Logo
image

৩ বজালৈকে ক'ত, কিমান অগ্ৰগতি

ডিজিটেল ডেস্কঃ   মধ্যপ্ৰদেশৰ ২৩০ খন আসনৰ ভিতৰত বিজেপি ১৬৪ খন আসনত আগবাঢ়ি আছে। কংগ্ৰেছ আগবাঢ়িছে ৬৪ খন আসনত। ইয়াৰোপৰি বি এছ পি আৰু অন্যন্য মিলি ২ খন আসনত অগ্ৰগতি লাভ কৰিছে।

ৰাজস্থানৰ ১৯৯ খন আসনৰ ভিতৰত বিজেপি ১১৪ খন আসনত আগবাঢ়ি আছে। ৰাজ্যখনত কংগ্ৰেছে অগ্ৰগতি লাভ কৰিছে ৭০ খন আসনত। বি এছ পিয়ে ২ খন আৰু অন্যান্যই ১৩ খন আসনত অগ্ৰগতি লাভ কৰিছে।

ছত্তিশগড়ত বিজেপি ৫৪ খন আসনত, কংগ্ৰেছ ৩৪ খন আসনত আগবাঢ়ি আছে আৰু অন্যান্যই দুখনকৈ আসনত আগবাঢ়িছে।

তেলেংগানাৰ ১১৯ খন আসনৰ ভিতৰত কংগ্ৰেছ আগবাঢ়ি আছে ৬৪ খন আসনত। বি আৰ এছ  আগবাঢ়ি আছে ৪০  খন আসনত। বিজেপি আগবাঢ়িছে ৮ খন আসনত। ইয়াৰোপৰি এ আই এম আই এম ৬ আৰু অন্যান্যই ১ খন আসনত আগবাঢ়ি আছে।