Logo
image

জে’ললৈ যাব কোন? ব্যাখ্যা দিলে মুখ্যমন্ত্ৰীয়ে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৩ ডিচেম্বৰঃ অসম লোকসেৱা আয়োগৰ নিযুক্তি কেলেংকাৰিৰ গোচৰত প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে দোষী সাব্যস্ত কৰা ৩৭ ৰাজপত্ৰিত বিষয়াৰ অপৰাধক  দুটা ভাগত বিভক্ত কৰিছে চৰকাৰে৷ জালিয়াতিৰে নম্বৰ বৃদ্ধি কৰি কুখ্যাত ৰাকেশ পালে বাছনি কৰা বিষয়াসকলক একেটা অপৰাধৰ বাবে চৰকাৰে দুটা ভাগত বিভক্ত কৰি সেই মতে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা বুলিও স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰা একাংশ বিষয়াই টেবুলেশ্বন শ্বীটত অতিৰিক্ত নম্বৰ বৃদ্ধি নকৰা হ’লেও এপিএএছচিৰ পৰীক্ষাত বাছনি লাভ কৰিলেহেঁতেন বুলিও তত্ব বাখ্যা দাঙি ধৰিছে মুখ্যমন্ত্ৰীয়ে৷ সেই সূত্ৰেই অতিৰিক্ত নম্বৰ বৃদ্ধি কৰি পাছ কৰাসকলৰ বিৰুদ্ধে ফৌজদাৰী তদন্ত আৰু নম্বৰ বৃদ্ধি নকৰাহ’লেও পাছ কৰাসকলক বিভাগীয় তদন্তৰ ব্যৱস্থা কৰাৰ কথা জানিবলৈ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ এক কথাত এছআইটিৰ তদন্তত জে’ললৈ যাব কোন কোন বিষয়া তাৰ যেন স্পষ্ট ইংগিত দিছে মুখ্যমন্ত্ৰীয়ে ন্যায়িক আয়োগে দোষী সাব্যস্ত কৰা সকলক দুটা ভাগত বিভক্ত কৰি ব্যৱস্থা গ্ৰহণৰ তত্বৰ ব্যাখ্যা দাঙি ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে সংবাদ মাধ্যমৰ আগত কয়– ‘ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে যিবিলাক নাম আমাক দিছিলে প্ৰত্যেকটো নাম চালি জাৰি চোৱা হৈছে৷ যিসকল বিষয়াই অতিৰিক্ত নম্বৰ পোৱাৰ বাবে চাকৰি পাইছে তেওঁলোকক আমি নিলম্বন কৰিছো৷ কিন্তু কিছুমান বিষয়া আছে, যিসকলে এনেও এপিএছচি পাছ কৰিলেহেঁতেন৷ গতিকে যিসকলে এনেও পাছ কৰিলেহেতেঁন তেওঁলোকক এটা কেটেগৰী আৰু যিসকলে পাছ নকৰিলেহেতেন তেওঁলোকক বেলেগ এটা কেটেগৰীত ধৰা হৈছে৷ সেয়েহে আমি এটা এটাকৈ ব্যৱস্থা লৈছো৷ কাৰোবাৰ বিৰুদ্ধে অপৰাধজনিত তদন্ত কৰা হৈছে আৰু আন কাৰোবাৰ বিৰুদ্ধে বিভাগীয় তদন্ত কৰা হৈছে৷’ স্বাভাৱিকতেই মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছতেই  সকলোৰে মনত প্ৰশ্নৰ উদয় হৈছে– একেটা অপৰাধৰ বাবে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাই অভিযুক্ত কৰাসকল দুটা শ্ৰেণীত পৰিব নেকি? মুখ্যমন্ত্ৰীৰ এই তত্বৰ ভিত্তিত কুখ্যাত ৰাকেশ পালৰ আমোলত উত্তৰ বহী জালিয়াতিৰে হওঁক নতুবা টেবুলেশ্বন শ্বীটত নম্বৰ বৃদ্ধি কৰা সকলেই হওঁক ন্যায়িক আয়োগৰ তালিকাত নাম থকা ৩৭ বিষয়াৰ কোনোবাই ৰেহাই পাব নেকি? কিয়নো মুখ্যমন্ত্ৰীৰ এই   বাধাৰ  পৰা অভিযুক্তৰ বিষয়াৰ একাংশ জে’ললৈ যোৱা  আৰু আন একাংশই ৰেহাই পোৱাৰ ইংগিত থকা বুলিও ঘোদ দিছপুৰতে চৰ্চা লাভ কৰিছে৷

