Logo
image

দুজনকৈ ‘মুখ্যমন্ত্ৰী’ক হৰুৱাই নায়ক তেলেংগানাৰ বিজেপি নেতা

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৪ ডিচেম্বৰঃ তেলেংগানা বিধান সভাৰ নিৰ্বাচনত মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ কে চি আৰ দলক হৰুৱাই কংগ্ৰেছে বিজয়ৰ নিচান উৰুৱালেও তেলেংগানাত নায়ক হিচাপে চিহ্নিত হ’ল এজন বিজেপি নেতা৷ তেলেংগানাৰ বিধান সভাৰ নিৰ্বাচনৰ নায়ক হিচাপে অভিহিত কৰিছে কাটিপল্লী ভেংকট ৰমন ৰেড্ডীক৷ দুজনকৈ মুখ্যমন্ত্ৰীক নিৰ্বাচনত হৰুৱাই দেওবাৰে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দিনটোতে নায়কৰ শাৰীলৈ পৰিণত হ’ল কামাৰেড্ডী সমষ্টিৰ বিজেপি প্ৰাৰ্থী কাটিপল্লী ভেংকট ৰমন ৰেড্ডী৷ বিজেপিৰ এইজন নেতাই কামাৰেড্ডী সমষ্টিত কে চি আৰ দলৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা বৰ্তমানৰ তামিলনাডুৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও আৰু কংগ্ৰেছৰ ভাবী মুখ্যমন্ত্ৰী তথা ৰাজ্যিক সভাপতি অনুমুলা ৰেৱন্ত ৰেড্ডীক বৃহৎ ব্যৱধানত পৰাজয় কৰে৷ তেলেংগানাৰ নিৰ্বাচনৰ নায়ক বুলি বিজেপিয়ে অভিহিত কৰা কাটিপল্লী ভেংকট ৰমন ৰেড্ডীয়ে কাৰ্যতঃ দুজন মুখ্যমন্ত্ৰীক হৰুৱাই ৬৬৬৫২টা ভোট লাভ কৰিবলৈ সক্ষম হয়৷ তেলেংগানাৰ এজন প্ৰতিষ্ঠিত ব্যৱসায়ী কাটিপল্লী ভেংকট ৰমন ৰেড্ডীয়ে কে চি আৰৰ প্ৰাৰ্থী তথা মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওতকৈ ৬,৭৪৭ টা অধিক ভোটত জয় লাভ কৰে৷ কামাৰেড্ডী সমষ্টিত তেলেংগানা কংগ্ৰেছৰ সভাপতি তথা মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ৰেৱন্ত ৰেড্ডীয়ে তৃতীয় স্থানতেই সন্তুষ্ট থাকিবলগীয়া হয়৷ কংগ্ৰেছ প্ৰাথীজনে মুঠ ৫৪,৯১৬টা ভোট লাভ কৰাৰ বিপৰীতে দ্বিতীয় স্থানত থকা মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৱে ৫৯,৯১১টা ভোট লাভ কৰে৷ লক্ষণীয়ভাৱে এই নিৰ্বাচনত কামাৰেড্ডী সমষ্টিত মুঠ ৩৯জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল৷ অৱশ্যে তেলেংগানাত বিজেপিয়ে পৰাজয় বৰণ কৰিলেও কাটিপল্লী ভেংকট ৰমন ৰেড্ডীক এতিয়া বিজেপিৰ সকলো ৰাষ্ট্ৰীয় নেতাই প্ৰশংসাই উপচাই পেলাইছে৷ বিজেপিয়ে ভেংকট ৰমন ৰেড্ডীক তেলেংগানাৰ নতুন নায়ক বুলিও অভিহিত কৰিছে৷ অৱশ্যে ব্যক্তিগতভাৱে পৰাজয় হ’লেও তেলেংগানাৰ শাসন কংগ্ৰেছৰ হাতত অধীস্থিত কৰোৱাত ৰাজ্যিক সভাপতি ৰেৱন্ত ৰেড্ডীকে সকলোকে কৃতিত্ব দিয়া পৰিলক্ষিত হৈছে৷ ৰাজনৈতিক বিশ্লেষকসকলৰ মতে ৰেৱন্ত ৰেড্ডীয়ে বহু প্ৰতিকূল পৰিৱেশক নেওচি যুঁজ দি তেলেংগানা কংগ্ৰেছক এই সফলতাৰ সোৱাদ দিলে৷