Logo
image

বিটিচিত জয়ী হ'ব বিপিএফ, কেন্দ্ৰত আহিব ভাল চৰকাৰঃ হাগ্ৰামা মহিলাৰী

ডিজিটেল সংবাদ, গোসাঁইগাঁৱৰ প্ৰতিনিধিঃ সমাগত লোকসভা নিৰ্বাচন। ইয়াৰ পাছতে অনুষ্ঠিত হ'ব বিটিচি নিৰ্বাচন। লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি সকলো ৰাজনৈতিক দল অধিক তৎপৰ হৈ পৰিছে৷ এই ক্ষেত্ৰত পিছপৰি থকা বিপিএফ দলো৷ নিৰ্বাচনত ভাল ফলাফল অৰ্জন কৰিবলৈ মন্দিৰ, মজিদ, নামঘৰ, গীৰ্জা সকলোতে গৈ প্ৰাৰ্থনা জনাইছে বিপিএফ দলৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। দেওবাৰে পুৱা গোসাঁইগাঁও মহকুমাৰ মৰনৈ চাহ বাগিচাৰ গীৰ্জাত হঠাৎ উপস্থিত হয় বিটিচিৰ প্ৰাক্তন প্ৰধান হাগ্ৰামা মহিলাৰী। 

হাগ্ৰামা মহিলাৰী গীৰ্জাত উপস্থিত হৈ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ সৈতে বিশ্ব শান্তিৰ প্ৰতিষ্ঠাৰ কামনাৰে এক সমূহীয়া প্ৰাৰ্থনা কৰে৷ তেওঁৰ লগত উপস্থিত থাকে বিটিচিৰ প্ৰাক্তন উপ-মুখ্যকাৰ্যবাহী সদস্য খাম্পা বৰগয়াৰী। হাগ্ৰামা মহিলাৰীয়ে কয়, "এইবাৰ কেন্দ্ৰত এখন ভাল চৰকাৰ আহিব। মই কেন্দ্ৰ আৰু ৰাজ্যৰ ৰাজনীতিৰ সৈতে জড়িত নহয়। মই বিটিচি অঞ্চলত ৰাজনীতি কৰি আহিছোঁ। মুঠতে এইবাৰ কেন্দ্ৰত এখন ভাল চৰকাৰ আহিব, সেয়া নিশ্চিত৷"

হাগ্ৰামাই লগতে কয়, "আজি মই গীৰ্জাত আহি ঈশ্বৰক প্ৰাৰ্থনা কৰিছোঁ। সকলোৰে মংগল হওঁক। আজি মই ৰাজনীতিৰ পৰা দূৰত আছোঁ। অহা বিটিচি নিৰ্বাচনত বিপিএফ দল জয়ী হ'ব, সেয়া নিশ্চিত। মন্দিৰ, মছজিদ, নামঘৰ, গীৰ্জা আদি ধৰ্মীয় অনুষ্ঠানত গৈ ভাল লাগে। মনটো উৎফুল্লিত হৈ পৰে। মই জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো ধৰ্মক মই শ্ৰদ্ধা কৰোঁ।