Logo
image

গাজাত ইজৰাইলৰ নিৰ্বিচাৰ আক্ৰমণ, ৭০ নাগৰিক নিহত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন,২ ডিচেম্বৰঃ সাতদিনীয়া যুদ্ধবিৰতি সমাপ্ত হোৱাৰ লগে লগে শুকুৰবাৰে পুৱাই ইজৰাইলে পুনৰ পেলেষ্টাইনী ভূমিখণ্ড গাজাত প্ৰৱল বিমান আক্ৰমণ আৰম্ভ কৰিছে৷ পুৱা ৭ বজাৰ পৰাই আৰম্ভ হোৱা বোমা বৰ্ষণত গাজাত কমেও ৭০ জন অসামৰিক লোক নিহত হৈছে৷ ইয়াৰ ভিতৰত অঝৌম নামে ঠাইত সৰ্বাধিক ৫৪ জন নিহত হৈছে৷ ইজৰাইলী যুদ্ধ বিমানে জাবেলিয়া, নুছেইৰাত, বুৰেইজি শৰণাৰ্থী শিবিৰত নিৰ্বিচাৰে বোমা বৰ্ষণ কৰিছে আৰু তাৰ ফলত কমেও ১০জন পেলেষ্টাইনী শৰণাৰ্থীৰ মৃত্যু হৈছে৷ ইজৰাইলে হামাছেহে প্ৰথমে যুদ্ধবিৰতি উলংঘা কৰা  বুলি দাবী কৰি প্ৰৱল আক্ৰমণ আৰম্ভ কৰিছে৷ উল্লেখ্য যোৱা ২৪ নৱেম্বৰত কাটাৰৰ মধ্যস্থতাত চাৰিদিনৰ বাবে ইজৰাইল-হামাছৰ মাজত যুদ্ধবিৰতি হৈছিল৷ পৰৱৰ্তী সময়ত কাটাৰৰ আপ্ৰাণ চেষ্টাত যুদ্ধবিৰতিৰ ম্যাদ আৰু তিনিদিন বৃদ্ধি হ’ল৷ শুকুৰবাৰে পুৱাই   হামাছে ইজৰাইলৰ একাধিক স্থানলৈ ৰকেট নিক্ষেপ কৰাত কালবিলম্ব নকৰি ইজৰাইলে গাজাৰ বিভিন্ন স্থানত বিমানেৰে বোমাবৰ্ষণ আৰম্ভ কৰে আৰু গাজাত থকা ইজৰাইলী সেনাবাহিনীয়ে আৰ্টিলেৰীৰে প্ৰৱল আক্ৰমণ চলায়৷ হামাছে কয় যে, তেওঁলোকে ভুলবশতঃ ইজৰাইললৈ ৰকেট নিক্ষেপ কৰিছিল৷ ইজৰাইলৰ মতে ৰকেট নিক্ষেপৰ সংকেত পোৱাৰ লগে লগে তেওঁলোকে ক্ষেপণাস্ত্ৰ প্ৰতিৰোধী ব্যৱস্থা ‘আইৰণ ডোম’ৰ সহায়ত সকলো ৰকেট নিষ্ক্ৰিয় কৰে৷ ইপিনে জেৰুজালেমত দুজন হামাছ যোদ্ধাই চহৰৰ প্ৰৱেশদ্বাৰতে নিৰ্বিচাৰ গুলীচালনা কৰাত চাৰিজন লোক নিহত আৰু পাঁচজন আহত হৈছে৷ ‘আল জাজিৰা’ই প্ৰকাশ কৰা বাতৰি মতে দুয়োজন হামাছ যোদ্ধা এখন গাড়ীৰে পুনৰ গাজাৰ যুদ্ধক্ষেত্ৰত যোগদান কৰিবলৈ আহিছিল৷ তেওঁলোকক জেৰুজালেমৰ চহৰৰ প্ৰৱেশ পথত কোনো লোকে বাধা দিয়াত দুয়ো গুলীচালনা কৰে৷ তেতিয়া এজন সশস্ত্ৰ অসামৰিক ব্যক্তি আৰু কৰ্তব্যত নথকা দুজন সেনাজোৱানে গুলীৰে প্ৰত্যুত্তৰ দিয়ে৷ ইজৰাইলে দাবী কৰা মতে গুলীচালনাত দুই হামাছ যোদ্ধা নিহত হৈছে আৰু ইজৰাইলৰ সেনাৰ দুই জোৱানৰো মৃত্যু হৈছে৷ 

বিগত সাতদিনৰ যুদ্ধবিৰতিত হামাছে পণবন্দী কৰি অনা ১১০জনক মুকলি কৰি দিয়ে৷ ইয়াৰে ৮১ জন ইজৰাইলী, ২৩ জন থাই আৰু বাকীকেইজন ভিন ভিন দেশৰ নাগৰিক৷ এতিয়াও হামাছৰ হাতত ১৩৭জন পণবন্দী আছে৷ তাৰে ১১৫ জন পুৰুষ, ২০ গৰাকী মহিলা আৰু দুটা শিশু৷ পণবন্দী ১২৬ জন ইজৰাইলী, ৮ জন থাই আৰু বাকীকেইজন ভিন ভিন দেশৰ নাগৰিক৷ পণবন্দী হৈ থকা ১০ জনৰ বয়স ৭৫ বছৰৰ অধিক৷ ইপিনে যুদ্ধবিৰতিত ইজৰাইলে তেওঁলোকৰ কাৰাগাৰত বন্দী হৈ থকা ৩৫০ জন পেলেষ্টাইনীৰ তালিকা বনালেও ২৪০ জনকহে মুক্তি দিয়ে৷ অৱশ্যে একে সময়তে ইজৰাইলে পেলেষ্টাইনৰ ৱেষ্টবেংকৰ পৰা সমসংখ্যক পেলেষ্টাইনীক বন্দী কৰি নি পুনৰ  কাৰাগাৰত ভৰায়৷