Logo
image

কংগ্ৰেছৰ ‘বিজয়োৎসৱ’ত চেঁচাপানী ফটকা ফুটাই কটাক্ষ বিজেপিৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৪ ডিচেম্বৰঃ আজি ঘোষিত চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পাছতে প্ৰদেশ বিজেপিৰ কাৰ্যকৰ্তাসকলে মিঠাই বিলাই, ফটকা ফুটাই, ফাকুৱা লগাই বিজয় উল্লাস কৰাৰ লগতে মুখ্য কাৰ্যালয় আৰু জিলাই জিলাই বিজয় উৎসৱ পালন কৰে৷ এক কথাত ক’বলৈ গ’লে আজি আবতৰীয়া দেৱালী উদ্‌যাপন কৰা হয় প্ৰদেশ বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ত৷ ৰাজস্থান, ছত্তিশগড় আৰু মধ্যপ্ৰদেশ দখলৰ পাছতে দলীয় নিৰ্বাচনী ফলাফলৰ সন্দৰ্ভত মত প্ৰকাশ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই কয় যে চাৰি ৰাজ্যৰ নিৰ্বাচনী ফলাফলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি দেশবাসীৰ অবিচল আস্থা আৰু বিজেপিৰ দৰ্শনৰ গ্ৰহণযোগ্যতাক প্ৰমাণিত কৰিছে৷ এই বিজয়ৰ অন্তৰালত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ৰাষ্ট্ৰীয় সভাপতি জগত প্ৰকাশ নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ তথা ৰাষ্ট্ৰীয় সমিতিৰ সু-পৰিকল্পিত কাৰ্যপদ্ধতি আৰু দলীয় কাৰ্যকৰ্তাসকলৰ শ্ৰম আৰু ত্যাগ জড়িত হৈ আছে৷ আজি এই বিজয়ৰ মুহূৰ্তত সকলোলৈকে ধন্যবাদ জ্ঞাপন জনোৱাৰ লগতে চাৰিওখন ৰাজ্যৰ বিধানসভাত জয় লাভ কৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিজন প্ৰাৰ্থীকে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ৷ কলিতাই লগতে কয় যে ‘জনতাই জনাৰ্দন, কংগ্ৰেছ শাসিত ৰাজ্যত অপশাসনৰ ফলত জনতা অতিষ্ঠ হৈ উঠিছিল৷ আনহাতে, ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বত যে সমগ্ৰ দেশৰ অভূতপূৰ্ব বিকাশ হৈছে সেয়া দেশৰ জনসাধাৰণে অনুধাৱন কৰিছে সেয়ে ৰাজস্থান আৰু ছত্তিশগড়ত জনতাই কংগ্ৰেছক বৰ্জন কৰি ভাৰতীয় জনতা পাৰ্টিক আন্তৰিকতাৰে আদৰি লৈছে৷ এই বিজয়ে সমাগত লোকসভা নিৰ্বাচনতো জনতাৰ পক্ষ যে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত থাকিব তাৰ এক স্পষ্ট ইংগিত প্ৰদান কৰিলে৷’ উল্লেখ্য যে আজি ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত মুখ্য কাৰ্যালয়ৰ লগতে ৩৯খন সাংগঠনিক জিলাত ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে বিজয় উৎসৱ পালন কৰে৷ ইফালে আজি প্ৰদেশ কংগ্ৰেছৰে মুখ্য কাৰ্যালয় ৰাজীৱ ভৱনত দেখা গ’ল সম্পূৰ্ণ বিপৰীত ছবি৷ ৰাজস্থান, ছত্তিশগড় আৰু মধ্য প্ৰদেশত জয়লাভ নিশ্চিত বুলি অত্যুৎসাহী হোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ পেকেটে পেকেটে ফটকা নুফুটাকৈয়ে থাকি গ’ল৷ এক