Logo
image

মোদী মেজিক, কংগ্ৰেছ বিধবস্ত

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৪ ডিচেম্বৰঃ ২০২৪চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে যদি ৫ ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন দেশৰ ৰাজনীতিত চৰ্চা হোৱাৰ দৰে ছেমি ফাইনেল হয়, তেন্তে বিজেপিয়ে হেট্‌ট্ৰিক কৰি বিজয় অৰ্জন কৰিলে৷ ফুটবল মেচৰ দৰে যদি ফলাফল লিখিবলগীয়া হয়, এই ছেমি ফাইনেলত বিজেপি-কংগ্ৰেছৰ স্ক’ৰ লাইন ৩-১৷ এখন ৰাজ্য, মিজোৰামৰ ফলাফল ওলাবলৈ এতিয়াও বাকী৷ ফলাফল প্ৰকাশ পোৱা চাৰিখন ৰাজ্য ক্ৰমে মধ্যপ্ৰদেশ, ৰাজস্থান, ছত্তীশগড়ত বিজেপিৰ জয়লাভ আৰু তেলেংগানাত সান্ত্বনাসূচক বিজয় কংগ্ৰেছৰ৷ এই ৪ ৰাজ্যৰ নিৰ্বাচনী ফলাফল যদি ৰাজনৈতিকভাৱে বৰ্ণনাকৰিবলগীয়া হয়, তেন্তে দেশত, বিশেষকৈ হিন্দী বলয়ত মোদী মেজিক অব্যাহত আৰু বিগত চাৰে ৯ বছৰত ৰাজনৈতিকভাৱে শলঠেকত পৰি থকা ১৩৭ বছৰীয়া কংগ্ৰেছ দল এইবাৰ বিধবস্ত৷ অন্ততঃ আজিৰ ৪ৰাজ্যৰ নিৰ্বাচনী ফলাফলে তাকেই পৰিষ্কাৰ ৰূপত প্ৰতিপন্ন কৰিছে৷ কোনো কঠিন যুঁজ নাই, ক’তো ত্ৰিশংকু বিধানসভাৰ আশংকা নাই৷ বিজেপিৰ পক্ষত মধ্য প্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ৰ ভোটাৰে পৰিষ্কাৰ মত দিছে৷ তেলেংগানাত কংগ্ৰেছৰ পক্ষত দিছে পৰিষ্কাৰ মত৷ ইয়াৰে দেশৰ ‘হাৰ্টলেণ্ড’ বা বক্ষস্থলৰ তিনি ৰাজ্যত, বিজেপিয়ে মধ্য প্ৰদেশত ক্ষমতা অক্ষুন্ন ৰাখিছে আৰু ৰাজস্থান, ছত্তীশগড়ৰ ক্ষমতা কংগ্ৰেছৰ পৰা কাঢ়ি আনিছে৷ পুনৰ যদি ছেমি ফাইনেলৰ প্ৰসংগ চৰ্চা কৰা হয়, তেন্তে অৱধৰিতভাৱে বিজেপিয়ে ফাইনেল (সাধাৰণ নিৰ্বাচন) খেলিব প্ৰায় সমগ্ৰ উত্তৰ ভাৰত অথবা হিন্দি বলয়ৰ পূৰ্ণ শক্তি নিজৰ হাতত লৈ৷ অৰ্থাৎ ছেমি ফাইনেলৰ বিজয়ে বিজেপিৰ নেতা আৰু সমৰ্থকক এই হেটট্ৰিককাৰী ফলাফলৰ জৰিয়তে ফাইনেলৰ বাবে অসামান্য নৈতিক বল যোগান ধৰিলে৷ আনহাতে ফাইনেলত কংগ্ৰেছ অৱতীৰ্ণ হ’ব লাগিব জয়-পৰাজয়ৰ অনি(য়তাৰ শংকা লৈ তেনেই নিৰাশ মনোভাৱেৰে৷ 

