Logo
image

দুপৰীয়াতে স্পষ্ট হ’ব ফলাফল নিৰ্দলীয়-ক্ষুদ্ৰ দলৰ দাম বাঢ়িছে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩ ডিচেম্বৰঃ আসন্ন সাধাৰণ নিৰ্বাচনৰ ছেমি ফাইনেল হিচাপে বিবেচিত ৫ খন ৰাজ্যৰ ৪ খনৰ ফলাফল দেওবাৰে প্ৰকাশ হোৱাৰ পূৰ্বে দেশৰ দুই শক্তিশালী দল কংগ্ৰেছ আৰু বিজেপিৰ উপৰি বি আৰ এছে আজি উদ্বিগ্নতাত উজাগৰী নিশা পাৰ কৰিব লাগিব৷ মিজোৰামৰ ভোটগণনা এদিন পিছুওৱাৰ বাবে প্ৰতিদ্বন্দ্বী সকলো দলেই আৰু এটা দিন স্বস্তিৰে কটোৱাৰ সুযোগ পাব৷ সকলোকেইখন ৰাজ্যৰ সমষ্টিৰ সংখ্যা কম হোৱাৰ বাবে দুপৰীয়াৰ ভিতৰতে ফলাফল স্পষ্ট হৈ পৰিব৷ সদ্য সমাপ্ত বিধানসভা নিৰ্বাচনত পাঁচখন ৰাজ্যৰ ভিতৰত সৰ্বাধিক আসন আছে মধ্য প্ৰদেশত ২৩০ খন৷ আনহাতে ৰাজস্থানত ২০০ খন আসন থাকিলেও নিৰ্বাচন অনুষ্ঠিত হৈছে ১৯৯ খন আসনত৷ বাকী তিনিখন ৰাজ্য ক্ৰমে তেলেংগানাত ১১৯ খন, ছত্তীশগড়ত ৯০ খন আৰু মিজোৰামত ৪০ খন বিধানসভাৰ আসন আছে৷ ইয়াৰে মিজোৰামৰ ভোট গণনা অহা সোমবাৰে কৰা হ’ব বুলি শুকুৰবাৰে নিৰ্বাচন আয়োগে ঘোষণা কৰে৷ নিৰ্বাচন আয়োগে কোৱা মতে ৰাজ্যখনৰ গৰিষ্ঠসংখ্যক বাসিন্দা খ্ৰীষ্টানধৰ্মী হোৱাৰ বাবে আৰু দেওবাৰে তেওঁলোকে দিনটোৰ বহু সময় গীৰ্জাত উপাসনাৰ বাবে কটোৱাৰ বাবেই এই সালসলনি কৰা হৈছে৷ পিছে প্ৰশ্ন উঠিছে, নিৰ্বাচন আয়োগে নিৰ্বাচন ঘোষণা কৰোতে ৩ ডিচেম্বৰ দেওবাৰ বুলি জনা নাছিল নেকি? নে তেওঁলোকে মিজোৰামৰ গৰিষ্ঠ সংখ্যক বাসিন্দা খ্ৰীষ্টান বুলি জনা নাছিল? দেওবাৰে যিহেতু ভোটগ্ৰহণ নহয়, সেয়ে ৰাজ্যৰ সকলো বাসিন্দা কোনো এঠাইত উপস্থিত থকা অথবা নিৰ্বাচনৰ প্ৰক্ৰিয়াৰ সৈতে জড়িত থকাৰ কোনো প্ৰয়োজনেই নাই৷ নিৰ্বাচন আয়োগৰ এই ঘোষণাৰ আঁৰত বিৰোধী দলে ষড়যন্ত্ৰৰ গোন্ধ পাইছে৷ যিহেতু দেশৰ মধ্যস্থলৰ তিনি ৰাজ্য ক্ৰমে মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত বুথ সমীক্ষাই কোনো দলকে স্পষ্টভাৱে বিজয়ী বুলি কোৱা নাই, সেয়ে ফলাফলৰ পাছত শীৰ্ষ বিজেপি নেতা সেই তিনি ৰাজ্যত চৰকাৰ গঠনৰ প্ৰচেষ্টাত অতিশয় ব্যস্ত থাকিবলগীয়া হ’ব পাৰে৷ তেতিয়া গেৰুৱা দলটোৰ মিজোৰামলৈ চকু দিবলৈ আহৰি নাথাকিব৷ কিয়নো বিজেপিৰ সৈতে এনডিএ চৰকাৰ থকা মিজোৰামত এইবাৰ এম এন এফৰ ফলাফল অতি বেয়া হ’ব বুলি বুথ সমীক্ষাত প্ৰকাশ৷ সেয়ে এদিন পাছত ফলাফল ওলালে বিজেপিয়ে ৰাজ্যখনত নতুন সমীকৰণ গঢ়াৰ সুযোগ পাব৷ বিৰোধী দলৰ মতে এনে সমীকৰণৰ বাবেই মিজোৰামৰ ভোটগণনা এদিন পিছুওৱা হৈছে৷ ইপিনে, তেলেংগানাত কংগ্ৰেছ বিজয়ী হ’ব বুলি স্পষ্টভাৱে সমীক্ষাত কোৱা হৈছে৷

এইবাৰৰ বুথ সমীক্ষাই সকলো ৰাজ্যতে ভিন ভিন ভৱিষ্যদ্বাণী কৰাত যিদৰে বৃহৎ দলসমূহ উদ্বিগ্ন হৈ আছে, সেইদৰে আঞ্চলিক ক্ষুদ্ৰ দল তথা নিৰ্দলীয় প্ৰাৰ্থীৰ মনত আশাৰ সঞ্চাৰ হৈছে৷ ৰাজনৈতিক বিশ্লেষকৰ দাবী, ফলাফল ওলোৱাৰ পূৰ্বেই নিৰ্বাচন হোৱা ৫ খন ৰাজ্যৰ তিনিখন ৰাজ্য ক্ৰমে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ৰ ক্ষুদ্ৰ আঞ্চলিক দল আৰু নিৰ্দলীয় প্ৰাৰ্থীৰ সৈতে বৃহৎ দলে যোগাযোগ আৰম্ভ কৰিছে৷ এই তিনিওখন ৰাজ্যতে সমীক্ষাকাৰী সংস্থাসমূহে ভিন ভিন ভৱিষ্যদ্বাণী কৰিছে৷ এই তিনি ৰাজ্যত কংগ্ৰেছ বা বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰিলেও চৰকাৰ গঠন কৰিব পৰাকৈ নিৰংকুশ সংখ্যা গৰিষ্ঠতা নাপাব বুলিয়েই অধিকাংশ বুথ সমীক্ষাৰ মত৷ সেই সমীক্ষা দেখিয়েই এতিয়া ক্ষুদ্ৰ আঞ্চলিক দল আৰু শক্তিশালী নিৰ্দলীয় প্ৰাৰ্থীৰ দাম বাঢ়িছে৷ কিয়নো চৰকাৰ গঠনৰ ক্ষেত্ৰত তেনে ক্ষুদ্ৰ দল আৰু নিৰ্দলীয় প্ৰাৰ্থীয়েই ফলাফলৰ পাছত গুৰুত্বপূৰ্ণ হৈ উঠিব৷