Logo
image

"আদৰ্শৰ যুঁজ অব্যাহত থাকিব": ৪ ৰাজ্যৰ নিৰ্বাচনী ফলাফলক লৈ ৰাহুল গান্ধীৰ প্ৰতিক্ৰিয়া

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে ছেমিফাইনেল হিচাপে বিবেচিত হোৱা ৫ ৰাজ্যৰ ৪খন ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল দেওবাৰে প্ৰকাশ পালে৷ আজি ঘোষণা হোৱা ৪খন ৰাজ্যৰ ৩খন ৰাজ্যতে বিজেপিয়ে চমকপদ অগ্ৰগতিৰে বিজয়ৰ দিশে আগবাঢ়িছে৷ ৰাজস্থান, ছত্তীশগড়, মধ্যপ্ৰদেশত উৰিল গেৰুৱা পতাকা৷ আনহাতে ছেমিফাইনেলত বিধ্বস্ত হোৱা কংগ্ৰেছৰ দখল কেৱল তেলেংগানা৷ 

নিৰ্বাচনী ফলাফলৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কলগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে৷ ৰাহুল গান্ধীয়ে কয়, "আদৰ্শৰ যুঁজখন অব্যাহত থাকিব৷ মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত পৰাজয় বিনম্ৰতাৰে স্বীকাৰ কৰিছোঁ৷" লগতে তেওঁ তেলেংগানাত কংগ্ৰেছে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বাবে জনতাক ধন্যবাদ জনায়৷

উল্লেখ্য যে মধ্যপ্ৰদেশত বিজেপিয়ে পুনৰ শাসনৰ গাদী দখল কৰিছে৷ ৰাজস্থান আৰু ছত্তীশগড়ত কংগ্ৰেছক ওফৰাই শাসনলৈ আহিছে বিজেপি৷ আনহাতে ৪ ৰাজ্যৰ ভিতৰত এখন ৰাজ্য অৰ্থাৎ তেলেংগানাত সংখ্যাগৰিষ্ঠতা লাভ কৰিছে কংগ্ৰেছে৷