Logo
image

মুখ্যমন্ত্ৰীৰ বাবে নতুন মুখ বিচাৰিছে বিজেপিয়ে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৫ ডিচেম্বৰঃ কেৱল নিৰ্বাচনত বিজয়েই মুখ্যমন্ত্ৰীৰ গাদী দখল কৰাৰ বাবে মূল অৰ্হতা নহয়৷ পূৰ্বে যে মুখ্যমন্ত্ৰী হৈ আছিল, সিয়ো অন্যতম কাৰক নহয়৷ দেশৰ বক্ষস্থলৰ যি তিনিখন ৰাজ্যত বিজেপিয়ে ক্ষমতা অৰ্জন কৰিছে, সেই তিনিৰাজ্য ক্ৰমে মধ্য প্ৰদেশ, ৰাজস্থান আৰু ছত্তীশগড়ত মুখ্যমন্ত্ৰী কোন হ’ব সেই লৈ তীব্ৰ জল্পনা কল্পনা আৰম্ভ হোৱাৰ সময়ত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব এই সন্দৰ্ভত নীৰৱ হৈ থকাৰ বাবেই মুখ্যমন্ত্ৰীৰ পদবীক লৈ চৰম অনিশ্চয়তাৰ সৃষ্টি হৈছে৷ নিৰ্বাচনৰ ফলাফল ঘোষণাৰ আগলৈকে যিটো বিষয় তেনেই সহজ যেন লাগি আছিল, এতিয়া নিৰ্বাচনী ফলাফল প্ৰকাশৰ এদিন পাছত সিয়েই জটিল বিষয়ত পৰিণত হৈছে৷ অৰ্থাৎ মধ্য প্ৰদেশত ৪ বাৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকাল চলোৱা প্ৰবীন নেতা শিৱৰাজ সিং চৌহানেই যে পুনৰ মুখ্যমন্ত্ৰী হ’ব সেয়া নিশ্চিত নহয়৷ একেদৰে ৰাজস্থানত এটা কাৰ্যকালৰ পূৰ্বে মুখ্যমন্ত্ৰী হৈ থকা বসুন্ধৰা ৰাজে সিন্ধিয়া, ছত্তীশগড় ৪ কাৰ্যকাল মুখ্যমন্ত্ৰীৰ আসন চম্ভলা ৰমণ সিং পুনৰ মুখ্যমন্ত্ৰী হ’ব বুলি  নিৰ্বাচনী ফলাফল ঘোষণাৰ ২৪ ঘণ্টাৰ পাছতো নিশ্চিত নহয়৷ অন্ততঃ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই নিৰ্বাচনী ফলাফল ঘোষণাৰ এদিন পাছত, আজি সোমবাৰে নিশা পৰ্যন্ত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা নকৰাত প্ৰাক্তন তিনি মুখ্যমন্ত্ৰীৰ পথ যে অতি মসৃন নহয়, সেয়া পৰিষ্কাৰ হৈ গৈছে৷ ৰাজনৈতিক বিশ্লেষকৰ মত, তিনি ৰাজ্যতে বিজেপিয়ে নতুন কিন্তু দক্ষ মুখৰ সন্ধান কৰিছে৷

