Logo
image

কাইলৈ ফলাফল, বুথ সমীক্ষাত সৃষ্টি বিভ্ৰান্তিও

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২ ডিচেম্বৰঃ নিৰ্বাচনৰ ফলাফল ঘোষণা হ’বলৈ এদিন বাকী থাকোতেই বুথ সমীক্ষাত বিজয়ী হোৱাৰ ইংগিত দেখি তেলেংগানাত চৰকাৰ গঠনৰ বাবে সাজু হৈছে কংগ্ৰেছ৷ কংগ্ৰেছৰ এই তৎপৰতা দেখি অধিকাংশ ৰাজনৈতিক দল আৰু ৰাজনৈতিক সমালোচক আচৰিত হৈছে৷ কিয়নো সদায় একজিট প’ল বা বুথ সমীক্ষা আখৰে আখৰে সঁচা নহয়৷ বহু সময়ত বুথ সমীক্ষা মিলি গ’লেও তাৰ কোনো নিশ্চয়তা নাথাকে৷ এই বিষয়ত দেশৰ প্ৰাচীনতম ৰাজনৈতিক দল কংগ্ৰেছ অৱগত যদিও বুথ সমীক্ষা দেখিয়েই তেলেংগানাৰ কংগ্ৰেছ নেতা ৰেৱন্ত ৰেড্ডীয়ে কংগ্ৰেছে চৰকাৰ গঠন কৰিব বুলি দাবী কৰিছে৷ তেওঁ নিজকে মুখ্যমন্ত্ৰী হিচাপেও  প্ৰক্ষেপ কৰিছে৷ এই অঘোষিত মুখ্যমন্ত্ৰী পদপ্ৰাৰ্থী ৰেৱন্ত ৰেড্ডীয়ে তেলেংগানাত কংগ্ৰেছে ৮০খন আসন লাভ কৰিব বুলি দাবী কৰি  শুকুৰবাৰেই মন্ত্ৰীসভাৰ কৰ্মসূচীও ঘোষণা কৰি দিছে৷ উল্লেখ্য দেশৰ পাঁচখন ৰাজ্যৰ লগতে তেলেংগানা বিধানসভাৰো নিৰ্বাচনী ফলাফল অহা দেওবাৰে ঘোষণা কৰা হ’ব৷ কেৰালাৰ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী শশী থাৰুৰেও আগতীয়াকৈ অভিনন্দন জনাইছে ৰেৱন্ত ৰেড্ডীক৷ অৱশ্যে কংগ্ৰেছে তেলেংগানাত ক্ষমতা অৰ্জন কৰিলে ৰেৱন্ত ৰেড্ডীয়েই যে মুখ্যমন্ত্ৰী হ’ব তেনে ঘোষণা এতিয়াও কৰা নাই৷ পিছে ৰেৱন্ত ৰেড্ডীৰ নেতৃত্বতে ৰাজ্যখনত কংগ্ৰেছে নিৰ্বাচনী যুঁজ দিছে আৰু তেওঁলোকক পথ নিৰ্দেশনা দিছে ৰাহুল গান্ধীয়ে৷ বুথ সমীক্ষাত প্ৰায় সকলোকেইটা সংস্থাই এইবাৰ ৰাজ্যখনৰ জন্মৰে পৰা শাসন কৰি থকা কে চন্দ্ৰশেখৰ ৰাওৰ বিআৰএছ [পূৰ্বৰ টিআৰএছ] উৎখাত হ’ব বুলি ভৱিষ্যদ্বাণী কৰিছে৷ যদিহে বুথ সমীক্ষাৰ দাবী মিলি যায়, তেন্তে ২০১৪ চনত কংগ্ৰেছ নেতৃত্বাধীন ইউ পি এ চৰকাৰৰ কাৰ্যকালত গঠন হোৱা তেলেংগানাত কংগ্ৰেছে প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিব৷ শেহতীয়াকৈ কৰ্ণাটকত বিজেপিক পৰাস্ত কৰি চৰকাৰ গঠন কৰা কংগ্ৰেছৰ বাবে তেলেংগানা হ’ব পাৰে দক্ষিণৰ দ্বিতীয়খন কংগ্ৰেছ শাসিত ৰাজ্য৷ 

