Logo
image

কাইলৈ চাৰি ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলঃ ভূপেন বৰাৰ দাবী, ছেমিফাইনেলত ৫-০ত পৰাস্ত হ'ব বিজেপি

ডিজিটেল সংবাদ, শিমলুগুৰিঃ দেওবাৰে ঘোষণা হ'ব চাৰি ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল৷ নিৰ্বাচনৰ ফলাফল ঘোষণা হ'বলগীয়া পাঁচ ৰাজ্যত বিজেপি শূন্য হ'ব৷ ছেমিফাইনেলত ৫-০ত পৰাস্ত হ'ব বিজেপি৷ কংগ্ৰেছে অতি কমেও ৪খন ৰাজ্যত জয় লাভ কৰিব৷ কাইলৈ প্রথম ৰাউণ্ডৰ ভোটগণনা পাছতে অসমৰ জিলাই  জিলাই বিজয় উৎসৱ পালন কৰিব৷ এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাৰ৷

লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসনাধিষ্ঠ ভাৰতী জনতা পাৰ্টীৰ সমান্তৰালভাৱে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়েও শৰাই ঘাটৰ শেষ ৰণত জয়ী হ'বলৈ নিৰ্বাচনী ৰণ কৌশল আৰম্ভ কৰিছে৷ তৃণমূল পৰ্যায়ৰ ভোটাৰসকলক কংগ্ৰেছ দলৰ প্রতি ভোটাৰক  কেনেদৰে আকৰ্ষণ কৰিব পাৰি সেই উদ্দেশ্যে শনিবাৰে লখিমপুৰ জিলাৰ নাৰায়ণপুৰ ৰাজীৱ ভৱনত বুথ পৰ্যায় সেৱকসকলৰ এক প্রশিক্ষণ শিবিৰ আয়োজন কৰা হয়৷ ভূপেন বৰাৰ গৃহ সমষ্টি তথা বিহপুৰীয়া বিধানসভা সমষ্টি ভিত্তিত আয়োজন কৰা সেৱক প্রশিক্ষণ সভাত উপস্থিত থাকি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাই তৃণমূল পৰ্যায়ত সেৱক কৰ্মৰ ওপৰত ব্যাখ্যা দাঙি ধৰা লগতে সেৱকৰ জড়িয়তে তেলেংগানাৰ দৰে ৰাজ্যত কেনেদৰে কংগ্ৰেছ জয়ী হৈ আছে তাৰো কিটিপ দিয়ে৷

লখিমপুৰ জিলা কংগ্ৰেছ কমিটীৰ সভাপতি গগণ বৰাই অদৰণি ভাষণ দিয়া আৰু নাৰায়ণপুৰ ব্লক কংগ্ৰেছৰ সম্পাদক লক্ষী বৰাই আঁত ধৰা অনুষ্ঠানটিত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়ে কাজিৰঙাৰ ভোটাৰক আজমলে জীৱ-জন্তুৰ লগত তুলনা কৰাটো আজমলৰ নিকৃষ্ট মানসিকতাৰ পৰিচয় বুলি মন্তব্য কৰে৷ মুঠ ১৮৮ গৰাকী সেৱকে প্রশিক্ষণ গ্রহণ কৰা অনুষ্ঠানটিত কংগ্ৰেছৰ মেডিয়া চেলৰ উপসভাপতি বেদব্রত বৰা, এচ টি চেলৰ সভাপতি বাপুটি পেগু, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ কিৰণ বনিয়া, ৰাজ্যিক সম্পাদক পদ্মলোচন দলে, লখিমপুৰ জিলা যুৱ কংগ্ৰেছ সভাপতি মৌচুম লাহনকে প্ৰমুখ্য কৰি বহু সংখ্যক কংগ্ৰেছৰ নেতা কৰ্মী উপস্থিত থাকে৷