Logo
image

‘ইণ্ডিয়া’ত সংকট, ততাতৈয়াকৈ বৈঠক আহ্বান খৰ্গেৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৪ ডিচেম্বৰঃ তিনিখন ৰাজ্যত বিধবস্ত হৈ এতিয়া হুচ ঘূৰি অহা কংগ্ৰেছ দলে থৰুকাচুতি হেৰুৱাই অহা ৬ ডিচেম্বৰত ‘ইণ্ডিয়া’ জোঁটৰ বৈঠক আহ্বান কৰি দেওবাৰে বিৰোধী দল-সমূহলৈ ফোন কৰিবলৈ ধৰিছে৷ মুম্বাইত ‘ইণ্ডিয়া’ৰ শেষ বৈঠক হোৱাৰ পাছত এই  জোঁটক লৈ কংগ্ৰেছে কোনো উচ্চবাচ্য কৰা নাছিল৷ আনকি ৫ ৰাজ্যৰ নিবাচনত এই জোঁটক গুৰুত্ব নিদি অকলেই প্ৰতিদ্বন্দ্বিতাৰ পথ লৈছিল কংগ্ৰেছে৷ মধ্য প্ৰদেশৰ ২৩০খন বিধানসভাৰ আসনৰ মাত্ৰ ৬খন বিচাৰিছিল সমাজবাদী পাৰ্টীয়ে৷ কিন্তু তাত সন্মত হোৱা নাছিল ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খৰ্গে৷ ফলত অখিলেশ যাদৱে কংগ্ৰেছৰ ‘বেইমানী’ৰ উত্তৰ দিলে ৭১ খন আসনত প্ৰাৰ্থী দি৷ দেওবাৰে ফলাফল ওলোৱাত দেখা গৈছে উত্তৰ প্ৰদেশৰ নিকতৱৰ্তী বুণ্ডেলখণ্ড-বাঘেলখণ্ডত কংগ্ৰেছৰ ভোট কাঢ়ি নিছে সমাজবাদী দলে৷ ৰাজ্যই ৰাজ্যই প্ৰাৰ্থী দিলেও আপেও৷ দেওবাৰে ফলাফল সম্পূৰ্ণ প্ৰকাশ নৌহঁওতেই কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গেই ৬ ডিচেম্বৰত ‘ইণ্ডিয়া’ জোঁটৰ বৈঠক আহ্বান কৰি বিৰোধী নেতালৈ উপৰ্যুপৰি ফোন কৰিছে৷ পিছে এই মুহূৰ্তত বিৰোধী দলৰ নেতাৰ সঁহাৰিত সিমান উত্তাপ নাই৷ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ৬ ডিচেম্বৰ সভাত উপস্থিত নাথাকে৷ অখিলেশ যাদৱ, নীতিশ কুমাৰেও সঁহাৰি জনোৱা নাই৷ ফলত তিনি ৰাজ্যৰ নিৰ্বাচনৰ ফলাফল প্ৰকাশ হওতেই হঠাতে ‘ইণ্ডিয়া’ জোঁট সংকটৰ সন্মুখীন হৈছে৷ অনকেই দাবী কৰিছিল, ‘ইণ্ডিয়া’ জোঁট সাধাৰণ নিৰ্বাচনৰ বাবেহে, বিধানসভাত তেনে বুজাবুজি নহ’বও পাৰে৷ পিছে বিধানসভাৰ ৩ ৰাজ্যৰ ফলাফলে আচম্বিতে ‘ইণ্ডিয়া’ জোঁটলৈ অশনি সংকেত কঢ়িয়াই আনিলে৷ ‘ইণ্ডিয়া’ৰ স্থায়িত্ব কিমান, তাৰ প্ৰাথমিক আভাষ পোৱা যাৱ ৬ ডিচেম্বৰৰ বৈঠকত৷