দেশৰ চাৰি ৰাজ্যৰ আজি দেওবাৰে প্ৰকাশিত ফলাফলৰ পাছত বিজেপি আৰু বিৰোধী সকলো দলেই স্বীকাৰ কৰিবলৈ বাধ্য, দেশৰ ৰাজনীতিত এতিয়াও মোদী মেজিক অব্যাহত৷ আনৰ কথা বাদেই, পঞ্চমবাৰৰ বাবে মধ্যপ্ৰদেশত মুখ্যমন্ত্ৰীৰ আসনত বহিবলৈ সাজু হৈ থকা, যি ২০১৪ চনৰ পৰাই নৰেন্দ্ৰ মোদীক গুৰুত্বহীন কৰাৰ চেষ্টাত ব্ৰতী, সেই শিৱৰাজ সিং চৌহানেও আজি দলৰ বিজয়ৰ পাছত কৈছে, মধ্য প্ৰদেশৰ বিজয় মোদীৰ যাদুৰ বলতহে সম্ভৱ হ’ল৷ অস্বীকাৰ কৰিব নোৱাৰি, মাথোঁ এমাহ পূৰ্বেও বিজেপিয়ে চৌহানৰ বিৰুদ্ধে সৃষ্টি হোৱা  প্ৰতিষ্ঠান বিৰোধী ঢৌৰ বাবে মধ্যপ্ৰদেশক বিজয়ৰ তালিকাৰ পৰা বিয়োগ কৰি ৰাখিছিল৷ কিন্তু মোদীয়ে ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰৰ নেতৃত্ব লোৱাৰ পৰা ৰাজনৈতিক সোঁত গেৰুৱা দলৰ দিশে ঘূৰিল আৰু কংগ্ৰেছৰ হাতৰ পৰা হেৰাল মধ্যপ্ৰদেশ৷ য’ত বিশ্বাস শেষ হয়, তাৰ পৰাই মোদীৰ গেৰাণ্টি আৰম্ভ হয়– বুলি নৰেন্দ্ৰ মোদীয়ে দেওবাৰে বিজয় উৎসৱত যি মন্তব্য কৰিছে, সেই গেৰাণ্টী তেওঁ মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়তো দি ভোটাৰৰ আস্থা লাভ কৰিলে৷ প্ৰকৃত যাদুকৰৰ দৰে ‘মই যি কম আপোনালোকে তাকেই শুনিব, মই যি দেখুৱাম আপোনালোকে তাকেই দেখিব’– বাক্য যেনেদৰে প্ৰেক্ষাগৃহৰ দৰ্শকে মন্ত্ৰমুগ্ধ হৈ মানি লয়, এই তিনি ৰাজ্যত ৰাজনীতিৰ যাদুকৰ মোদীৰ গেৰাণ্টীও ভোটাৰে মানি ল’লে৷ মোদীৰ কথাত ভোটাৰে বিশ্বাস কৰাৰ কাৰণ, কথা দিয়াৰ দৰে ৰাম মন্দিৰ প্ৰতিষ্ঠা, চন্দ্ৰযানৰ সফলতাৰ পৰা আহৰণ কৰা ৰাজনৈতিক লাভালাভ, জি-২০ৰ সাফল্যক মুলধন হিচাপে ব্যৱহাৰ কৰিব পৰাৰ ক্ষমতা৷ অৱশ্যেই কেন্দ্ৰত থাকি মোদী চৰকাৰে সৃষ্টি কৰা হিতাধিকাৰীও এই বিজয়ৰ অন্যতম কাৰিগৰ৷

