Logo
image

শিক্ষানুষ্ঠানত থাকিব মোদীৰ ছেল্‌ফি পইণ্ট

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ ডিচেম্বৰঃ দেশৰ প্ৰতিখন বিশ্ববিদ্যালয়, উচ্চ শিক্ষা প্ৰতিষ্ঠান তথা মহাবিদ্যালয়লৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ (ইউজিচি) আজৱ নিৰ্দেশনা– ‘মুকলি কৰিব লাগিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ  থ্ৰী ডি বেকগ্ৰাউণ্ড সম্বলিত ছেল্‌ফি পইণ্ট৷’ ইউজিচিৰ সচিব অধ্যাপক মনীষ আৰ যোশীয়ে এই সন্দৰ্ভত এক ডিচেম্বৰত জাৰি কৰিছে আনুষ্ঠানিক জাননী৷ ইউজিচিৰ সচিবৰ জাননীখনত উল্লেখ কৰা হৈছে যে বিভিন্ন ক্ষেত্ৰত ভাৰতৰ সফলতাসমূহ যুৱ প্ৰজন্মৰ মাজত তুলি ধৰাই এই ছেল্‌ফি পইণ্ট স্থাপনৰ মূল উদ্দেশ্য৷ বিশেষকৈ নতুন শিক্ষা নীতিৰ অধীনত ‘এক ভাৰত শ্ৰেষ্ঠ ভাৰত’ পদক্ষেপসমূহৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা বৃদ্ধি কৰা হ’ব৷ এই ছেল্‌ফি পইণ্ট শিক্ষানুষ্ঠানখনৰ সকলোৰে চকুত পৰা স্থানত প্ৰতিষ্ঠা কৰিব লাগিব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৃহৎ ফটো সম্বলিত থ্ৰীডি লেআউটৰ বেকগ্ৰাউণ্ডসহ ছেল্‌ফি পইণ্ট নিৰ্মাণ হ’ব লাগিব৷ ছেল্‌ফি পইণ্টত কেৱল ছাত্ৰ-ছাত্ৰীয়েই নহয়, ভিজিটৰসকলেও ছেল্‌ফি উঠিব পাৰিব৷ ছেল্‌ফি পইণ্টত উঠা বিশেষ ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰিবলৈ মহাবিদ্যালয়, বিশ্ববিদ্যালয় কতৃৰ্পক্ষই ছাত্ৰ-ছাত্ৰীসকলক উদ্বুদ্ধ কৰিব লাগিব৷ এনে শ্বেয়াৰক দেশৰ সামূহিক গৌৰৱৰ প্ৰতীক বুলি গণ্য কৰিব লাগিব৷ উল্লেখ্য, ইউজিচিৰ এই নিৰ্দেশনাক লৈ দেশৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয় তথা আন শৈক্ষিক প্ৰতিষ্ঠানসমূহত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ স্থানে স্থানে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদো আৰম্ভ হৈছে৷ ২০২৪১ লোকসভাৰ নিৰ্বাচনৰ ভোটৰ অংকত এনেদৰে মোদীৰ পোষ্টাৰ সম্বলিত ছেল্‌ফি পইণ্ট মুকলি কৰা বুলি চৰ্চা হৈছে৷ উল্লেখ্য, ইউজিচিয়ে ইতিপূৰ্বে মহাৰাষ্ট্ৰৰ শিক্ষানুষ্ঠানসমূহক আৰএছএছৰ নেতা দত্ৰাজীৰ জন্ম শতবাৰ্ষিকী পালনৰ বাবেও নিৰ্দেশনা জাৰি কৰিছে৷ ইয়াক লৈও সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