Logo
image

মৰিগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত ৩

ডিজিটেল ডেস্কঃ  সোমবাৰে পুৱতি নিশা মৰিগাঁও ধৰমতুলৰ বঙ্গালধৰা ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ধৰমতুল থানাৰ সমীপতে বঙ্গালধৰা ৰাষ্ট্ৰীয় ঘাই পথত ৰৈ থকা AS25CC5971 নম্বৰৰ ট্ৰাক খনক পাছফালৰ পৰা AS04BC9751 নম্বৰৰ টাটা ACE বাঁহনে খুন্দা মাৰে।এই পথ দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে তিনিজন লোক আহত হৈছে। আহক লোককেইজনক সংকটজনক অৱস্থাত জিএমচিএইচ লৈ প্ৰেৰণ কৰা হয়। 

নিহতসকলৰ নাম ইউনিছ চান্দ, মহম্মদ আৰু ছাহজাদ বুলি জানিব পৰা গৈছে। অন্যহাতে আহত তিনিজনৰ নাম চাদ্দাম হুছেইন, আব্দুল কাদিৰ, ছালমান। গোটেই কেইজনৰ ঘৰ উত্তৰ প্ৰদেশত বুলি জানিব পৰা গৈছে।