Logo
image

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল অসম আৰক্ষী, ৰাজ্যৰ প্ৰতিখন জিলাতে স্থাপন হ'ব চাইবাৰ ক্ৰাইম থানাঃআৰক্ষী সঞ্চালকপ্ৰধান জি পি সিং

ডিজিটেল সংবাদ, বৰভাগঃ দুৰ্নীতিৰ বিৰুদ্ধে প্ৰতি মুহূৰ্ততে সজাগ হৈ আছে অসম আৰক্ষী। দুৰ্নীতি ক্ষেত্ৰত আৰক্ষীৰ বিষয়া-কৰ্মচাৰী হ'লেও ৰেহাই নাপাব। অসম আৰক্ষীয়ে শূন্য সহনশীল নীতি গ্ৰহণ কৰি আহিছে। শনিবাৰে নলবাৰীত এই মন্তব্য কৰে ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে।

নলবাৰী সদৰ থানা পৰিদৰ্শন কৰি নলবাৰী আৰক্ষীৰ গাৰ্ড অৱ অ'নাৰ গ্ৰহণ কৰি আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে থানাখনৰ সা-সুবিধা তথা পৰিষ্কাৰ-পৰিচ্ছন্নতা প্ৰত্যক্ষ কৰি নলবাৰী আৰক্ষীৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে মত-বিনিময় কৰি অভাৱ অভিযোগৰ বুজ লয়৷ ইফালে সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে ৰাজ্যত চাইবাৰ ক্ৰাইম বৃদ্ধি হোৱা সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি কয় যে চাইবাৰ ক্ৰাইম ৰোধৰ বাবে অসম আৰক্ষী প্ৰতিমুহূৰ্তত সাজু আছে। লগতে তেওঁ কয় যে চাইবাৰ ক্ৰাইম ৰোধৰ ক্ষেত্ৰত অসম আৰক্ষীৰ মেন' পাৱাৰ কম। আগন্তুক পাঁচ বছৰৰ ভিতৰত ৰাজ্যৰ প্ৰতিখন জিলাতে একোখনকৈ চাইবাৰ ক্ৰাইম থানা নিৰ্মাণ কৰাৰ কথাও তেওঁ ব্যক্ত কৰে।

আনহাতে চাইবাৰ ক্ৰাইম ক্ষেত্ৰত আহি পৰা প্ৰত্যাহ্বান সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে কয় যে চাইবাৰ ক্ৰাইমৰ কৰ্তব্যত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলক সু-প্ৰশিক্ষণ দিয়াটো জৰুৰী। ইফালে হেলমেট, চীটবেল্ট পৰিধান কৰি জনতাক বাহন চলাবলৈ অনুৰোধ জনোৱাৰ লগতে সুৰা সেৱন কৰি গাড়ী নচলাবলৈ আহ্বান জনাইছে জি পি সিঙে৷