Logo
image

২১ বিষয়া নিলম্বিত, কেইজনমান অভিযুক্তক লৈ ৰহস্যময় স্থিতি

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২ ডিচেম্বৰঃ বহু জল্পনা কল্পনাৰ অন্তত অৱশেষত এপিএছচি কেলেংকাৰিত নাম সাঙোৰ খাই পৰা ২১ ৰাজপত্ৰিত বিষয়াক চাকৰিৰ পৰা নিলম্বন কৰিলে ৰাজ্য চৰকাৰে৷ এপিএছচি কেলেংকাৰিৰ গোচৰত কলংকমুক্ত হোৱাৰ দিশে অসম চৰকাৰে এখোজ আগবঢ়ালে যদিও চৰকাৰৰ ৰহস্যজনক স্থিতিক লৈ সন্দেহ ব্যক্ত কৰিছে ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচিয়ে৷ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে প্ৰতিবেদন দাখিলৰ প্ৰায় ডেৰ বছৰৰ পাছত চৰকাৰে এপিএছচিত বক্ৰ পথেৰে চাকৰি লোৱা ৩ জন বিষয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে ২১ জনক নিলম্বন কৰিছে৷ বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে ৪ জন এচিএছ বিষয়া, ১১ জন এপিএছ বিষয়া আৰু ৬ জন সংলগ্ন সেৱাৰ বিষয়াক তাৎক্ষণিকভাৱে কাৰ্যকৰী  হোৱাকৈ চাকৰিৰ পৰা নিলম্বন কৰে৷ পাৰ্চনেল বিভাগে নিলম্বন কৰা এচিএছ বিষয়া কেইজন হৈছে ক্ৰমে–দক্ষিণ শালমাৰাৰ এডিচি হিতেশ মজুমদাৰ, যোৰহাটৰ এডিচি আকাশী দুৱৰা, সাংস্কৃতিক বিভাগৰ উপ-সচিব ধ্ৰুৱজ্যোতি হাতীবৰুৱা আৰু নিৰ্বাচন বিভাগৰ উপ-সচিবৰ দায়িত্বত থকা ধীৰাজ কুমাৰ জৈন৷ আনহাতে গৃহ বিভাগে নিলম্বন কৰা এপিএছ বিষয়া কেইজনৰ ভিতৰত আছে হাইলাকান্দিৰ কাটলিচেৰাৰ ২১ নং বেটেলিয়নৰ ডি এছ পি দীপাংকৰ দত্ত লহকৰ, বঙাইগাঁৱৰ এএছপি [অপৰাধ] নিতুমণি দাস, অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ এএছপি ৰুমীৰ তিমুংপী, দক্ষিণ শালমাৰাৰ এএছপি ফাৰুক আহমেদ, কাছাৰৰ এএছপি [অপৰাধ] কল্যাণ কুমাৰ দাস, মুখ্যমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত থকা এএছপি কুলপ্ৰদীপ ভট্টাচাৰ্য, কাহিলীপাৰাৰ বিশেষ শাখাৰ ডিএছপি নীলাঞ্জল গগৈ, গুৱাহাটী আৰক্ষী আয়ুক্তালয় [মধ্যম জিলা] এডিচিপি নন্দিনী কাকতি, ডিমা হাচাওৰ এএছপি অনলজ্যোতি দাস, যোৰহাটৰ এএছপি [অপৰাধ] শ্বাহজাহান সৰকাৰ আৰু ওদালগুৰিৰ এএছপি ঐশ্বৰ্য জীৱন বৰুৱা৷ লক্ষণীয়ভাৱে নিলম্বিত আৰক্ষী বিষয়া ঐশ্বৰ্য জীৱন বৰুৱা আৰু শ্বাহজাহান সৰকাৰ বৰ্তমান গ্ৰেপ্তাৰ হৈ গুৱাহাটী কেন্দ্ৰীয় কাৰাগৰত আছে৷ আনহাতে নিলম্বন কৰা সংলগ্ন সেৱাৰ বিষয়া কেইজন হৈছে ক্ৰমে নলবাৰীৰ নিয়োগ বিষয়া গীতাৰ্থ বৰুৱা, লখিমপুৰৰ নিয়োগ বিষয়া বিচিত্ৰ গোপাল নাথ, গুৱাহাটীৰ নিয়োগ বিষয়া ৰাকেশ দাস, আবকাৰী পৰিদৰ্শক সৌৰভ প্ৰাণ শৰ্মা, সহকাৰী সমবায় পঞ্জীয়ক বিকাশ শৰ্মা আৰু চক্ৰধৰ ডেকা৷ লক্ষণীয়ভাৱে নিলম্বিত বিষয়াসকলৰ বিৰুদ্ধে ন্যায়িক আয়োগে প্ৰতিবেদন দাখিল কৰাৰ লগতে ৰাকেশ পালৰ আমোলত জালিয়াতি আৰু ধন বিনিময়ত বাছনি লাভ কৰা বুলিও নিৰ্দেশনাত উল্লেখ কৰা দেখা গৈছে৷ অৱশ্যে নিলম্বন কৰা ২০জন বিষয়াকে ইতিপূৰ্বে বি কে শৰ্মাৰ ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰিছে যদিও লখিমপুৰৰ নিয়োগ বিষয়া বিচিত্ৰ গোপাল নাথৰ জালিয়াতি প্ৰথমবাৰলৈ এছ আই টিয়ে ধৰা পেলাইছে৷ অৱশ্যে ন্যায়িক আয়োগে উত্তৰ বহী আৰু টেবুলেশ্বন শ্বীট জালিয়াতিৰে কুখ্যাত ৰাকেশ পালৰ বাছনি লাভ কৰা ৩৭ জনক কৰিলেও এতিয়া ইয়াৰে মাত্ৰ ২০ জনৰ বিৰুদ্ধেহে প্ৰাথমিক ব্যৱস্থা লোৱাত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচি নামৰ সংগঠনটোৱে৷ একেটা অপৰাধত কাৰোবাক গ্ৰেপ্তাৰ, কাৰোবাক নিলম্বন আৰু আন কাৰোবাক ৰেহাই কিয় বুলিও প্ৰশ্ন কৰিছে সংগঠনটোৱে৷ এই সন্দৰ্ভত ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচিৰ প্ৰশাসক মানস প্ৰতীম বৰুৱাই সংবাদ মাধ্যমৰ আগত কয়–২০২২ চনৰ ২ এপ্ৰিলতে ন্যায়াধীশ বি কে শৰ্মাৰ আয়োগে ২০১৩ বৰ্ষৰ ৩৭ জন বিষয়াক অভিযুক্ত কৰি চৰকাৰক প্ৰতিবেদন দাখিল কৰিছিল৷ কিন্তু বিগত ডেৰ বছৰে এইসকল অভিযুক্ত বিষয়াৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ পৰিৱৰ্তে পদোন্নতিহে দিলে৷ এতিয়া এছ আই টিৰ তদন্তত আয়োগে অভিযুক্ত কৰাসকলৰ জালিয়াতি পুনৰবাৰ স্পষ্ট হোৱাত ইতিমধ্যে ৩ জন বিষয়াক গ্ৰেপ্তাৰ কৰিছে আৰু ধৃত ৩ বিষয়াকে ধৰি ২১ জনক নিলম্বন কৰাৰ খবৰ লাভ কৰিছো৷ কিন্তু আমাৰ সন্দেহ হৈছে এই অপৰাধৰ তদন্তৰ নামত কাৰোবাক আইনী সুৰক্ষা দিব বিচাৰিছে নেকি? কিয়নো নিলম্বনৰ চৰকাৰৰ নিৰ্দেশনাৰ তালিকাত ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰা এপিএছ সুকন্যা দাস, নৱনীতা শৰ্মাৰ দৰে বিষয়াৰ নাম নাই৷ ৬ খন উত্তৰ বহীৰ ঠাইত ৮ খন উত্তৰ বহী লাভ কৰাৰ পাছতো সুকন্যা দাসক নিলম্বন কৰা নহ’ল কিয়? এএছপি নৱনীতা শৰ্মাক মুখ্যমন্ত্ৰীৰ আশে পাশে থকা লোকৰ লগত ঘনিষ্ঠ সম্পৰ্ক থকাৰ বাবেই সুৰক্ষা দিব বিচাৰিছে নেকি? অভিযুক্তৰ সৈতে সু-সম্পৰ্ক কথা সকলে তদন্তত প্ৰভাৱাম্বিত কৰাৰ চেষ্টা কৰা বুলিও আমাৰ সন্দেহ হয়৷ সেয়েহে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল বচন মতা চৰকাৰলৈ আমাৰ স্পষ্ট সকীয়নি একে অপৰাধত কাৰোবাক গ্ৰেপ্তাৰ, কাৰোবাক নিলম্বন আৰু কাৰোবাক আইনী সুৰক্ষা দিলে নহ’ব৷