অসমতো তেনে হৈছিল৷ বিজেপিৰ বাবে মুখ্যমন্ত্ৰী সলনি কৰাটো সহজতম ঘটনা৷ ত্ৰিপুৰাত পলকতে সলনি কৰা হৈছিল বিপ্লৱ দেৱক৷ গুজৰাটত বিগত চাৰে ৯ বছৰত ৩ জন মুখ্যমন্ত্ৰী সাল-সলনি কৰিছে বিজেপিয়ে৷ উত্তৰাখণ্ডতো মুখ্যমন্ত্ৰী সাল-সলনি কৰিছিল বিজেপিয়ে৷ বিজেপিত মুখ্যমন্ত্ৰীৰ আসন কাৰো বাবে স্থায়ী নহয়৷ দক্ষতা প্ৰমাণ কৰিব নোৱাৰিলে, জনপ্ৰিয়তা হ্ৰাসৰ উমান পালে আৰু সৰ্বোপৰি ‘মইবৰ’ হৈ উঠিলে বিজেপিৰ শীৰ্ষ নেতৃত্বই তেনে নেতাক টানি তললৈ নিমিষতে নমায়৷ কেন্দ্ৰীয় নেতৃত্বৰ প্ৰতি অনুগত, কিন্তু দক্ষতা পূৰ্বে দেখাৰ দৰে বা ভবাৰ দৰে নহয়, তেনে মুখ্যমন্ত্ৰীক শীৰ্ষ নেতৃত্বই সংস্থাপিত কৰে৷ উদাহৰণ ত্ৰিপুৰাৰ বিপ্লৱ দেৱ৷ অসমৰ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত সৰ্বানন্দ সোণোৱালৰ কাৰ্যকালত বিজেপিয়ে ৰাজ্যত পুনৰ ক্ষমতা অক্ষুন্ন ৰাখিছিল৷ কিন্তু সৰ্বানন্দ সোণোৱাল পুনৰ মুখ্যমন্ত্ৰী হ’ব নোৱাৰিলে৷ সকলোৱে জানে, সৰ্বানন্দ সোণোৱালে স্বেচ্ছাই মুখ্যমন্ত্ৰিত্ব এৰি দিয়া নাছিল৷ তেওঁক শীৰ্ষ নেতৃত্বই আঁতৰাইছিল, সোণোৱালে মাথোঁ আপত্তি কৰা নাছিল৷ কৰ্ণাটকৰ বি এছ য়েডিয়ুৰাপ্পাক শীৰ্ষ নেতৃত্বই ক্ষমতাহীন কৰি পেলাইছিল তেওঁৰ অহংকাৰৰ বাবে, নিজকে নৰেন্দ্ৰ মোদীৰ সমকক্ষ বুলি ভবাৰ বাবে৷ এনে কাহিনী অনেক৷ 

বিজেপিৰ মুখ্যমন্ত্ৰী নিয়োগ এটা কেন্দ্ৰীয় পেকেজৰ দৰে৷ নিৰ্বাচনী অভিযান আৰম্ভ হোৱাৰ পৰা দল বিজয়ী হোৱালৈ আৰু মুখ্যমন্ত্ৰী নিয়োগৰ পৰা মন্ত্ৰীসভা গঠনলৈ সম্পূৰ্ণ প্ৰক্ৰিয়তাটো বিজেপিৰ কেন্দ্ৰীয় চৰকাৰৰ পেকেজৰ আৰ্হিত হয়৷ মুখ্যমন্ত্ৰী হোৱাৰ বাবে কেৱল জনপ্ৰিয়তা, পূৰ্বৰ মুখ্যমন্ত্ৰী হৈ থকা কিম্বা প্ৰভূত দক্ষতা আৰু আনুগত্যই শেষ কথা নহয়৷ বিজেপিৰ কেন্দ্ৰীয় পেকেজত উপযুক্ত জনেহে মুখ্যমন্ত্ৰীৰ গাদী লাভ কৰে আৰু তেওঁক নিৰ্বাচিত কৰা হয় অতি পেছাদাৰী দৃষ্টিকোণেৰে, আবেগ বৰ্জিতভাৱে৷ সেয়ে এইবাৰো শিৱৰাজ সিং চৌহান, বসুন্ধৰা ৰাজে সিন্ধিয়া, ৰমন সিঙৰ গাদী নিষ্কণ্টক নহয়৷ 