আনহাতে হিন্দু ভোটৰ আধিপত্য দিনে দিনে বিজেপিৰ দিশে অধিক গাঢ় হৈছে৷ এতিয়া বিজেপিয়ে তাকে কিছু পৰিমাৰ্জিত কৰি সনাতনী শ্লোগান আৰম্ভ কৰিছে, যি হিন্দী বলয়ত অভাৱনীয়ভাৱে প্ৰযোজ্য৷ অন্ততঃ সনাতন সংস্কৃতিৰ একমাত্ৰ ৰক্ষাকৰ্তা বিজেপি বুলিয়েই হিন্দী বলয়ৰ ভোটাৰৰ অগাধ বিশ্বাসে গেৰুৱা দলটোক তিনি ৰাজ্যত অপ্ৰতিৰোধ্য কৰি তুলিলে৷ সন্দেহ নাই, বিজেপিৰ এতিয়াৰ হিন্দুত্বৰ শ্লোগান, মেৰুকৰণৰ পদ্ধতি পৰিশোধিত, পূৰ্বৰ দৰে কেঁচা নহয়৷ মোদী যাদুৱেই এই অভাৱনীয় বিজয় সম্ভৱ কৰা বুলি দাবী কৰা বিজেপিৰ মতে মধ্য প্ৰদেশ আৰু ছত্তীশগড়ত তেওঁলোকে মহিলাৰ ভোট একগোট কৰি নিজৰ দিশে আনিবলৈ সক্ষম হৈছে৷ তদুপৰি বিজেপিৰ এতিয়া যি সাংগঠনিক শক্তি, সেয়া পূৰ্ণ ক্ষমতাৰ দিনৰ কংগ্ৰেছতো নাছিল৷ তিনিখন ৰাজ্যত সাংগঠনিক শক্তিৰে বিজেপিয়ে তৃণমূল পৰ্যায়লৈ নিজৰ সাফল্যৰ বতৰা কঢ়িয়াই নিছে৷ সেই বাৰ্তা হিন্দুত্বৰ, উন্নয়নৰ আৰু কল্যাণৰ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছে ৰাজ্যই ৰাজ্যই এতিয়াও নিজৰ অহংকাৰ এৰিব নোৱাৰিয়েই ডুবিবলৈ ধৰিছে৷ ‘ইণ্ডিয়া’ জোঁট গঠন হোৱা স্বত্ত্বেও বিধানসভাৰ নিৰ্বাচনত সেই জোঁটবন্ধনক উলাই কৰি কংগ্ৰেছে এককভাৱে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ ফলত আন আন বিৰোধী দলেও প্ৰাৰ্থী অৱতীৰ্ণ কৰাইছে৷ ফলত বিৰোধী ভোট ভাগ হৈছে আৰু সুবিধা হৈছে বিজেপিৰ৷ ৰাজ্যভেদে কংগ্ৰেছে আন বিৰোধী  দলৰ শক্তি চাই সিদ্ধান্ত নোলোৱাৰ ফল ভূগিছে তিনিখন ৰাজ্য হাতৰ পৰা হেৰুৱাই৷ কংগ্ৰেছৰ এই অহংকাৰ আৰু অনমনীয় স্থিতিয়ে বিজয় সহজ কৰি দিলে বিজেপিৰ৷ 

তেলেংগানাত কংগ্ৰেছৰ বিজয় কে চন্দ্ৰশেখৰ ৰাওৰ চাৰে ৯ বছৰীয়া শাসনৰ বিৰুদ্ধে থকা প্ৰতিষ্ঠানবিৰোধী মনোভাৱৰ ফলাফল৷ তেলেংগানা-অন্ধ্ৰপ্ৰদেশ এখন ৰাজ্য হৈ থকা অৱস্থাত দক্ষিণৰ ৰাজ্যখনত কংগ্ৰেছৰ সবল স্থিতি  আছিল৷ তেলেংগানাত কংগ্ৰেছে সেই শক্তিকে মুলধন কৰিবলৈ সক্ষম হৈছে৷ সেই ৰাজ্যত বিজেপিৰ তেনে সংগঠন নাই৷ সেয়ে তেলেংগানাৰ ফলাফল বিজেপিৰ প্ৰত্যাশিত৷ তথাপি গেৰুৱা দলটোৱে জ্জ্বখন আসনেৰে এইবাৰ তেলেংগানাতে খোপনি পুতিছে৷