Logo
image

অভিভাৱকৰ ভূমিকা

লোকসেৱা আয়োগৰ অপসাৰিত কুখ্যাত অধ্যক্ষ ৰাকেশ পালৰ আমোলত এচিএছ, এ পি এছকে ধৰি বিভিন্ন পদত নিযুক্তি লাভ কৰা বিষয়াসকলৰ এচামে বক্ৰপথ, জালিয়াতিৰে চাকৰি লোৱাৰ বাবে অপসাৰিত আৰু জে’লৰ ভাত খোৱাৰ পাছত আন এচামৰ অৰ্থাৎ বিপ্লৱ শৰ্মা আয়োগৰ দ্বাৰা দোষী সাব্যস্ত ৩৭জন ৰাজপত্ৰিত বিষয়াৰো একে দশা হোৱাৰ উপক্ৰম হৈছে৷ প্ৰশাসন যন্ত্ৰক স্বচ্ছ, সৱল, দক্ষ কৰি ৰখাৰ বাবে নিয়োজিত বিষয়াক যদি পৰীক্ষাত অৱতীৰ্ণ নোহোৱাকৈও বা পৰীক্ষাত লাভ কৰা নম্বৰ দুগুণ, তিনিগুণ বৃদ্ধি কৰি অতি অন্যায়ভাৱে নিযুক্ত কৰা হয় তেন্তে সেই বিষয়াই জনগণক সেৱাৰ মনোবৃত্তিৰে ন্যায়নিষ্ঠভাৱে কাম কৰিবনে সেয়া সহজে অনুমেয়৷ কোৱা বাহুল্য, অসম লোকসেৱা আয়োগৰ পৰীক্ষাত ৰাকেশ পালৰ উপৰি আন দুই এজন অধ্যক্ষৰ আমোলতো অবাধে দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছিল৷ পৰৱৰ্তী পৰ্যায়ত আজিৰ দৰে সেই সময়ত তদন্ত নোহোৱাৰ বাবে অনিয়মেৰে নিৰ্বাচিত বহু বিষয়াই শীৰ্ষ পদত অধিষ্ঠিত হৈ ‘সেৱা’ আগবঢ়াই আছে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আমোলত ৰাকেশ পাল আৰু সাংগো-পাংগোসকলৰ অভূতপূৰ্ব দুৰ্নীতি উন্মোচিত হোৱাৰ পাছত বহুজন জে’ললৈ গ’ল আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতো এছ আই টি-ৰ অনুসন্ধান মৰ্মে এজনৰ পাছত এজনকৈ জে’ললৈ গৈছে৷ বক্ৰপথ, অনিয়মেৰে নিৰ্বাচিত হৈ অতিৰিক্ত উপায়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক আদিৰ দৰে অতি গুৰুত্বপূৰ্ণ পদত নিয়োজিতসকলৰ জীৱনৰ গতিধাৰাৰ হঠাৎ ছন্দপতন হৈ এনে পৰ্যায়লৈ অৱনমিত হ’ল যে চাকৰি হেৰুওৱাৰ লগতে সামাজিক বিচাৰধাৰাতো তেওঁলোক ঘৃণাৰ পাত্ৰ হৈ পৰিল৷ এতিয়া প্ৰশ্ন হ’ল এনে হোৱাৰ বাবে কেৱল তেওঁলোকেই দোষীনে? অবিশ্বাস্য নিয়মেৰে, জালিয়াতিৰে এ চি এছ, এ পি এছ আদি চাকৰিৰ বাবে উৎসাহিত কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট প্ৰাৰ্থীসকলক তেওঁলোকৰ অভিভাৱকসকলে কিয় সঁহাৰি দিছিল? মন্তব্য নিষ্প্ৰয়োজন যে ৰাকেশ পাল আৰু তেওঁৰ অভিযানৰ সতীৰ্থসকলে অযোগ্য ব্যক্তিসকলক নিৰ্বাচন কৰাৰ বাবে বৃহৎ ধনৰ উপঢৌকন লৈছিল৷ অভিভাৱকসকলে নিজৰ  সন্তানক ভালদৰে পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হোৱাৰ পৰিৱৰ্তে যেন তেন প্ৰকাৰেন অৰ্থাৎ বৃহৎ ধনৰ যোগাৰ কৰি উচ্ছ পদত অধিষ্ঠিত কৰাৰ সপোন সাকাৰ কৰিছিল৷ সেই অভিভাৱকসকলৰ সপোন ক্ষণিকৰ বাবে বাস্তৱায়িত হ’ল যদিও এটাৰ পাছত এটাকৈ দিশ উন্মোচিত হোৱাৰ ফলত সকলো থানবান হৈ পৰিল৷ এই বিষয়াসকলৰ গৰিষ্ঠসংখ্যকেই ইতিমধ্যে বিবাহপাশত আৱদ্ধ হৈছে, সন্তানৰ পিতৃ-মাতৃও হৈছে৷ প্ৰাক্তন