Logo
image

চাৰি ৰাজ্যত ৭৯খন সভা, নীৰৱ সন্তুষ্টি হিমন্তবিশ্বৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ ডিচেম্বৰঃ দেশৰ পাঁচ ৰাজ্যৰ সদ্য সমাপ্ত বিধানসভাৰ নিৰ্বাচনত বিজেপি দলৰ অধিকাংশ কেন্দ্ৰীয় নেতা, কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী, সাংসদ সকলো জঁপিয়াই পৰিছিল৷ এই সকলোৰে এটাই মাত্ৰ লক্ষ্য আছিল যে যিকোনো প্ৰকাৰে নিৰ্বাচনত দলীয় প্ৰাৰ্থীক জয়ী কৰোৱাই লৈ অনা৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আদি বিজেপি দল আৰু চৰকাৰৰ অধিকাংশ শীৰ্ষ নেতাই মূলতঃ চাৰিখন ৰাজ্য মধ্যপ্ৰদেশ, ৰাজস্থান, তেলেংগানা আৰু ছত্তীশগড়ত সৰ্বাধিক মনোনিৱেশ কৰিছিল৷ বিজেপি দলৰ অন্য নেতা মন্ত্ৰীৰ সমান্তৰালভাৱে অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাও এই চাৰিখন ৰাজ্যৰ নিৰ্বাচনত জপিয়াই পৰিছিল৷ দিন-ৰাতি একাকাৰ কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলাইছিল এই চাৰিওখন ৰাজ্যত৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাৰ এই নিৰ্বাচনী প্ৰচাৰ আছিল ৰাজনৈতিক দৃষ্টিকোনৰ পৰা অতি সু পৰিকল্পিত৷ ছত্তীশগড়ত মুখ্যমন্ত্ৰী ড॰ শৰ্মা হৈ পৰিছিল বিজেপিৰ ষ্টাৰ কেম্পেইনাৰ সকলৰ ভিতৰত অন্যতম৷ একাধিক বিতৰ্কিত মন্তব্য কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই নিৰ্বাচনী আয়োগৰ ৰোষতো পৰিবলগীয়া হয়৷ ইয়ে মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা নিশাটোৰ ভিতৰতে অধিক বঢ়াই তোলে ৰাজ্যখনত৷ কেৱল ছত্তীশগড়তে নহয়, মুখ্যমন্ত্ৰী ড॰ শৰ্মা মধ্যপ্ৰদেশ, ৰাজস্থান, তেলেংগানাতো মহিলা আৰু যুৱ প্ৰজন্মৰ ভোটাৰক অধিক পৰিমাণে আকৰ্ষিত কৰিবলৈ সক্ষম হয়৷ নিৰ্বাচন অনুষ্ঠিত ৪ খন ৰাজ্যত প্ৰচাৰৰ দায়িত্ব লাভ কৰা ড॰ শৰ্মাই অতি কম দিনৰ মাজত ৭৯ খন ৰাজহুৱা আৰু পথ সভাত অংশ লয়৷ এই দলীয় সভা আৰু ৰোড শ্বো সমূহত স্থানীয় ৰাইজৰ উপস্থিতি আৰু সহাৰি আছিল অতি আশাব্যঞ্জক৷ এই ৰাজ্যসমূহত বিজেপিৰ সপক্ষে ভোটাৰৰ মাজত নিৰ্বাচনী ঢৌ সৃষ্টি কৰাৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণ সফল হয়৷ প্ৰতিখন ৰাজ্যতে নিৰ্বাচনী প্ৰচাৰ সভাসমূহত মুখ্যমন্ত্ৰী ড॰ শৰ্মাই অসমত বিজেপি চৰকাৰে ৰূপায়ন কৰি থকা বিভিন্ন হিতাধিকাৰী আঁচনিৰ বিষয়ে বিস্তৃতভাৱে প্ৰচাৰ কৰিছিল৷ মুছলমান বিৰোধী মন্তব্যৰে জনপ্ৰিয় হৈ পৰা মুখ্যমন্ত্ৰী ড॰ শৰ্মাই ভোটাৰক বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতিও দিছিল৷ অৱশ্যে মুখ্যমন্ত্ৰী ড॰ শৰ্মাই দেওবাৰে চাৰিওখন ৰাজ্যৰ ফলাফল ঘোষণাৰ পিছতে মধ্যপ্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ৰ চমকপ্ৰদ সফলতাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বক সকলো ধৰণৰ কৃতিত্ব দিয়ে নৰেন্দ্ৰ মোদীক৷ মোদীৰ নেতৃত্বতে দেশত তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ গঠন হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে মত প্ৰকাশ কৰে৷ চাৰিওখন ৰাজ্যতে মাৰাথান নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপি দলৰ অধিক সংখ্য প্ৰাৰ্থী জয়ী কৰোৱাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ পিছতো মুখ্যমন্ত্ৰী ড॰ শৰ্মাই আজি ইয়াৰ বাবে নিজে কিন্তু কোনো ধৰণৰ কৃতিত্ব দাবী নকৰিলে৷ নিজৰ কষ্টৰ ফল লাভ কৰি নীৰবে যেন সন্তুষ্ট ড॰ হিমন্ত বিশ্ব শৰ্মা৷ বিতৰ্কিত মন্তব্যৰে ভোটাৰৰ দৃষ্টি আকৰ্ষণ কৰাৰ ক্ষেত্ৰত সফল হোৱা ড॰ শৰ্মাই অসমৰ বিজেপি চৰকাৰৰ সফলতাৰ খতিয়ানো সবিস্তাৰে দাঙি ধৰিছিল এই চাৰিওখন ৰাজ্যৰ ভোটাৰৰ সন্মুখত৷