Logo
image

বিজয় উদযাপনৰ কাৰণে অনা ফটকা শৌচাগাৰৰ টেংকীত পেলাই দিছে ভূপেন বৰাইঃ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

ডিজিটেল সংবাদ, গুৱাহাটীঃ লোকসভা নিৰ্বাচনৰ পূৰ্বে ছেমিফাইনেল হিচাপে বিবেচিত হোৱা ৫ৰাজ্যৰ ৪খন ৰাজ্যৰ ফলাফল দেওবাৰে প্ৰকাশ পাইছে৷ ফলাফল অনুসৰি ৰাজস্থান, ছত্তীশগড়, মধ্যপ্ৰদেশত উৰিল গেৰুৱা পতাকা৷ আনহাতে ছেমিফাইনেলত বিধ্বস্ত হোৱা কংগ্ৰেছৰ দখললৈ গ'ল কেৱল তেলেংগানা৷ 

নিৰ্বাচনী ফলাফল প্ৰকাশ পোৱাৰ মাজতে ৰাজ্যিক কেবিনেট মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই 'এক্স'ত এটা পোষ্টৰ জৰিয়তে কটাক্ষ কৰে প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰাক৷ মন্ত্ৰী জয়ন্ত মল্লই লিখে, "ভূপেন বৰাই বিজয় উদযাপন কৰিবলৈ আনি থোৱা ফটকা শৌচাগাৰৰ টেংকীত পেলাই দিছে আৰু নাচিবলৈ অনা বিহুদল দুটিয়ে ৰাজীৱ ভৱনত মাননী বিচাৰি হাহাকাৰ লগাইছে৷"


উল্লেখ্য যে শনিবাৰে ভূপেন বৰাই ঘোষণা কৰিছিল যে নিৰ্বাচনত জয় নিশ্চিত কংগ্ৰেছৰ৷ দেওবাৰে পুৱাৰে পৰা কংগ্ৰেছ কৰ্মীসকলে জিলাই জিলাই বিজয় উৎসৱ উদযাপন কৰিব৷ ছেমিফাইনেলত ৫-০ত বিজেপি পৰাস্ত হ'ব বুলি মন্তব্য কৰিছিল ভূপেন বৰাই৷ লগতে তেওঁ কৈছিল যে অতিকমেও ৪খন ৰাজ্যত জিকিব কংগ্ৰেছ৷