বৃহস্পতিবাৰে তেলেংগানাত ভোটদান সম্পূৰ্ণ হোৱাৰ লগে লগে দেশৰ কেইবাটাও টিভি আৰু সমীক্ষাকাৰী সংস্থাই যি বুথ সমীক্ষা বা একজিট প’ল প্ৰকাশ কৰিলে, তাত ইটোৰ সৈতে সিটোৰ ভৱিষ্যদ্বাণী বহুক্ষেত্ৰত অমিল৷ অধিকাংশ সময়ত দেখা যায়, বিধানসভাৰ নিৰ্বাচনৰ বুথ সমীক্ষা প্ৰায় একে হয় আৰু অধিকাংশ ক্ষেত্ৰতে বুথ সমীক্ষা মিলি যায়৷ এইবাৰ ভিন ভিন সংস্থাৰ বুথ সমীক্ষাৰ ভৱিষ্যদ্বাণী পৃথক পৃথক হোৱাৰ বাবে বিভ্ৰান্তিৰ সৃষ্টি হৈছে৷ ঘাইকৈ ৰাজস্থান আৰু মধ্যপ্ৰদেশত আগশাৰীৰ সংস্থাৰ ভৱিষ্যদ্বাণী ইটোৰ সৈতে সিটো পৃথক৷ তেলেংগানা আৰু মিজোৰামত প্ৰায় সকলো সংস্থাৰ ভৱিষ্যদ্বাণী একেই দেখা গৈছে৷ তেলেংগানাত যিদৰে কংগ্ৰেছক বিজয়ী দেখুওৱা হৈছে, সেইদৰে মিজোৰামত নৱগঠিত দল জোৰাম পিপ’লছ মুভমেণ্টক একক সংখ্যাগৰিষ্ঠ দল হিচাপে দেখুৱাইছে অধিকাংশ সংস্থাই৷ অৱশ্যে চৰকাৰ গঠন কৰিব পৰাকৈ জেড পি এমক কোনেও আসন দিয়া নাই৷ যিহেতু বিদায়ী এম এন এফৰ সৈতে তেওঁলোকৰ নিৰ্বানোত্তৰ জোঁটৰ সম্ভাৱনা ক্ষীণ, সেয়ে জেড পি এমক সমৰ্থন দিলে মিজোৰামত কংগ্ৰেছৰ সৈতে আঞ্চলিক দলটোৰ চৰকাৰ গঠন কৰাৰ সম্ভাৱনা আছে৷ যিহেতু বিজেপিক প্ৰতিটো সংস্থাই তেনেই ন্য়ূনতম আসন দিছে, এম এন এফকো নগণ্যসংখ্যক আসনত বিজয়ী হ’ব বুলি কোৱা  হৈছে, সেয়ে বিগতবাৰৰ দৰে এম এন এফ-বিজেপিৰ এনডিএ চৰকাৰ হোৱাৰ সম্ভাৱনা নাই৷ আনহাতে ছত্তীশগড়ত একাধিক সমীক্ষকাৰী সংস্থাই কংগ্ৰেছেই ক্ষমতা অক্ষুণ্ণ ৰাখিব বুলি ভৱিষ্যদ্বাণী কৰিলেও আন কেইটামান সংস্থাই ৰাজ্যখনত কংগ্ৰেছ আৰু বিজেপিৰ মাজত তুমুল যুঁজ হ’ব বুলি দাবী কৰিছে৷ কেইটামান সংস্থাৰ মতে, ছত্তীশগড়ত ত্ৰিশংকু বিধানসভাৰ ফলাফলহে ওলাব৷ সেয়ে ভিন ভিন দাবী দেখি নিৰ্বাচনী ফলাফল ওলাবলৈ দুদিন বাকী থকা অৱস্থাত বিভ্ৰান্তিৰ সৃষ্টি হৈছে৷ 

দেশৰ ‘হাৰ্টলেণ্ড’ বা কেন্দ্ৰীয় অঞ্চলত অৱস্থিত মধ্যপ্ৰদেশ আৰু ৰাজস্থানক লৈ দেশবাসী আৰু অন্যান্য ৰাজনৈতিক দলৰ আগ্ৰহ অধিক৷ এই দুই ৰাজ্যতো সমীক্ষাকাৰী সংস্থাই পৃথক পৃথক ভৱিষ্যদ্বাণী কৰাত এইবাৰ বুথ সমীক্ষাৰ পাছত দেশজুৰি চৰম বিভ্ৰান্তিৰ সৃষ্টি হৈছে৷ কেইবাটাও সংস্থাই ৰাজস্থানত কংগ্ৰেছক উৎখাত কৰি বিজেপিয়ে সহজে চৰকাৰ গঠন কৰিব বুলি দাবী কৰাৰ বিপৰীতে ইণ্ডিয়া টুডে-এক্সিছ মাই ইণ্ডিয়াই ৰাজস্থানত কংগ্ৰেছ বিজয়ী হ’ব বুলি কৈছে৷ একেদৰে কেইবাটাও সংস্থাই মধ্যপ্ৰদেশত কংগ্ৰেছক বিজয়ী বা একক সংখ্যাগৰিষ্ঠ দল বুলি দেখুৱালেও ইণ্ডিয়া টুডে-এক্সিছে ৰাজ্যখনত শিৱৰাজ সিং চৌহানৰ চৰকাৰ আৰু এটা কাৰ্যকালৰ বাবে থাকি যাব বুলি কৈছে৷ প্ৰসংগতঃ, শেহতীয়া কেইবাটাও বিধানসভাৰ নিৰ্বাচনত হোৱা বুথ সমীক্ষাত ইণ্ডিয়া টুডে-এক্সিছৰ সমীক্ষা প্ৰায় হুবহু মিলি গৈছিল৷ এনে পৰিস্থিতিত স্বাভাৱিকতে প্ৰতিদ্বন্দ্বী ৰাজনৈতিক দলেই নহয়, দেশবাসী আৰু ৰাজনীতিৰ প্ৰতি আগ্ৰহ থকা সকলো লোকেই বিভ্ৰান্তিৰ চিকাৰ হৈছে৷ তাৎপৰ্যপূৰ্ণভাৱে যিদুখন ৰাজ্যক লৈ দেশৰ জনতা অধিক আগ্ৰহী আৰু কেন্দ্ৰত শাসনাধিষ্ঠিত বিজেপি তথা বিৰোধী দল কংগ্ৰেছৰো আগ্ৰহ অধিক, সেই দুই ৰাজ্য ৰাজস্থান আৰু মধ্যপ্ৰদেশক লৈ  গভীৰভাৱে উদ্বিগ্ন বিজেপি৷ কিয়নো এই পাঁচ ৰাজ্যৰ নিৰ্বাচনক সাধাৰণ নিৰ্বাচনৰ ছেমিফাইনেল হিচাপে গণ্য কৰি বিজেপিয়ে ৰাজস্থান, মধ্যপ্ৰদেশত অধিক গুৰুত্ব আৰোপ কৰিছে৷ পিছে কোনো এটা সংস্থাই বুথ সমীক্ষাত গেৰুৱা দলটোক এই দুই ৰাজ্যত পৰিষ্কাৰভাৱে বিজয়ী বুলি কোৱা নাই৷