Logo
image

প্ৰেমৰ বিদায়, বিজেপিলৈ ১,০০০ কোটিৰ দুৰ্নীতিত অভিযুক্ত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩ ডিচেম্বৰঃ ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে যুঁজ কৰাৰ বাবে উগ্ৰপন্থী সংগঠনক অস্ত্ৰ ক্ৰয় কৰিবলৈ ধনৰ যোগান ধৰোঁতাজনেই এতিয়া যেন বিজেপিৰ বাবে সম্পদলৈ পৰিণত হ’ল৷ উত্তৰ কাছাৰ স্বায়ত্ত শাসিত পৰিষদৰ ১,০০০ কোটি টকীয়া কেলেংকাৰিৰ গোচৰত সুদীৰ্ঘ ১৪ বছৰ ৫ মাহ জে’ল খোৱা মোহিত হোজাইক শনিবাৰে গেৰুৱা বসন পিন্ধালে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই৷ লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত আকস্মিকভাৱে ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্তই পদত্যাগ কৰাৰ দিনটোতে বিজেপিত যোগদান কৰিলে উগ্ৰপন্থী সংগঠন ডি এইচ ডিক (জে) ৰাজকোষৰ ধন দিয়া উত্তৰ কাছাৰ স্বায়ত্ত শাসিত পৰিষদৰ তদানীন্তন মুখ্য কাৰ্যবাহী সদস্য মোহিত হোজায়ে৷ পৃথক ডিমাচা ৰাজ্য গঠনৰ দাবীত আন্দোলন কৰি এ এছ ডি চি দলৰ হৈ ২০০৮ চনত কংগ্ৰেছক ওফৰাই বিজেপিৰ সহযোগত উত্তৰ কাছাৰ স্বায়ত্ত্ব শাসিত পৰিষদৰ চি ই এম হৈছিল মোহিত হোজায়ে৷ কিন্তু উত্তৰ কাছাৰ স্বায়ত্ব পৰিষদৰ ক্ষমতা হস্তগত কৰিয়েই সেই সময়ত পাহাৰীয়া জিলাখনত সন্ত্ৰাস চলোৱা উগ্ৰপন্থী সংগঠন ডি এইচ ডি (জে) নেতা জুৱেল গাৰ্লোচালৈ চৰকাৰী আঁচনিৰ কোটি টকা ধন হস্তান্তৰ কৰাৰ অভিযোগত অভিযুক্ত হৈছিল মোহিত হোজাই৷ সন্ত্ৰাসবাদী সংগঠনটোত এ কে ৪৭ ৰাইফল ক্ৰয়ৰ বাবেই ধনৰ যোগান ধৰা বুলিও সেই সময়ত তদন্তকাৰী সংস্থাই আদালতক অৱগত কৰিছিল৷ কিন্তু ২০০৯ চনৰ মাৰ্চ মাহত ঘনিষ্ঠ দুজন ব্যক্তি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পাছতেই আত্মগোপন কৰিছিল মোহিত হোজাই৷ অৱশ্যে ২০০৯ চনৰ মে’ মাহত বৰ্তমানৰ অসম আৰক্ষীৰ এজন শীৰ্ষ বিষয়াই কোটি টকা নগদ ধনসহ নিজ হাতে গ্ৰেপ্তাৰ কৰা মোহিত হোজাইক৷ পৰৱৰ্তী সময়ত নিয়াই তদন্ত কৰা এই গোচৰটোত উত্তৰ কাছাৰ স্বায়ত্ত্ব শাসিত পৰিষদৰ কেলেংকাৰিৰ অপৰাধত  নিয়াৰ বিশেষ আদালতে ২০১৭ চনৰ ২২ মে’ত যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছিল হোজাইক৷ অৱশ্যে উক্ত গোচৰটোত ১৪ বছৰ ৫ মাহ গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত বন্দিত্ব জীৱন কটোৱা মোহিত হোজাইসহ উগ্ৰপন্থী সংগঠন ডি এইচ ডি (জে)ৰ নেতা জুৱেল