জেৰাৰ বাবে হাজিৰ নহ’ল দুই বিষয়া

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত ২১ জন ৰাজপত্ৰিত বিষয়াক নিলম্বন কৰিলেও এপিএছচি কেলেংকাৰিৰ সন্দৰ্ভত ইতিমধ্যে এছআইটিয়ে চৰকাৰক দাখিল কৰিছে প্ৰতিবেদন৷ এছ আই টিৰ প্ৰতিবেদনত নতুন কৈ পাল সেনাৰ কোন কোন বিষয়াৰ জালিয়াতি তথা অনিয়ম পোহৰলৈ আনিছে তাক বৰ্তমানলৈয়ো ৰাজহুৱা কৰা নাই৷ অৱশ্যে এছ আই টিয়ে দাখিল কৰা প্ৰতিবেদনত ন্যায়িক আয়োগে চিনাক্ত কৰা ৩৭ বিষয়াৰ উপৰি আন বিষয়াৰো যে জালিয়াতি পোহৰলৈ আহিছে সেয়া স্পষ্ট হৈ পৰিছে৷ কিয়নো ন্যায়াধীশ বি কে শৰ্মা আয়োগৰ তালিকাত নাম নথকা ২০১৩ বৰ্ষৰ এজন বিষয়াক অভিযুক্ত কৰি চৰকাৰে চাকৰিৰ পৰা নিলম্বন কৰিছে৷ মুখ্যমন্ত্ৰীৰ অনুমতি সাপেক্ষে বৃহস্পতিবাৰে ৰাজ্য চৰকাৰে চাকৰিৰ পৰা নিলম্বন কৰা অভিযুক্তজন হৈছে লখিমপুৰৰ নিয়োগ বিষয়া বিচিত্ৰ গোপাল নাথ৷ কুখ্যাত ৰাকেশ পালৰ আমোলত ২০১৩ বৰ্ষৰ পৰীক্ষাত সহকাৰী নিয়োগ বিষয়াৰ পদত ১৮ নম্বৰ স্থানত বাছনি কৰিছিল বিচিত্ৰ গোপাল নাথে৷ অৱশ্যে এছআইটিয়ে আন কোন কোন বিষয়াৰ জালিয়াতি পোহৰলৈ আনিছে তাক ৰাজহুৱা নকৰিলেও আইপিএছ মুন্না গুপ্তাৰ নেতৃত্বত গঠিত এছ আই টিয়ে চৰকাৰক প্ৰতিবেদন দাখিলৰ কথা সদৰী কৰিছে ডিজিপি জি পি সিঙে৷ শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত ডিজিপি সিঙে এই সন্দৰ্ভত কয়–‘তদন্ত দুটা পৰ্যায়ত হয়৷ এটা বিভাগীয় তদন্ত আৰু আনটো আইনী তদন্ত৷ এপিএছচি গোচৰৰ ক্ষেত্ৰত ন্যায়াধীশ বি কে শৰ্মাৰ আয়োগে দুটা ৰিপ’ৰ্ট দিছে৷ তেওঁৰ প্ৰতিবেদনত যিসকল বিষয়াৰ বিৰুদ্ধে টিপ্পনী আছে তাৰ ভিত্তিত দুটা ভাগত তদন্ত আগবঢ়োৱা হৈছে৷ ইয়াৰ ভিতৰত অসম চৰকাৰৰ ফালৰ পৰা বিভাগীয়ভাৱে তদন্ত কৰা হৈছে আৰু আনফালে এছআইটিৰ ফালৰ পৰা আইনী তদন্ত কৰা হৈছে৷ এছ আই টিয়ে ইতিমধ্যে চৰকাৰক প্ৰতিবেদন দাখিল কৰিছে৷ সেই প্ৰতিবেদনৰ ভিত্তিত ব্যৱস্থা লোৱা আৰম্ভ কৰা হৈছে৷  পোনে পোনে কোনো বিষয়াকে বৰ্খাস্ত কৰাৰ চৰকাৰী নিয়ম নাই৷ প্ৰথমে বিভাগীয় তদন্ত কৰি তদন্তকাৰী বিষয়াই চৰকাৰক প্ৰতিবেদন দিয়ে৷ সেই প্ৰতিবেদনৰ ভিত্তিতহে চৰকাৰে বৰ্খাস্ত কৰা বা নকৰাৰ সন্দৰ্ভত সিদ্ধান্ত লয়৷ মোৰ কাৰ্যকালত কেৱল নলবাৰীৰ ঘগ্ৰাপাৰ থানাৰ অ’ চি বিমান ৰয়কহে পোনে পোনে বৰ্খাস্ত কৰা হৈছিল৷ এই ক্ষেত্ৰত দীঘলীয়া টোকা লিখা হৈছিল৷’ ইফালে এছ আই টিয়ে শুকুৰবাৰে তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হোৱাৰ বাবে এপিএছ সুকন্যা দাস আৰু এচিএছ ধীৰাজ কুমাৰ জৈনলৈ চমন জাৰি কৰিছিল যদিও ব্যক্তিগত অসুবিধাৰ দোহাই দি অভিযুক্ত বিষয়াদ্বয়ে এছআইটিৰ ওচৰত হাজিৰ হোৱাৰ পৰা বিৰত থাকে৷

