Logo
image

ফাঁচীবজাৰ স্থানান্তৰ, উঃ গুৱাহাটীত ২৫০ বিঘা মাটি বিচাৰিছে কতৃৰ্পক্ষই

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২ ডিচেম্বৰঃ উত্তৰ-পূবৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ গুৱাহাটীৰ ফাঁচীবজাৰক স্থানান্তৰকৰণৰ সন্দৰ্ভত অৱশেষত মুখ খুলিছে গুৱাহাটী মহানগৰ উন্নয়ন কতৃৰ্পক্ষই৷ মহানগৰীৰ যানজঁট সমস্যাৰ দোহাই দি চৰকাৰে ফাঁচী বজাৰৰ পাইকাৰী বজাৰক মুখ্যমন্ত্ৰীৰ নিজৰ সমষ্টিৰ উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ সন্দৰ্ভত ‘আমাৰ অসম’ত প্ৰকাশিত বাতৰিৰ সত্যতা স্বীকাৰ কৰিছে জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাই৷ ফাঁচী বজাৰক স্থানান্তৰৰ বাবে ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা উত্তৰ গুৱাহাটীত ২৫০ বিঘাৰ ভূমিৰ সন্ধান চলাইছে৷ লক্ষণীয়ভাৱে উত্তৰ-পূৰ্বাঞ্চলৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰস্বৰূপ ফাঁচী বজাৰৰ পাইকাৰী বজাৰখন স্থানান্তৰৰ কথা ৰাজহুৱা হোৱাৰ পাছতেই ফাঁচী বজাৰত বছৰ বছৰ ধৰি ব্যৱসায় কৰি অহা ব্যৱসায়ীসকলক শংকিত হৈ পৰা দেখা গৈছিল৷ অধিকাংশ ফাঁচী বজাৰৰ ব্যৱসায়ীয়ে চৰকাৰৰ এই পৰিকল্পনাৰ বিৰোধিতাও কৰিছিল৷ অৱশ্যে ব্যৱসায়ীসকলৰ উৎকণ্ঠাৰ মাজতে শুকুৰবাৰে জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকাই এখন সংবাদমেল সম্বোধন কৰি চৰকাৰৰ স্থিতি স্পষ্ট কৰিছে৷ ফাঁচী বজাৰ স্থানান্তৰ সম্পৰ্কে অধ্যক্ষ ডেকাই এই সন্দৰ্ভত কয় যে ফাঁচী বজাৰৰ পৰা গেলামালৰ পাইকাৰী বজাৰ স্থানান্তৰ কৰাৰ পৰিকল্পনা কৰা হৈছে৷ গুৱাহাটীৰ যান-জঁট আৰু বৰ্ধিত জনসংখ্যাৰ প্ৰতি লক্ষ্য ৰাখিহে পাইকাৰী বজাৰখন স্থানান্তৰিত কৰাৰ চিন্তা চৰ্চা কৰা হৈছে৷ বজাৰখন স্থানান্তৰ কৰাৰ বাবে মাটি বিচাৰি থকা হৈছে৷ তেওঁ লগতে কয় যে ফাঁচী বজাৰৰ বিকল্প বজাৰ স্থাপন কৰাৰ কথা চিন্তা কৰা হৈছে৷ এই লৈ চৰকাৰৰ আলাপ আলোচনা চলি আছে৷ সকলোৰে সহায় হ’লেহে এই বজাৰখন স্থানান্তৰিত কৰিব পৰা হ’ব৷ বজাৰখনৰ বাবে উত্তৰ গুৱাহাটী আৰু চাংসাৰিত ১৫০ ৰ পৰা ২৫০ বিঘা মাটি বিচাৰি থকা হৈছে৷ বহিঃৰাজ্যৰ পৰা গুৱাহাটীলৈ আমদানি কৰা খাদ্য সামগ্ৰী ট্ৰাকেৰে গোৱালপাৰা, চাংসাৰি, আমিনগাঁও হৈ মহানগৰীলৈ পৰিবহণ কৰাৰ পৰিপ্ৰেক্ষিততে উত্তৰ-গুৱাহাটী বা চাংসাৰিৰ আশে পাশে পাইকাৰী বজাৰখন স্থাপনৰ পৰিকল্পনা কৰা হৈছে৷ ভৰলু আৰু উত্তৰ গুৱাহাটী সংযোগী ব্ৰহ্মপুত্ৰৰ ওপৰত দলংখনৰ নিৰ্মাণ সম্পূৰ্ণ হ’লেই উত্তৰ গুৱাহাটীলৈ যাতায়ত সূচল হৈ পৰাৰ প্ৰতি লক্ষ্য ৰাখি ফাঁচী বজাৰক ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে অৰ্থাৎ উত্তৰ গুৱাহাটীলৈ স্থানান্তৰৰ বিশেষ গুৰুত্ব আৰোপ কৰিছে চৰকাৰে৷ অৱশ্যে ফাঁচীবজাৰক স্থানান্তৰকৰণৰ বাতৰি প্ৰকাশৰ পাছতেই অতি কাকতালীয়ভাৱে উত্তৰ-গুৱাহাটীত এতিয়া মাটিৰ দালালৰ ভিৰ বৃদ্ধি পোৱাৰ লগতে মাটিৰ দামো অভাৱনীয়ভাৱে বৃদ্ধি পোৱা বুলি চৰ্চা লাভ কৰিছে৷