Logo
image

এয়া উন্নয়নৰ জয়ঃ মোদী পূৰ্বৰ ভুল শুধৰামঃ ৰাহুল

নতুন দিল্লী, ৪ ডিচেম্বৰঃ সদ্যঘোষিত চাৰিখন ৰাজ্যৰ নিৰ্বাচনী ফলাফলত বিজেপিয়ে ৰাজ্যস্থান, মধ্যপ্ৰদেশ আৰু ছত্তিশগড়কে ধৰি তিনিখনকৈ ৰাজ্যত জয়লাভ কৰাক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্নয়নৰ জয় বুলি অভিহিত কৰিছে৷ আজি নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছতেই মোদীয়ে বিজেপিৰ সদৰ কাৰ্যালয়ত উপস্থিত হৈ তাৰ পৰাই তিনিওখন ৰাজ্যৰ জনসাধাৰণক অভিন্দন জ্ঞাপন কৰে৷ মোদীয়ে দলীয় কৰ্মীসকলক উদ্দেশ্যি দিয়া ভাষণ প্ৰসংগত কয়– এতিয়াৰে পৰা আমি সতৰ্ক হ’ব লাগিব যাতে আমি দেশবাসীৰ বাবে অধিক সেৱা কৰাৰ বাবে সংকল্পবদ্ধ হ’ব পাৰো৷ তেওঁ লগতে নিৰ্বাচনী বিজয়ে অধিক দায়িত্ব হাতত তুলি দিয়া বুলি উল্লেখ কৰি বিজেপি কৰ্মীসকলে দেশ সেৱা কৰাৰ বাবে অধিক মনোযোগ দিব লাগিব৷ ইপিনে দুৰ্নীতিৰ বিৰুদ্ধে বিজেপিয়ে যুঁজ দিয়াৰ বাবেই নিৰ্বাচনী যুঁজত জনসমৰ্থন লাভ কৰিবলৈ সক্ষম হোৱা বুলি ভাষণ প্ৰসংগত কয় মোদীয়ে৷ তেওঁ আনকি বিজেপি চৰকাৰে দেশবাসীক উন্নয়নৰ নতুন মডেল আগবঢ়াই দিয়া বুলি উল্লেখ কৰে৷ মোদীয়ে কয়–‘আমাৰ নীতি অকল দেশ আৰু দেশৰ নাগৰিক’৷ সেই নীতিৰ লাভালাভ যাতে দেশৰ প্ৰতিজন নাগৰিকে লাভ কৰে তাৰ বাবে আমি সতৰ্ক হ’ব লাগিব৷ তদুপৰি তেওঁ তিনি ৰাজ্যৰ জয়ে বিজেপিৰ ওপৰত দেশবাসীৰ আস্থা বৃদ্ধি হোৱাটো প্ৰমাণ কৰা বুলি ভাষণত কয়৷ একেদৰে মোদীয়ে কেন্দ্ৰীয় চৰকাৰৰ অন্যতম লক্ষ্য নাৰী শক্তিৰ উন্নয়ন বুলি উল্লেখ কৰে৷ মহিলা উন্নয়নৰ ক্ষেত্ৰত বিজেপিয়ে আগবঢ়োৱা প্ৰতিটো প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰা হ’ব বুলিও মোদীয়ে আশ্বাস প্ৰদান কৰে৷ ইপিনে কংগ্ৰেছৰ যুৱ নেতা ৰাহুল গান্ধীয়ে নিৰ্বাচনত কৰা পৰাজয় নতশিৰে মানি লোৱা বুলিও উল্লেখ কৰে৷ তেওঁ কংগ্ৰেছ দলত শেহতীয়াকৈ দেখা দিয়া ভুলসমূহৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে প্ৰতিজন দলীয় নেতা-কৰ্মীক সতৰ্ক হ’বলৈ আহ৩ান জনায়৷ নিৰ্বাচনী ফলাফলত কংগ্ৰেছ দলৰ পৰাজয় নিশ্চিত হোৱাৰ পাছত ৰাহুল গান্ধীয়ে দেশবাসীক উদ্দেশ্যি উল্লেখ কৰে যে ‘আমি  জনতাৰ ৰায় স্বীকাৰ কৰিছো৷ কিন্তু তথাপি আদৰ্শগত কাৰণতেই আমি আমাৰ যুঁজ অব্যাহত ৰাখিম৷’ তদুপৰি তেওঁ পুৰ্বে কৰা ভুলসমূহৰ সংশোধন কৰা হ’ব বুলিও উল্লেখ কৰে৷ একেটা বাৰ্তাত ৰাহুল গান্ধীয়ে তেলেংগানাত কংগ্ৰেছ দলক বিজয়সাব্যস্ত কৰোৱাৰ বাবে ৰাজ্যবাসীক ধন্যবাদ জ্ঞাপন কৰে৷ ইপিনে কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ বাবেই আজি ভাৰতৰ উন্নয়নৰ যাত্ৰা শক্তিশালী হোৱা বুলি জনায়৷ মোদীৰ বাবেই আজি বিজেপি দলে ৰাজস্থান, ছত্তিশগড় আৰু মধ্যপ্ৰদেশৰ ক্ষমতা দখল কৰিবলৈ সক্ষম হোৱা বুলি তেওঁ উল্লেখ কৰে৷ তেওঁ আজি এক বিজ্ঞপ্তি যোগে কয় যে নৰেন্দ্ৰমোদী বিগত ন বছৰৰ গেৰাণ্টীসমূহ সফলভাৱে ৰূপায়ণ হৈছে৷ যাৰ বাবে সকলোশ্ৰেণীৰ জনতাৰ বিশ্বাস বিজেপিৰ পক্ষত আছে৷ তেওঁ লগতে পৰিয়াল কেন্দ্ৰীক ৰাজনীতি, দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু অপশাসনৰ ইতিহাসৰ বাবেই দেশবাসীয়ে কংগ্ৰেছ দলক প্ৰত্যাখ্যান কৰা বুলি আজি উল্লেখ কৰে৷