গাৰ্লোচা, নিৰঞ্জন হোজাইসহ আটাইকেইজন অভিযুক্তকে তদন্তকাৰী সংস্থা চি বি আই আৰু নিয়াৰ তদন্তত আসোঁৱাহ থকাৰ বাবে শেহতীয়াকৈ বিগত ১১ আগষ্টত গুৱাহাটী উচ্চ ন্যায়ালয়ে শাস্তিৰ পৰা ৰেহাই দিছিল৷ দেশৰ অন্যতম দক্ষ তদন্তকাৰী সংস্থা নিয়াই প্ৰথমটো গোচৰ হিচাপে ডিমা হাচাওৰ কেলেংকাৰি গোচৰক তদন্ত কৰিছিল যদিও উক্ত গোচৰটোতে মুখ ঠেকেচা খোৱাত বিগত ১৮ অক্টোবৰত কাৰাগৰৰ পৰা মুকলি আকাশলৈ আহিছিল উগ্ৰপন্থীক ধন দিয়াৰ অপৰাধত জে’ল খোৱা মোহিত হোজাই৷ ১৪ বছৰ কাৰাবাস খটা মোহিত হোজাইৰ কাৰামুক্ত হোৱাৰ ডেৰমাহ নৌহওঁতেই গেৰুৱা বসন পিন্ধাই দললৈ আদৰি আনিলে বিজেপিয়ে৷ স্বাভাৱিকতেই এতিয়া সততে নৈতিকতাৰ পাঠ দিয়া বিজেপি দলত উত্তৰ কাছাৰৰ হাজাৰ কোটি টকীয়া কেলেংকাৰিৰ খলনায়কজনক সদস্য পদ দিয়াত তৃণমূল পৰ্যায়ৰ কৰ্মীসকলৰ মাজত অসন্তুষ্টি পৰিলক্ষিত হৈছে৷ উল্লেখ্য পূৰ্বে এএছডিচি দলৰ পৰা পূৰ্বে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা মোহিত হোজায়ে এইবাৰ বিজেপিৰ প্ৰাৰ্থী হৈ মাইবং (পশ্চিম) পৰিষদীয় সমষ্টিৰ পৰা ডিমা হাচাও স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব বুলিও বিজেপি ভিতৰচ’ৰাত চৰ্চা চলিছে৷ উল্লেখ্য, শনিবাৰে ডিমা হাচাওত অনুষ্ঠিত বিজেপিৰ কৰ্মকৰ্তাৰ সন্মিলনতে মোহিত হোজায়ে আঞ্চলিক ৰাজনীতি এৰি ৰাষ্ট্ৰীয় ৰাজনীতিত যোগদান কৰে৷ এসময়ত পৃথক ডিমাচা ৰাজ্যৰ দাবীত আন্দোলন কৰা মোহিত হোজায়ে বিজেপি দলে প্ৰাৰ্থিত্ব দিলে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু বুলিও সংবাদ মাধ্যমক জানিবলৈ দিছে৷ ইফালে, ধেমাজি জিলা সভাপতি প্ৰেম দত্তই ব্যক্তিগত অসুবিধাৰ বাবে পদত্যাগ কৰা বুলি পদত্যাগ-পত্ৰত উল্লেখ কৰিছে যদিও জ্যেষ্ঠ এজন নেতাই আকস্মিকভাৱে গুৰুত্বপূৰ্ণ পদৰ পৰা অব্যাহতি লোৱা কাৰ্যক সহজভাৱে লোৱা নাই দলীয় কৰ্মীসকলে৷ প্ৰেম দত্তৰ পদত্যাগে জিলাখনৰ দলীয় ভেটিত কঁপনি তুলিছে যদিও ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই তাৎক্ষণিকভাৱে ৰুণা কামানক ধেমাজি জিলা সভানেত্ৰী হিচাপে নিযুক্তি প্ৰদান কৰে৷