কথাত ক’বলৈ গ’লে ৰাজীৱ ভৱনত দেখা গ’ল নিমাওমাও পৰিৱেশ৷ ফটকাৰ পৰিৱৰ্তে আজি ৰাজীৱ ভৱনত ধোঁৱা দি মহ খেদাৰ দৃশ্যহে সুলভ হ’ল৷ কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মস্কৰা কৰি এনেদৰে কয়– ‘কংগ্ৰেছ দলৰ বিজয় উদযাপন কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই যোৱাকালিয়ে আনি থোৱা ফটকাসমূহ মনে মনে শৌচাগাৰৰ টেংকীত পেলাই দিছে আৰু বিজয় উৎসৱত নাচিবলৈ অনা বিহুদল দুটিয়ে মাননী বিচাৰি ৰাজীৱ ভৱনত হাহাকাৰ লগাইছে৷’ আনহাতে, তেজপুৰত কংগ্ৰেছৰ ভোজৰ ভাত চৰুতে থাকি গ’ল৷ খোৱা নহ’ল ৰন্ধা ভোজ৷ পাঁচ ৰাজ্যৰ নিৰ্বচনী ফলাফল বিজেপি বিৰোধী মিত্ৰজোঁটৰ সপক্ষে যোৱাৰ আগতীয়া অনুমানতে উল্লসিত হৈ শোণিতপুৰ জিলা কংগ্ৰেছে আজি বিজয় উদযাপনৰ বাবে ভোজৰ প্ৰস্তুতি চলাইছিল৷ খাদ্য, ফটকা সাজু কৰাৰ লগতে বিজয় উৎসৱ পালন কৰিবলৈ মটৰচাইকেল ৰেলী কৰিবলৈকো সাজু হৈ আছিল৷ আনহাতে, আজি দিনটোৰ পুৱাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই তেজপুৰস্থিত ঐতিহ্যমণ্ডিত মহাভৈৰৱ মন্দিৰ দৰ্শন কৰি দেৱাদিদেৱ মহাদেৱক সেৱা জনায়৷ মহাভৈৰৱ মন্দিৰত সপত্নীক উপস্থিত হৈ মহাদেৱৰ আশিস গ্ৰহণ কৰা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফলে আগন্তুক লোকসভা নিৰ্বাচনত যথেষ্ট প্ৰভাৱ পেলাব বুলি মন্তব্য কৰিছিল৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্বশৰ্মাই ষ্টাৰ কেম্পেইনাৰ হিচাপে যোৱা আটাইকেখন ৰাজ্যতে বিজেপি পৰাজিত হ’ব বুলিও ভৱিষ্যতবাণী কৰিছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি জনে৷ সমান্তৰাল ভাবে শোণিতপুৰ জিলা কংগ্ৰেছৰ তেজপুৰস্থ কাৰ্যালয় চৌহদত চলিছিল ভোজৰ আয়োজন৷ পেছাদাৰী ৰান্ধনীয়ে আৰম্ভ কৰে খাদ্য ৰন্ধনৰ কাম৷ মাংস ভাতৰ এই আয়োজন চলি থকাৰ সময়তে পাঁচৰাজ্যৰ নিৰ্বাচনী ফলাফল প্ৰকাশ পালে৷ কংগ্ৰেছৰ প্ৰত্যাশাৰ বিপৰীত ফলাফল ওলোৱাৰ পাছতে ইমান সময়ে বিজয় প্ৰত্যাশাৰে ভোজভাতৰ আয়োজন চলা শোণিতপুৰ জিলা কংগ্ৰেছৰ কাৰ্যালয় নিমাওমাও হৈ পৰিল৷ ৰন্ধা ভোজভাত খাবলৈ অধিকাংশ কংগ্ৰেছ নেতা কৰ্মী উপস্থিত নাথাকিল৷ ইপিনে এই নিৰ্বাচনী ফলাফল বিজেপিৰ সপক্ষে যোৱাত উৎসাহী বিজেপি দলে তেজপুৰত বিজয় উৎসৱ পালন কৰে৷ আজি সন্ধিয়া দলটোৰ তেজপুৰস্থিত জিলা কাৰ্যালয়ত ৰাজ্যচৰকাৰৰ এগৰাকী মন্ত্ৰী অশোক সিংহালৰ উপস্থিতিত স্থানীয় নেতা কৰ্মী সকলে বিজয় উৎসৱ পালন কৰে৷ ফটকা ফুটাই আৰু মিঠাই বিতৰণৰে বিজেপিৰ বিজয় উৎসৱ পালন কৰা বিজেপি কৰ্মী সকলে ২০২৪তো দলটোৱে প্ৰত্যাশিত ফলাফল লাভ কৰিবলৈ সক্ষম হঅব বুলি কয়৷ মুছলপুৰ, গোলকগঞ্জ আদিতো বিজেপিয়ে সন্ধিয়া আয়োজন কৰে বিজয় উৎসৱৰ৷ এক কথাত ক’বলৈ গ’লে কংগ্ৰেছৰ বিজয়োৎসৱত আজিৰ ফলাফলে চেঁচাপানী ঢালিলে৷ ফটকা ফুটাই কংগ্ৰেছক কটাক্ষ কৰিলে বিজেপিয়ে৷ কেৱল অসমতে নহয় সমগ্ৰ দেশতে দেখা গ’ল একেই পৰিৱেশ৷ নতুন দিল্লীত বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যালয়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত বিজয় উৎসৱ উদযাপন কৰাৰ বিপৰীতে কংগ্ৰেছৰ হেডকোৱাৰ্টাৰত দেখা গ’ল বিমৰ্ষ পৰিৱেশ৷ বিপৰ্যয়ৰ পাছতে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেই অহা বুধবাৰে ইণ্ডিয়া মিত্ৰজোটৰ বৈঠকৰ আয়োজন কৰিছে৷ ইফালে অসমৰ পোন্ধৰ দলীয় বিৰোধী ঐক্যমঞ্চৰ মুখপাত্ৰ অখিল গগৈয়ে নিৰ্বাচনী ফলাফলৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– এয়া গণতন্ত্ৰৰ বাবে, দেশবাসীৰ কাৰণে দুৰ্ভাগ্যজনক৷ আমি আত্মসমালোচনা কৰি আগবাঢ়িম৷ শীঘ্ৰেই আমাৰ ঐক্যমঞ্চৰ বৈঠক অনুষ্ঠিত হ’ব৷ ৰাজস্থানত বিধানসভাত জয়লাভ প্ৰমাণ নকৰে যে লোকসভাতো বিজেপি জিকিব৷ কিয়নো যোৱাবাৰ বিধানসভাত কংগ্ৰেছে জয়লাভ কৰাৰ পাছতে ৰাজস্থানত লোকসভাত বিৰোধী জয়ী হৈছিল৷’

(‘আমাৰ অসম’ৰ তেজপুৰৰ ষ্টাফ ৰিপ’ৰ্টাৰ, আগমণিৰ প্ৰতিবেদক আৰু মুছলপুৰৰ প্ৰতিবেদকৰ সহযোগত)

জিৰিকিন্দেঙত বিজেপিৰ বিজয়োৎসৱ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ডিফুঃ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ সৌজন্যত বিজেপি দল আৰু চৰকাৰে পৰিষদৰ চ্ছটা সমষ্টিতে আয়োজন কৰি আহিছে ঐক্য, বিজয় আৰু সমৃদ্ধি সমাৰোহ৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপি দল আৰু চৰকাৰে একপ্ৰকাৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰ চলাই আহিছে৷ ইয়াৰে অংশস্বৰূপে আজি পশ্চিম কাৰ্বি আংলং জিলাৰ আমৰেং পৰিষদীয় সমষ্টিৰ মেঘালয় সীমান্তৰ জিৰিকিন্দেঙত আয়োজন কৰে ঐক্য, বিজয় আৰু সমৃদ্ধি সমাৰোহ৷ আজি বিজেপি দলে ৰাজস্থান, মধ্যপ্ৰদেশ আৰু ছত্তীশগড়ত বিজেপিৰ বিপুল প্ৰকাশৰ পিছতে বিজয় সমাৰোহ অধিক জোৰদাৰ হয়৷ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক বিদ্যাছিং ইংলেং, দৰছিং ৰংহাং আৰু ৰূপছিং টেৰণে কয় যে ভাৰতৰ জনতাই তৃতীয়বাৰৰ বাবে যে নৰেন্দ্ৰ মোদীক প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছে সেয়া আজি প্ৰমাণ হ’ল৷ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক তীব্ৰ সমালোচনা কৰি কয় যে নিজে তিনিবাৰ নিৰ্বাচন হাৰি ডিফু আৰু কোকৰাঝাৰ আসন কংগ্ৰেছে পাব বুলি দাবী কৰিছিল৷ আজি বিজেপিৰ পতন হ’ব বুলি কৈছিল কিন্তু নিজৰ দলৰে পতন হ’ল৷ আজি ভূপেন বৰাই বিলাবলৈ অনা মিঠাই পেলাই দিলে বুলি তেওঁ কটাক্ষ কৰে৷