Logo
image

ভূপেন বৰা বিজেপিৰ এজেণ্ট, ভগৱান শ্ৰীকৃষ্ণক ঠাট্টা কৰি হিন্দু ভোট বিজেপিলৈ পঠিয়ালেঃ কৰিম উদ্দিন বৰভূঞা

ডিজিটেল সংবাদ, নগাঁওঃ আগন্তুক লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ পৰিছে এআইইউডিএফ। নগাঁও আৱৰ্ত্ত ভৱনত সোমবাৰে সন্ধিয়া আয়োজিত এক সংবাদমেলত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰে এআইইউডিএফে। বিধায়ক কৰিম উদ্দিন বৰভূঞা আৰু আমিনুল ইছলামে সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক বিজেপিৰ এজেণ্ট বুলি দাবী কৰে। মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰিম উদ্দিন বৰভূঞাই কয়, "মুখ্যমন্ত্ৰীয়ে মুছলমানক বিধায়ক হোৱাত বাধা দিলে৷ মুখ্যমন্ত্ৰীয়ে এন আৰ আই ৰিজাৰ্ভেছন কৰি মুছলমান ল'ৰা-ছোৱালীক ডাক্তৰ হোৱাত বাধা দিছে।" 

কংগ্ৰেছৰ সভাপতি ভূপেন বৰাকো সমালোচনা কৰি বৰভূঞাই কয়, "ভূপেন বৰা বিজেপিৰ এজেণ্ট। সেয়ে ভগৱান শ্ৰীকৃষ্ণক ঠাট্টা কৰি হিন্দু ভোট বিজেপিলৈ পঠিয়ালে। ভূপেন বৰাৰ চাল-চলন আমি ভাল দেখা নাই। বিজেপি বিধায়কৰ সমষ্টিত কংগ্ৰেছে সভা নাপাতে। এআইইউডিএফৰ বিধায়কৰ সমষ্টিতহে সভা পাতে কংগ্ৰেছে। ১১টা সমষ্টি বিজেপিক ৱাক অভাৰ দিছে কংগ্ৰেছে। ১১টাৰ ৬টা সমষ্টিত আমাৰ সবল ভেটি আছে। কিন্তু কংগ্ৰেছৰ বাবে আমি ৩টা এৰি দিছোঁ। নগাঁও, কৰিমগঞ্জ আৰু ধুবুৰীত আমি জিকিম। নগাঁৱত মই আমিনুল ইছলামক প্ৰাৰ্থিত্ব দিবলৈ অনুৰোধ জনাম।" 

আনহাতে জেহাদীৰ নামত মাদ্ৰাছাসমূহক হাৰাশাস্তি কৰাৰ অভিযোগ কৰি বৰভূঞাই কয়, "অসমত এজনো জেহাদী নাই। খোদ ডিজিপিয়ে ৰিপোৰ্ট দিছে। অসমৰ মাদ্ৰাছাৰ কোনো ইমাম অপৰাধী নহয়।" ইপিনে গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ মুছলমানৰ ভোটত জিকিল বুলি মন্তব্য কৰি কৰিমউদ্দিন বৰভূঞাই কয়, "গৌৰৱে মুছলমানৰ কথা চিন্তা নকৰিলে।গোৰ্খাৰ কথাহে চিন্তা কৰিলে। সেয়ে গোৰ্খাৰ বাবে পত্ৰ লিখিলে। এইবাৰ মুছলমান ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব।" 

আমিনুল ইছলামেও তীব্ৰ সমালোচনা কৰে কংগ্ৰেছ-বিজেপিক। নগাঁও লোকসভাৰ প্ৰাৰ্থী হ'বলৈ আগ্ৰহ প্ৰকাশ কৰা ধিঙৰ বিধায়ক ইছলামে কয়, "মিঞাৰ ওপৰত অত্যাচাৰ হৈছে। বুলড'জাৰ চলোৱা গৈছে। নগাঁৱত আমি ৭ লাখ ভোটত জিকিম। বিজেপিয়ে ৫লাখ পাব। কংগ্ৰেছে ৩লাখ পাব। চামগুৰিৰ পৰা পবিতৰালৈকে নগাঁও লোকসভাত এতিয়া এআইইউডিএফৰ ঢৌ চলিছে।"