নৱনীতা শৰ্মা আৰু কল্যাণ কুমাৰ দাসলৈ এছ আই চিৰ চমন

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদকঃ এ পি এছ চি কেলেংকাৰি গোচৰৰ তদন্ত অব্যাহত ৰাখিছে এছ আই টিয়ে৷ এইবাৰ এছ আই টিয়ে পুনৰ দুজন অভিযুক্ত আৰক্ষী বিষয়াক জেৰাৰ বাবে তলব কৰিছে৷ এছ আই টিয়ে চ্ছ্ৰ ডিচেম্বৰত তদন্তকাৰী বিষয়াৰ ওচৰত হাজিৰ হোৱাৰ বাবে চমন প্ৰেৰণ কৰিছে কোক্‌ৰাঝাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নৱনীতা শৰ্মা আৰু কাছাৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) কল্যাণ কুমাৰ দাসলৈ৷ অৱশ্যে ৰাজ্য চৰকাৰৰ গৃহ বিভাগে ইতিমধ্যে এপিএছ কল্যাণ কুমাৰ দাসক চাকৰিৰ পৰা নিলম্বন কৰিছে৷ লক্ষণীয়ভাৱে, ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে দাখিল কৰা প্ৰতিবেদনত এই দুয়োজন বিষয়াকে দোষী সাব্যস্ত কৰিছিল৷ ২০১৩ বৰ্ষৰ পৰীক্ষাত এপিএছৰ ৩ নম্বৰ স্থানত বাছনি লাভ কৰা কল্যাণ কুমাৰ দাস প্ৰকৃততে ‘ফেইল’ কৰিছিল৷ দালাল পশু চিকিৎসক মৃগেন শইকীয়াৰ ঘনিষ্ঠ হোৱা বাবে কল্যাণ কুমাৰ দাসক দুই নম্বৰী উত্তৰ বহীত লিখাৰ সুবিধা কৰি দি বাছনি কৰিছিল কুখ্যাত ৰাকেশ পালে৷ আনহাতে অভিযুক্ত আন গৰাকী নৱনীতা শৰ্মাই এপিএছৰ তালিকাৰ ১৭ নম্বৰ স্থানত বাছনি লাভ কৰিছিল৷ টেবুলেশ্বন শ্বীটত ইংৰাজী বিষয়ত ৫০ নম্বৰ অতিৰিক্তভাৱে যোগ দি পাল সেনাৰ অংশীদাৰ কৰা হৈছিল নৱনীতা শৰ্মাক৷ নৱনীতা শৰ্মাই মুঠ ৭৮২ নম্বৰ লাভ কৰিছিল যদিও টেবুলেশ্বন শ্বীটত ইয়াক ৮৩২ নম্বৰলৈ বৃদ্ধি কৰা হৈছিল৷ আনকি অতি আশ্চৰ্যজনকভাৱে সাক্ষাৎকাৰত নৱনীতা শৰ্মাক ২০০ নম্বৰৰ ভিতৰত ১৯০ নম্বৰ প্ৰদান কৰিছিল ৰাকেশ পাল এণ্ড কোম্পানীয়ে৷ অৱশ্যে ইয়াতকৈয়ো  আশ্চৰ্যজনক বিষয়টো হৈছে ৰাকেশ পালক গ্ৰেপ্তাৰৰ পূৰ্বে ২০১৫ চনত যি সময়ত সচেতন লোকসকলে এপিএছচিত কেলেংকাৰি সংঘটিত হোৱা বুলি তথ্য-প্ৰমাণসহ অভিযোগ কৰিছিল, সেই সময়তে কেইবাজনো সন্দেহজনক প্ৰাৰ্থীয়ে গুৱাহাটী প্ৰেছ ক্লাবত ৰাকেশ পালৰ হৈ চাফাই গাইছিল৷ সেই সময়ত এপিএছচিত কোনো দুই নম্বৰী হোৱা নাছিল বুলি দাবী কৰি গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰা সন্দেহজনক প্ৰাৰ্থীকেইজনৰ ভিতৰত নৱনীতা শৰ্মা অন্যতম আছিল বুলিও বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচি নামৰ সংগঠনটোৱে৷ অৱশেষত এইগৰাকী নৱনীতা শৰ্মাক ৫০ নম্বৰ বৃদ্ধি কৰি ৰাকেশ পালে বাছনি কৰা বুলিও বি কে শৰ্মাৰ ন্যায়িক আয়োগৰ প্ৰতিবেদনত প্ৰকাশ পাইছে৷ কিন্তু বি কে শৰ্মাৰ ন্যায়িক আয়োগৰ প্ৰতিবেদনত অভিযুক্তৰ তালিকাত থকা নৱনীতা শৰ্মাক গৃহ বিভাগে নিলম্বন নকৰাক লৈয়ো সন্দেহ প্ৰকাশ কৰিছে ফাইট এগেইনষ্ট ইনজাষ্টিচ অৱ এপিএছচিয়ে৷ অৱশ্যে ভগ্নী নৱনীতা শৰ্মাই বক্ৰ পথেৰে বাছনি লাভ কৰা ২০১৩ বৰ্ষৰ এপিএছচিৰ একেটা পৰীক্ষাতে ভাতৃ প্ৰীয়াংকু জ্যোতি শৰ্মাই এচিএছ পদত বাছনি লাভ কৰিছিল বুলিও জানিব পৰা গৈছে৷