ডিমা হাচাও পৰিষদৰ সকলো আসন পাব বিজেপিয়েঃ ভৱেশ কলিতা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ডিফুঃ সুদীৰ্ঘ চৈধ্য বছৰকাল কাৰাৰুদ্ধ হৈ কিছুমাহপূৰ্বে কাৰামুক্ত হোৱা উত্তৰ কাছাৰ স্বায়ত্তশাসিত পাৰ্বত্য জিলা পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য তথা আঞ্চলিক ৰাজনৈতিক দল এএছডিচিৰ নেতা মোহিত হোজায়ে আজি আনুষ্ঠানিকভাৱে প্ৰদেশ বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত বিজেপি দলত যোগদান কৰে৷ পৰিষদৰ দয়ুংমুখ অঞ্চলত অনুষ্ঠিত হোৱা যোগদান সভাত মন্ত্ৰী নন্দিতা গাৰ্লোচা, পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবুলাল গাৰ্লোচা, সাংসদ হৰেণছিং বে, বিজেপিৰ জিলা প্ৰভাৰী ৰতন টেৰণ উপস্থিত থাকে৷ বিশাল ৰাজহুৱা সভাত অসংখ্য সমৰ্থকৰ সৈতে বিজেপি দলত যোগদান কৰে হোজায়ে৷ উল্লেখ্য, উগ্ৰপন্থী সংগঠনক ধন প্ৰদানৰ অভিযোগত গ্ৰেপ্তাৰ হৈ চৈধ্যবছৰ কাৰাবাস খাটিছিল হোজায়ে৷ হোজাইৰ সৈতে একেলগে কাৰাবাস খটা প্ৰাক্তন উগ্ৰপন্থী নেতা নিৰঞ্জন হোজাইৰ গৃহসমষ্টি দয়ুংমুখত নিৰঞ্জন হোজাইৰ নেতৃত্বত এই যোগদান কাৰ্যসূচী অনুষ্ঠিত হৈছিল৷ মোহিত হোজাইক দললৈ আদৰণি জনাই ভৱেশ কলিতাই মোহিত হোজাইৰ যোগদানে পাৰ্বত্য জিলাত বিজেপিক শক্তিশালী কৰিব বুলি মন্তব্য কৰে৷ আনহাতে, সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত কলিতাই কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদত প্ৰথমবাৰ বিজয়ী হৈ মন্ত্ৰীসভাত শক্তিশালী মন্ত্ৰীৰূপে স্থান পোৱা নন্দিতা গাৰ্লোচা আৰু পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দেবুলাল গাৰ্লোচাৰ নেতৃত্বত ডিমা হাচাওত এতিয়া অভূতপূৰ্ব উন্নয়নসাধন হৈছে৷ মুখ্যমন্ত্ৰী শৰ্মাৰ নেতৃত্বত আৰু দেবুলাল গাৰ্লোচাৰ নেতৃত্বত ডিমা হাচাওত এতিয়া শান্তি স্থাপন হোৱাৰ লগতে সৰ্বাংগীণ বিকাশসাধন হৈছে বুলিও কলিতাই মন্তব্য কৰে৷ আনহাতে, ডিমা হাচাও পৰিষদৰ আগন্তুক নিৰ্বাচনত পৰিষদৰ ২৮টা সমষ্টিৰ ২৮খন আসনতেই বিজেপি দল জয়ী হ’ব বুলিও কলিতাই দাবী কৰে৷ আনহাতে, ধেমাজি জিলা বিজেপি সভাপতিৰ পদত্যাগ সন্দৰ্ভত সাংবাদিকে সাংসদ প্ৰদান বৰুৱা আৰু মন্ত্ৰী ৰণোজ পেগুৰে সংঘাত হোৱাৰ কথা উল্লেখ কৰাত প্ৰদেশ সভাপতিজনে ‘মইহে বিজেপিৰ সভাপতি গতিকে মইহে ভালকৈ জানোঁ বুলি সাংবাদিকক উভতি ধৰি কয় যে ঘৰুৱা অসুবিধাৰ বাবেই জিলা সভাপতিজনে দলৰ সভাপতি পদ ত্যাগ কৰিছে’৷ তেওঁ লগতে কয় যে আন এজন নিষ্ঠাবান বিজেপি নেতাক ইতিমধ্যে আমি তদৰ্থৰূপে জিলা বিজেপিৰ সভাপতি পদত নিয়োগ কৰিছোঁ আৰু দলৰ মাজত কোনো সংঘাত নাই, সংবাদ মাধ্যমেহে সংঘাত সৃষ্টি কৰা বুলিও কটাক্ষ কৰে৷