ইয়াৰ ভিতৰত ৰাজস্থানতেই বিজেপিৰ সৰ্ববৃহৎ ‘ছাৰপ্ৰাইজ’ থাকিব পাৰে৷ বাবা বালকনাথ হ’ব পাৰে বিজেপিৰ সেই ‘ছাৰপ্ৰাইজ’, যি অচিৰেই দেশৰ ৰাজনীতিত উঠি আহিব পাৰে যোগী আদিত্যনাথৰ দৰে বিজেপিৰ ‘পোষ্টাৰ বয়’ৰ ৰূপত৷ বাবা বালকনাথ ‘ৰাজস্থানৰ যোগী’ হিচাপে প্ৰখ্যাত, যি ৰোহটকৰ বাবা মস্তনাথ মঠৰ মুৰব্বী৷ এই মঠে পৰিচালনা কৰে বিশ্ববিদ্যালয়, হাস্পতাল, মেডিকেল কলেজ আৰু বিদ্যালয়৷ অ’বিচি সম্প্ৰদায়ৰ বাবা মহন্ত বালকনাথ বিজেপিৰ শীৰ্ষ নেতত্বৰ পচন্দ৷ গেৰুৱা বসনধাৰী বালকনাথক ইতিমধ্যে শীৰ্ষ নেতৃত্বই সোমবাৰে নতুন দিল্লীলৈ মাতি নিছে৷ বসুন্ধৰা ৰাজে সিন্ধিয়াক তৃতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ আসন দিবলৈ শীৰ্ষ নেতৃত্ব ইচ্ছুক নহয়৷ আনকি এইবাৰৰ নিৰ্বাচনৰ টিকট বিতৰণলৈকে বসুন্ধৰা আৰু তেওঁৰ অনুগতবাহিনীক এলাগী কৰি ৰাখিছিল বিজেপিৰ নেতৃত্বই৷ নিজস্ব ঢঙত চলা, শীৰ্ষ নেতৃত্বক গুৰুত্ব নিদিয়া বসুন্ধৰা ৰাজেক এইবাৰ ক্ষমতাৰ শীৰ্ষৰ পৰা ৰখাৰেই ৰখৰােই মন বিজেপি নেতৃত্বৰ৷ বালকনাথৰ উপৰি মহাৰাণী গায়ত্ৰী দেৱীৰ আজোনাতিনি বাজছামন্দৰ সাংসদ দিয়া কুমাৰীৰ নামো মুখ্যমন্ত্ৰী হিচাপে সমানে উচ্ছাৰিত হৈছে৷ 

আনহাতে মধ্যপ্ৰদেশত শিৱৰাজ সিং চৌহানৰ পৰিৱৰ্ত হিচাপে উচ্চাৰিত হৈছে তিনিবছৰ পূৰ্বে কংগ্ৰেছ দলৰ ২০ বিধায়কক ভাঙি আনি বিজেপিক ৰাজ্যৰ চৰকাৰখন ‘উপহাৰ’ দিয়া জ্যোতিৰাদিত্য সিন্ধিয়াৰ নাম৷ তেওঁক অৱশ্যে সেই কামৰ বাবে কেন্দ্ৰীয় মন্ত্ৰিত্বৰ পুৰষ্কাৰ দি থৈছে দলে৷ ৰাজ্যত এইবাৰ বিজয়ী হৈছে শীৰ্ষ নেতৃত্বৰ অনুগত, মোদী-শ্বাহৰ পচন্দনৰ নেতা কৈলাশ বিজয়বৰ্গীয়৷ বিজেপিৰ তালত ব্যক্তিগত শোধ লোৱাত সিদ্ধহস্ত বিজয়বৰ্গীয় মুখ্যমন্ত্ৰী পদৰ অন্যতম দাবীদাৰ৷ অৱশ্যে ৰাজনৈতিক বিশে¡ষণকৰ মতে, সন্মানজনক অব্যাহতিৰ বাবে শেষ পৰ্যন্ত শিৱৰাজ সিং চৌহানেই শীৰ্ষ পদত থাকি যাব পাৰে, যি কাৰ্যকালৰ আধাতে মুখ্যমন্ত্ৰীৰ পদ এৰিবলগীয়া হ’ব পাৰে৷

একেদৰে ছত্তীশগড়ত প্ৰাক্তন মুখ্যমন্ত্ৰী ৰমন সিঙক চতুৰ্থ কাৰ্যকালৰ বাবে দায়িত্ব নিদি অৰুণ ছাওক শীৰ্ষ পদৰ বাবে বিবেচনা কৰা হ’ব বুলি চৰ্চা চলিছে৷ অ’বিচি-ৰ প্ৰতিনিধি হিচাপে অৰুণ ছাওৰ নিৰ্বাচনে বিজেপিক জাতিগত প্ৰতিনিধিত্বৰ ক্ষেত্ৰতো সুবিধা দিব৷