দুৰ্নীতিৰ বিৰুদ্ধে সদা-সৰ্বদা সতৰ্ক অসম আৰক্ষীঃ ডিজিপি

‘আমাৰ অসম’ৰ বৰভাগৰ প্ৰতিবেদকঃ দুৰ্নীতি কেলেংকাৰিৰ বিৰুদ্ধে প্ৰতি মুহূৰ্ততে সজাগ হৈ আছে অসম আৰক্ষী৷ দুৰ্নীতি কেলেংকাৰিৰ ক্ষেত্ৰত আৰক্ষীৰ বিষয়া-কৰ্মচাৰী হ’লেও ৰেহাই নাপাব৷ অসম আৰক্ষীয়ে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল নীতি গ্ৰহণ কৰি আহিছে৷ –নলবাৰীত আজি এই মন্তব্য কৰে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে৷ নলবাৰী সদৰ থানা পৰিদৰ্শন কৰি নলবাৰী আৰক্ষীৰ গাৰ্ড অৱ অ’নাৰ গ্ৰহণ কৰি আৰক্ষী সঞ্চালকপ্ৰধানজনে থানাখনৰ সা-সুবিধা তথা পৰিষ্কাৰ-পৰিচ্ছন্নতা প্ৰত্যক্ষ কৰি নলবাৰী আৰক্ষীৰ বিষয়া-কৰ্মচাৰীসকলৰ সৈতে মত বিনিময় কৰি অভাৱ-অভিযোগৰ বুজ লয়৷ ইফালে সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত আৰক্ষী সঞ্চালকপ্ৰধানজনে ৰাজ্যত চাইবাৰ ক্ৰাইম বৃদ্ধি হোৱা সন্দৰ্ভত উদ্বিগ্নতা প্ৰকাশ কৰি কয় যে চাইবাৰ ক্ৰাইম ৰোধৰ বাবে অসম আৰক্ষী প্ৰতিনিয়ত সাজু আছে৷ আৰক্ষী সঞ্চালকপ্ৰধানজনে কয় চাইবাৰ ক্ৰাইম ৰোধৰ ক্ষেত্ৰত অসম আৰক্ষীৰ মেন পাৱাৰ ক’ম৷ অহা পাঁচবছৰৰ ভিতৰত ৰাজ্যৰ প্ৰতিখন জিলাতে একোখনকৈ চাইবাৰ ক্ৰাইম থানা নিৰ্মাণ কৰাৰ কথাও শীৰ্ষ আৰক্ষী বিষয়াজনে ব্যক্ত কৰে৷ আনহাতে, চাইবাৰ ক্ৰাইমৰ ক্ষেত্ৰত আহি পৰা প্ৰত্যাহ৩ান সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্ৰধানজনে কয়, চাইবাৰ ক্ৰাইমৰ কৰ্তব্যত নিয়োজিত বিষয়া-কৰ্মচাৰীসকলক সু-প্ৰশিক্ষণ আৰু অনুসন্ধান, প্ৰশিক্ষণ দিয়াটো জৰুৰী বুলিও মত ব্যক্ত কৰে৷ আনহাতে, হেলমেট, চিটবেল্ট পৰিধান কৰি বাহন চলাবলৈ অনুৰোধ জনোৱাৰ লগতে সুৰা সেৱন কৰি গাড়ী নচলাবলৈ সকলোকে আহ্বান জনায় শীৰ্ষ আৰক্ষী বিষয়াজনে৷

