ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়াক মুখ্য কাৰ্যবাহী বিষয়াৰূপে লৈ আজি প্ৰথমবাৰৰ বাবে কৰ্পৰেট ছ’চিয়েল ৰেচপনছিবিলিটি অথৰিটি স্থাপনৰ সিদ্ধান্ত লোৱা হয় ৷ অসম টি কৰ্পৰেশ্যনৰ বাগিচাসমূহৰ বহুকেইখন চৰকাৰে লীজত দিছে যদিও শ্ৰমিকসকলৰ পুৰণি দেনাপাওনাৰ দায়িত্ব ৰাজ্য চৰকাৰে সদায় গ্ৰহণ কৰিব বুলি প্ৰতিশ্ৰুতি দিছিল ৷ সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰি আজি কেবিনেটে অসম টি কৰ্পৰেশ্যনৰ ভৱিষ্যনিধিলৈ ১০০ কোটিৰ অনুমোদন আগবঢ়াইছে ৷ এই ধনৰাশি দিয়াৰ পাছত পুৰণা দেনাপাওনা হিচাপে আৰু ১০০ কোটি থাকি যাব আৰু তাক চৰকাৰে অহাবছৰ পূৰণ কৰাৰ বাবে চেষ্টা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয় ৷ 

আদালতত থকা পিপি, এপিপিসকলক ৰাজ্য চৰকাৰে স্থায়ীভাৱে নিযুক্তি দিয়াৰ সিদ্ধান্ত লৈছে ৷ সেইক্ষেত্ৰত ৰাজ্যৰ অধিবক্তাসকলে বিচৰা অনুসৰি পুৰণা অধিবক্তাসকলেও আবেদন কৰাৰ যাতে সুযোগ লাভ কৰে তাৰ প্ৰতি লক্ষ্য ৰাখি বয়সৰ উচ্চ সীমা ৫ বছৰ বৃদ্ধি কৰা হৈছে ৷ গতিকে সাধাৰণ শ্ৰেণীৰ বাবে বয়সৰ উৰ্ধসীমা ৪৫ বছৰলৈ আৰু অনুসূচীত জাতি/জনজাতিৰ বাবে বয়সৰ উৰ্ধসীমা ৫০ বছৰলৈ বৃদ্ধি পাব ৷ উত্তৰ গুৱাহাটীত চাৰ্টাৰ্ড একাউণ্টছ অব ইণ্ডিয়া নামৰ এটা অনুষ্ঠানে শিক্ষানুষ্ঠান পাতিব বিচাৰে আৰু তাৰবাবে মাটি আবণ্টন দিয়াৰ বাবে আজি কেবিনেটে সিদ্ধান্ত লয় ৷ মাটিৰ বাবে থকা অসংখ্য নামৰ পৰিৱৰ্তে সকলো সামৰি পাঁচটা বৰ্গত বিভক্ত কৰাৰ বাবে কেবিনেটত সিদ্ধান্ত লোৱা হয় ৷ মিছন বসুন্ধৰাৰ অধীনত পুনৰ ৪,৪৪৪ ব্যক্তিক মাটিৰ পট্টা দিয়াৰ বাবে অনুমোদন জনোৱা হয় ৷ মিছন বসুন্ধৰা দ্বিতীয়ৰ অধীনত এতিয়ালৈকে ২ লাখ ১০ হাজাৰ ব্যক্তিয়ে পট্টা পাইছে আৰু এই শৃংখলাৰ লগত আজি পুনৰ ৪,৪৪৪ ব্যক্তি যোগ হয় ৷ ৩১ ডিচেম্বৰত মিছন বসুন্ধৰা-দ্বিতীয়ৰ সামৰণি হ’ব আৰু তৃতীয় আৰম্ভ কৰাৰ আগলৈকে ২ লাখ ২০/২৫ হাজাৰ লোকক পট্টা দিব পৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে ৷ তেওঁ কয় যে তিনিচুকীয়া জিলাত সৰ্বাধিকে মাটিৰ পট্টা লাভ কৰিছে ৷ আজিৰ কেবিনেটে চতুৰ্থ বৰ্গৰ অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীক ৰেচন কাৰ্ড প্ৰদানৰ সিদ্ধান্ত লয় ৷ তিনিচুকীয়াৰ কনভেনচন চেণ্টাৰত আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকে তিনিচুকীয়াৰ উন্নয়নৰ বাবে কেতবোৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ সেই অনুসৰি চহৰখনৰ থানা চাৰিআলিত এটা মাল্টিলেভেল কাৰ পাৰ্কিং, বাইপাছত এটা বাছ টাৰ্মিনাছ, এটা ট্ৰাক টাৰ্মিনেল আৰু নৱনিৰ্মীত তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়লৈ যোৱাৰ পথত এখন উৰনীয়া সেতু নিৰ্মাণৰ বাবে আজিৰ কেবিনেটে অনুমোদন জনায় ৷ ইয়াৰ উপৰি তিনিচুকীয়াৰ নপুখুৰী পাৰ্কৰ উন্নয়নৰ বাবে ১০ কোটি আৰু বৰদলৈ নগৰ পাৰ্কৰ উন্নয়নৰ বাবে ২ কোটি টকাৰ কেবিনেটে অনুমোদন দিয়ে ৷ 

আনহাতে চহৰখনৰ ৰঙাগড়া পথ আৰু ফ’ৰলেন ক্ৰছিঙৰ মাজত এটা আন্দাপাছ বনোৱাৰ কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ৷ চাবুৱা সমষ্টিৰ কৰ্ট তিনিআলিৰ পৰা আয়ুক্তৰ কাৰ্যালয় হৈ গুৰু টেগ বাহাদুৰ পৰ্যন্ত পথছোৱা ৰাইজৰ সুবিধাৰ্থে নলাৰ সৈতে সুন্দৰভাৱে নিৰ্মাণৰ সিদ্ধান্ত লোৱা হয় ৷ ডুমডুমা মহাবিদ্যালয়ৰ বাবে প্ৰায় ১২ কোটি ব্যয় সাপেক্ষে এক ইন্দ’ৰ ষ্টেডিয়াম, ডুমডুমা চহৰত প্ৰায় ১২ কোটি ব্যয় সাপেক্ষে আন এখন ইন্দ’ৰ ষ্টেডিয়াম, ডুমডুমা নদীৰ ওপৰত এখন আৰচিচ দলং আৰু ডুমডুমা নগৰত এখন উৰনীয়া সেতু নিৰ্মাণৰ বাবে আজি কেবিনেটত সিদ্ধান্ত লোৱা হয় ৷ আনহাতে মাৰ্ঘেৰিটাৰ পৰা চাংলাং গেটলৈকে পথছোৱা, মাৰ্ঘেৰিটাৰ পৰা নামটক গেটলৈকে পথছোৱা নিৰ্মাণৰ লগতে জাগুন কঠাচেমাৰ পৰা টেকেৰী ব্ৰহ্মজান গাঁৱলৈকে বুঢ়ীদিহিং নদীৰ ওপৰত দলং নিৰ্মাণত আজি কেবিনেটে অনুমোদন জনায় ৷ ডিগবৈত ছুইমিং পুলৰ সৈতে এটা ইন্দ’ৰ ষ্টেডিয়াম, ডিগবৈ চাৰিআলিৰ পৰা বৰবিল পৰ্যন্ত দুই কিলোমিটাৰ পথছোৱা নৰ্দমাসহ উন্নয়ন আৰু এটা মাষ্টৰ প্লেনৰ অধীনত মাকুমৰ নলা-নৰ্দমা নিৰ্মাণত আজি কেবিনেটে অনুমোদন জনায় ৷ আনহাতে শদিয়াৰ ড° ভূপেন হাজৰিকা সেতুৰ কাষতে প্ৰায় ৬/৭ কোটি টকা ব্যয় সাপেক্ষে সুধাকণ্ঠৰ এটা প্ৰতিমূৰ্ত্তি পাৰ্কৰ সৈতে নিৰ্মাণ কৰা, চাপাখোৱা আৰু কাকপথাৰত ষ্টেডিয়াম নিৰ্মাণ, বুঢ়াবুঢ়ী থানৰ উন্নয়নৰ বাবে ৫ কোটি অতিৰিক্তভাৱে দিয়াৰ বাবে কেবিনেট বৈঠকত সিদ্ধান্ত লোৱা হয় ৷ ইয়াৰ উপৰি প্ৰায় ৫০ কোটি ব্যয় সাপেক্ষে অমৰপুৰত বিদ্যুত যোগানৰ বাবে আজিৰ কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ তিনিচুকীয়াৰ জিলা ক্ৰিয়া সন্থাৰ খেলপথাৰৰ উন্নয়নৰ বাবে ৫০ কোটি অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত কেবিনেটত লোৱা হয় ৷ আগন্তুক ২০২৬ চনৰ পূৰ্বে এই সকলো সিদ্ধান্ত কাৰ্যকৰী হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কয় ৷