Logo
image

জালুকবাৰী আৰক্ষী থানাত চাঞ্চল্যকৰ ঘটনাঃ আৰক্ষীৰ জিম্মাতে আত্মহনন চুৰি গোচৰত অভিযুক্ত যুৱকৰ

ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীৰ জালুকবাৰী আৰক্ষী থানাৰ ভিতৰতে সোমবাৰে এজন যুৱকে চিপ লৈ ৰহস্যজনকভাৱে আত্মহত্যা কৰাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। চুৰি গোচৰৰ অভিযোগত আৰক্ষীয়ে গ্রেপ্তাৰ কৰি জালুকবাৰী থানাৰ লকআপত ৰখাৰ সময়তে চিপ লৈ আত্মহত্যা কৰা যুৱকজন বৰপেটা জিলাৰ বাঘবৰ থানাৰ অন্তর্গত মৌৰিপাম গাঁৱৰ জেহেৰুল ইছলাম বুলি জানিব পৰা গৈছে। কিন্তু ধানাৰ ভিতৰতে আৰক্ষীৰ জিম্মাত থকা অৱস্থাত চুৰি গোচৰৰ অভিযুক্ত যুৱকজনে কেনেকৈ আত্মহত্যা কৰিবলৈ পালে এই লৈ ৰহস্য ঘনীভূত হৈছে। জালুকবাৰী থানাৰ শৌচাগাৰত মৃতদেহটো উদ্ধাৰ হোৱাৰ পিছতে দণ্ডাধীশ আৰু উচ্চপদস্থ আৰক্ষী বিষয়া জালুকবাৰী থানাত উপস্থিত হৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে জি এম চি এইচলৈ প্রেৰণ কৰে। 

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও যুৱকজনৰ ৰহস্যজনক আত্মহত্যা সন্দর্ভত সবিশেষ তথ্য পোহৰলৈ অহা নাই। উল্লেখ্য যে জালুকবাৰী ঈদগাহ ময়দানৰ সমীপৰ এখন দোকানৰ সামগ্রী চুৰি কৰি যুৱকজনে শৰাইঘাট নগৰৰ এখন ডেম্পত বিক্রী কৰিছিল। পিছত স্থানীয় লোকে চুৰিৰ অভিযুক্ত যুৱকসহ ডেম্পৰ মালিকক কৰায়ত্ত কৰি আৰক্ষীক গতাই দিছিল। ঘটনা সন্দর্ভত আৰক্ষীয়ে জালুকবাৰী থানাত গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে আৰু আজি যুৱকজনক আদালতত হাজিৰ কৰোৱাৰ কথা আছিল। কিন্তু আদালতত হাজিৰ কৰোবাৰ পূর্বে যুৱকজনে জালুকবাৰী থানা চৌহদত থকা শৌচাগাৰত কম্বলেৰে ৰছী প্রস্তুত কৰি আত্মহত্যা কৰে। পুৱাৰ ভাগত থানা চৌহদৰ শৌচাগাৰত যুৱকজনৰ মৃতদেহ উদ্ধাৰ হোৱাক কেন্দ্র কবি তীব্র চাঞ্চল্যৰ সৃষ্টি হয়।