Logo
image

বিশেষ টেট উত্তীৰ্ণ প্ৰাৰ্থীক মুখ্যমন্ত্ৰীয়ে প্ৰতাৰণা কৰাৰ অভিযোগঃ প্ৰতিশ্ৰুতি পালন নকৰিলে জানুৱাৰীৰ পৰা সন্থাই আৰম্ভ কৰিব 'মুখ্যমন্ত্ৰীক লগ কৰোঁ আহক' শীৰ্ষক কাৰ্যসূচী

ডিজিটেল সংবাদ, গুৱাহাটীঃ সদৌ অসম বিশেষ টেট উত্তীর্ণ (২০২১) সন্থাই তেওঁলোকক নিযুক্তি প্ৰদান কৰা বিষয়ত  অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে সময়ে সময়ে কৰি অহা ভাষ্যক লৈ তেওঁলোক সন্দিহান আৰু উদ্বিগ্ন হৈ পৰিছে। ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাক মাজে-সময়ে বিভিন্ন কাৰ্যসূচীত লগ পালে তেঁও শীঘ্ৰে আমাক নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ঘোষণা কৰি আহিছে। সোমবাৰে দিছপুৰ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদ মেলত এই কথা সদৰি কৰি  সন্থাৰ সভাপতি গণেশ বৈষ্ণব আৰু সম্পাদক কমল পাঠকে কয় - মুখ্যমন্ত্রী ড০ হিমন্তবিশ্ব শৰ্মাই কৰা ঘোষণাৰ বিপৰীতে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে নিযুক্তিক লৈ সময়ে সময়ে কৰি অহা ঘোষণা মন্তব্যই স্বাভাৱিকতে তেওঁলোকক দোধৰ-মোধৰ অৱস্থাত পেলাইছে। অসম চৰকাৰৰ শিক্ষা বিভাগে সর্বশিক্ষা অভিযান মিছনৰ অধীনত ঠিকাভিত্তিত অতি কম মাননিত কাম কৰা ১৪,৫৭৫ গৰাকী ইউনিক আই ডি প্রাপ্ত প্ৰাৰ্থীৰ বাবে ২০২১ চনৰ ৩ অক্টোবৰত বিশেষ টেট পৰীক্ষা অনুষ্ঠিত কৰে আৰু ৩ নৱেম্বৰত ফলাফল ঘোষণা কৰে। য'ত ১৪,৫৭৫ জনৰ ভিতৰত কেৱল ৬৬৭ গৰাকী প্রার্থীয়েহে উত্তীর্ণ হ'বলৈ সক্ষম হয়। বৰ্তমানৰ মুখ্যমন্ত্রী মহোদয় যেতিয়া শিক্ষামন্ত্রী হিচাপে দায়িত্বত আছিল আছিল, তেতিয়া কথা দিছিল যে বিশেষ টেট অনুষ্ঠিত কৰি পিছদিনাই নিযুক্তি দিম বুলি। কিন্তু আজি দুই বছৰ সম্পূৰ্ণ হোৱাৰ পাছতো কিন্তু চৰকাৰৰ ফালৰ পৰা কোনো ইতিবাচক সঁহাৰি লাভ নকৰিলোঁ। শিক্ষামন্ত্রীক লগ কৰি আমাৰ নিযুক্তি কেতিয়া হব সুধিলে কয় যে চৰকাৰে বিশেষ টেট উত্তীর্ণ প্রার্থীসকলক নিযুক্তি দিব নোৱাৰে। আনহাতে  মুখ্যমন্ত্রীক সুধিলে কয় যে অতি সোনকালে তোমালোকৰ নিযুক্তিৰ ব্যৱস্থা কৰা হ'ব। আমি মুখ্যমন্ত্রী আৰু শিক্ষামন্ত্রী  দুয়োজনৰ কথাত কোনো মিল দেখা নাই৷ শিক্ষামন্ত্রীয়ে বাৰে বাৰে মুখ্যমন্ত্রীৰ কথাকো আওকাণ কৰি আহিছে। বিহাৰ, ত্ৰিপুৰাৰ দৰে ৰাজ্যত যদি সৰ্বশিক্ষা অভিযানত কৰ্মৰত কর্মীসকলক নিযুক্তি দিব পাৰে, অসমত আমাক কিয় দিব নোৱাৰে। বিজেপি দলৰ নিৰ্বাচনী ইস্তাহাৰত এই দুর্ভগীয়া উত্তীর্ণ শিক্ষকসকলক নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়তেই নিয়োগত অংশ গ্রহণ কৰোৱাৰ প্ৰতিশ্রুতি আছিল যদিও আজি পর্যন্ত সেই প্রতিশ্রুতি বাস্তৱত পৰিলক্ষিত হোৱা দেখা নগ'ল। আমি মুখ্যমন্ত্ৰীক আহ্বান জনাও যে আপুনি চলিত ডিচেম্বৰ মাহৰ ভিতৰত আমাক নিযুক্তিৰ বাবে পূৰ্বতে দিয়া প্ৰতিশ্ৰুতি পালন কৰক। নহ'লে আমি জানুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ পৰাই 'মুখ্যমন্ত্ৰীক লগ কৰোঁ আহক' শীৰ্ষক কাৰ্যসূচী পালন কৰিম। সমাজৰ বাবে মানৱতাৰ সেৱা আগবঢ়োৱা এই এই নগন্যমানৰ শিক্ষক সমাজক চলিত এক লাখ নিযুক্তিৰ ভিতৰতে নিযুক্তি প্ৰক্ৰিয়াত অন্তর্ভুক্ত কৰিবলৈ সন্থাই মুখ্যমন্ত্রীক অনুৰোধ জনাইছে বুলি দুয়োজন নেতাই সংবাদ মেলত সদৰি কৰে। সংবাদ মেলত সন্থাৰ উপ সভাপতি প্ৰদীপ পালকে ধৰি কেবাজনো নেতা উপস্থিত থাকে।