আকাশী-শ্বাহজাহানক নিলম্বন

‘আমাৰ অসম’ৰ যোৰহাটৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালৰ কাৰ্যকালত বক্ৰপথেৰে চাকৰি লোৱা যোৰহাট জিলাৰ অতিৰিক্ত আয়ুক্ত আকাশী দুৱৰা আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক শ্বাহজাহান সৰকাৰক নিলম্বন কৰা হৈছে৷ আজি অসম চৰকাৰৰ ব্যক্তিগত বিভাগৰ সচিব টি পি বৰগোহাঁয়ে বিষয়াদুজনক নিলম্বনৰ নিৰ্দেশ দিয়ে৷ উল্লেখ্য, অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি কে শৰ্মা তদন্ত আয়োগে ৰাজ্যৰ ৩৪জন বিষয়াই অনিয়মেৰে নিযুক্তি লাভ কৰাৰ বিষয়ে প্ৰতিবেদন দিয়ে৷ সেইমৰ্মে এই বিষয়াসকলৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ ইতিমধ্যে, বিশেষ তদন্তকাৰী দলে যোৰহাটৰ দুয়োজন বিষয়াকে গ্ৰেপ্তাৰ কৰি জেৰা কৰে৷ ইয়াৰ পাছতে তেওঁলোকক চাকৰিৰ পৰা নিলম্বন কৰা হয়৷ উল্লেখ্য, ন্যায়াধীশ বি কে শৰ্মা আয়োগৰ তদন্তত শ্বাহজাহান সৰকাৰে নকল উত্তৰ বহীত লিখি চাকৰি লোৱাটো প্ৰতীয়মান হয়৷ আনহাতে, আকাশী দুৱৰাৰ উত্তৰ বহীত নম্বৰৰ তুলনাত টেবুলেশ্যনত ২০০ নম্বৰ বৃদ্ধি কৰা হৈছিল৷ এনেদৰে বক্ৰপথেৰে চাকৰি লোৱা বিষয়াকেইজনে দীৰ্ঘদিন গুৰুত্বপূৰ্ণ বিভাগত কাৰ্যনিৰ্বাহ কৰাত জিলাখনত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

শৰ্মা আয়োগৰ প্ৰতিবেদনৰ ভিত্তিত তদন্তঃ ডিজিপি

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰঃ অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙে আজি পুৱা নগাঁও সদৰ আৰক্ষী থানা পৰিদৰ্শন কৰে৷ তেওঁৰ লগত মধ্য অসম মণ্ডলৰ আৰক্ষী মহাপৰিদৰ্শক দেৱজ্যোতি মুখাৰ্জী উপস্থিত থাকে আৰক্ষী সঞ্চালকপ্ৰধানে নগাঁও আৰক্ষীৰ বিষয়াসকলৰ বিভিন্ন সমস্যাৰো বুজ লয়৷ ইয়াৰ পাছতে সংবাদ মাধ্যমৰে বাৰ্তালাপতো মিলিত হয়৷ ১১এপিএছ বিষয়াক নিলম্বন সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত জি পি সিঙে কয়, ‘এ পি এছ চিৰ তদন্ত দুটা পৰ্যায়ত চলি আছে৷ ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগৰ প্ৰতিবেদন অনুসৰি অভিযুক্ত বিষয়াসকলৰ ওপৰত আইনী আৰু বিভাগীয় দুয়োটা ক্ষেত্ৰতে তদন্ত চলোৱা হৈছে৷ বিভাগীয় তদন্তত দোষী প্ৰমাণিতসকলৰ বিৰুদ্ধে আমি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম৷ আইনী তদন্তও সঠিক দিশত আগবাঢ়িছে৷’ আনহাতে, আলফা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি জি পি সিঙে কয়, ‘অসমত এতিয়া আগৰ পৰিস্থিতি নাই৷ জংঘল এৰি আলফাৰ ল’ৰাসকল মূলসূতিলৈ ঘূৰি আহক৷’ ইপিনে যোৰহাটত আইন-শৃংখলাজনিত পৰিস্থিতিৰ অৱনতি ঘটা বুলি সাংসদ কামাখ্যা প্ৰসাদ তাছাই কৰা মন্তব্যৰ উত্তৰত জি পি সিঙে কয়, ‘এই বিষয়ে মোক মুখ্যমন্ত্ৰীয়ে জনাইছে৷ মোৰ বিশ্বাস যোৰহাট আৰক্ষীয়ে শীঘ্ৰেই ইয়াক নিয়ন্ত্ৰণ কৰিব৷’ নগাঁৱৰ আৰক্ষী বিষয়া জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ চিবিআই তদন্তৰ সন্দৰ্ভত তেওঁ কয়, ‘চিবিআইৰ তদন্ত সঠিক দিশত আগবাঢ়িছে৷ কিন্তু চিবিআইৰ তদন্তত অসম আৰক্ষীয়ে কোনোধৰণে হস্তক্ষেপ নকৰে৷’