ন্যায়াধীশৰ দ্বাৰা গঠিত আয়োগৰ প্ৰতিবেদনৰ পাছত এছ আই টিৰ অনুসন্ধান, চৰকাৰী বিভাগৰ দ্বাৰা ব্যৱস্থা গ্ৰহণ আদি প্ৰক্ৰিয়াবোৰৰ লগে লগে সংশ্লিষ্ট বিষয়াসকলৰ বিৰুদ্ধে ন্যায়িক ব্যৱস্থা সমূহো চলি থাকিব৷ অন্যায়-অনীতিৰ সকলো দিশ জল্‌জল্‌-পট্‌পট্‌ হৈ পৰাৰ পাছত এইসকল এক সম্পূৰ্ণ অনিশ্চিত ভৱিষ্যতৰ দিশে ধাৱমান হ’ল৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে সাম্প্ৰতিক সময়ত চৰকাৰে সকলো বিভাগতে, সকলো পদতে চাকৰি নিযুক্তি প্ৰক্ৰিয়া বহু পৰিমাণে স্বচ্ছ আৰু নিকা কৰাৰ প্ৰয়াস কৰিছে৷ অসম লোকসেৱা আয়োগৰ পৰীক্ষাসমূহো নিকা হোৱাৰ বাবে যোগ্যতা সম্পন্ন লোক নিৰ্বাচিত হোৱাটো আশাৰ বতৰা৷ কিন্তু অভূতপূৰ্ব হাৰত অসমৰ দৰে ৰাজ্যত শিক্ষিত নিবনুৱাৰ সংখ্যা বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কেৱল চাকৰিৰে নিবনুৱা সমস্যা সমাধান কৰাটো অসম্ভৱ৷ কিন্তু ‘হোৱাইট কালাৰ জব’-ৰ প্ৰতি মানুহৰ আগ্ৰহৰ ধাৰণাটো যুগ যুগ ধৰি চলি থকাৰ বাবে বহু স্নাতকোত্তৰ, আভিযান্ত্ৰিক ডিগ্ৰীধাৰী লোকে অসম চৰকাৰৰ বিভিন্ন পদৰ নিযুক্তি পৰীক্ষাত অৱতীৰ্ণ হৈ তৃতীয়, চতুৰ্থ বৰ্গৰ পদৰ বাবে নিৰ্বাচিত হৈছে৷ আশ্চৰ্যজনকভাৱে অসমৰ আভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা বি, ই ডিগ্ৰী লৈ একাংশ প্ৰাৰ্থীয়ে পুনৰ আই টি আইত অধ্যয়ন কৰি চাৰ্টিফিকেট কৰ্ছৰ প্ৰাৰ্থীৰূপে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানত নিয়োজিত হৈছে৷ বহু স্নাতকোত্তৰ, স্নাতক ডিগ্ৰীধাৰী লোক আই টি আইত পুনৰ নামভৰ্তি, স্ব-নিয়োজনৰ পৰিৱৰ্তে চাকৰিৰ বাবেহে ইচ্ছুক৷ মুঠতে সন্তানে এটা চাকৰি যোগাৰ কৰিব পাৰিলেই পিতৃ-মাতৃয়ে সকাহ পায়– এই মনোবৃত্তিৰ পৰা অসমৰ গৰিষ্ঠসংখ্যক অভিভাৱক মুক্ত হ’ব পৰা নাই৷  লোকসেৱা আয়োগৰ পৰীক্ষাত এচাম অভিভাৱকে নিজৰ সন্তানক বক্ৰপথেৰে চাকৰি দিয়াই তেওঁলোকৰ ভৱিষ্যত ধবংস কৰাৰ দৰে ঘটনা হয়তো অসমত পুনৰাবৃত্তি নহ’ব৷ কিন্তু একে সময়তে নিজৰ সন্তানক উচ্ছ শিক্ষিত কৰি যিকোনো চৰকাৰী পদৰ  বাবে নিযুক্তি দি স্বস্তি লাভ কৰা ব্যৱস্থাটোৰো অৱসান ঘটোৱাৰ সময় আহি পৰিল৷ শাসনাধিষ্ঠিত চৰকাৰে আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ বাবে শ্ল’গান দিয়েই থাকে৷ উদ্যোগ, বাণিজ্যৰ যিমানেই প্ৰসাৰতা বৃদ্ধি হ’ব সিমানেই স্বনিয়োজনৰ পথো প্ৰশস্ত হ’ব৷ চৰকাৰে কেৱল ভোটৰ আশাত এচাম পৰজীৱিৰ সৃষ্টি কৰি থাকিলে কৰ্ম-সংস্কৃতিৰো বিকাশ  নঘটিব৷  উল্লেখ্য ভৱিষ্যৎ প্ৰজন্মৰ সুৰক্ষাৰ স্বাৰ্থত চাকৰিত স্বচ্ছতা অনাৰ দৰে ব্যৱসায়-বাণিজ্য, উদ্যমিতা বৃদ্ধিৰ ক্ষেত্ৰত চৰকাৰে অধিক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা উচিত৷