কেলেংকাৰিত জড়িতক ক্লীনশ্বীট দিছিল মুখ্যমন্ত্ৰীয়েঃ ৰকিবুল

‘আমাৰ অসম’ৰ মৰিগাঁৱৰ প্ৰতিনিধিঃ অসম ৰাজ্যিক লোকসেৱা আয়োগত (এপিএছচি) সংঘটিত ঘৃণনীয় নিযুক্তি কেলেংকাৰি সন্দৰ্ভত শেহতীয়াভাৱে অসম আৰক্ষীয়ে যিসকল লোকক গ্ৰেপ্তাৰ কৰিছে সেই আচামী বিষয়াসকলক স্বয়ং ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এসময়ত ক্লীনশ্বীট দিছিল৷ ৰাজ্যৰ মুখ্যমন্ত্ৰীজনৰ বিৰুদ্ধে এই বিস্ফোৰক অভিযোগ কৰিছে চামগুৰি সমষ্টিৰ বিধায়ক তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে৷ ভাৰতীয় জাতীয় কংগ্ৰেছৰ ভাৰত জুড়ো যাত্ৰাৰ লগত সংগতি ৰাখি আজি মৰিগাঁৱত অনুষ্ঠিত কৰা য়ুথ জুড়ো যাত্ৰাত অংশ ল’বলৈ আহি বিধায়ক হুছেইনে উক্ত মন্তব্য সাংবাদিকৰ আগত প্ৰকাশ কৰাৰ পিছতেই ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ এই সম্পৰ্কত জানিবলৈ বিচৰাত বিধায়ক হুছেইনে সংবাদ মাধ্যমৰ আগত কয় যে, উক্ত কেলেংকাৰিত পূৰ্বে গ্ৰেপ্তাৰ হোৱা লোকসকলে ‘যিটো দোষৰ বাবে আমাক শাস্তি দিছে, সেই একেই দোষতে জড়িত বাকীবোৰৰ বিৰুদ্ধে কিন্তু ব্যৱস্থা লোৱা হোৱা নাই’ বুলি আদালতত প্ৰকাশ কৰাৰ পিছতহে আদালতৰ হেঁচাত বাধ্য হৈ হে হিমন্ত বিশ্ব চৰকাৰে উক্ত আচামী বিষয়াসকলক গ্ৰেপ্তাৰ কৰে৷ উল্লেখ্য, অসম য়ুথ জুড়ো কাৰ্যসূচী উপলক্ষে আজি মৰিগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয় ক্ষীৰোদ ভৱনৰ পৰা এক বিশাল সমদল উলিয়ায়৷ এই সমদলত অংশ লোৱা সহস্ৰাধিক কংগ্ৰেছকৰ্মীৰ শাসকীয় বিজেপি চৰকাৰবিৰোধী প্ৰতিবাদী শ্ল’গানে মৰিগাঁও চহৰৰ আকাশ-বতাহ উত্তাল কৰি তোলে৷ সমদলৰ অন্তত মৰিগাঁও চহৰৰ সদৰ বিহুতলিত এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে৷ এই সভাত নগাঁও লোকসভা সমষ্টিৰ সাংসদ প্ৰদু্যত বৰদলৈ, বিধায়ক ৰকিবুল হুছেইন, প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা বিধায়ক কমলাক্ষ দে পুৰুকায়স্থ, যুৱ কংগ্ৰেছৰ ৰাজ্যিক সভাপতি জুবেৰ আলম, কংগ্ৰেছ বিধায়ক ক্ৰমে আছিফ নাজাৰ, শিৱামণি বৰা, নুৰুল হুদা, মৰিগাঁও জিলা কংগ্ৰেছৰ সভাপতি শ্ৰৱণ কুমাৰ ডেকাৰজা, সম্পাদক শশীমোহন বিশ্বাসসহ বহুকেইজন জ্যেষ্ঠ কংগ্ৰেছ নেতা উপস্থিত থাকে৷