Logo
image

চহৰ এৰি গাঁৱলৈ যাওক কংগ্ৰেছী

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ ডিচেম্বৰঃ ৫ ৰাজ্যৰ চাৰিখনতে শোচনীয় পৰাজয়ৰ পাছত সোমবাৰে বিয়লি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ নেতৃত্বত গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হয় এখন গুৰুত্বপূৰ্ণ বৈঠক৷ প্ৰদেশ কংগ্ৰেছ কাৰ্যকৰী সভাপতি, কেইবাজনো জ্যেষ্ঠ নেতা উপস্থিত থাকে বৈঠকত৷ ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ বিপৰ্যয় সন্দৰ্ভত পৰ্যালোচনা কৰাৰ উদ্দেশ্য এই বৈঠক অনুষ্ঠিত কৰা হয়৷ ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছৰ এনে বিপৰ্যয় বিষয়ে বিজেপি তথা তেওঁলোকৰ অংশদাৰী দলৰ নেতৃত্বই তৃণমূল পৰ্যায়লৈ লোকৰ ওচৰলৈ লৈ যোৱাৰ পূৰ্বে কংগ্ৰেছৰ নেতা-কৰ্মীক চহৰ এৰি গাঁওলৈ যাবলৈ নিৰ্দেশ দিয়া হয়৷ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পূৰ্বে ৰাজীৱ ভৱনত বিজয়োৎসৱ উদ্‌যাপন বাবে পূৰ্ণ প্ৰস্তুতি চলাইছিল কংগ্ৰেছ নেতৃত্বই৷ নিৰ্বাচনৰ তেলেংগানাৰ বাহিৰে আন চাৰিখন ৰাজ্যত কংগ্ৰেছৰ শোচনীয় পৰাজয়ৰ পাছত অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছিল ৰাজীৱ ভৱনত৷  একাংশ কংগ্ৰেছ কৰ্মীয়ে নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ উজাৰিছিল৷ এই সন্দৰ্ভত দৃষ্টিগোচৰ হোৱাৰ পাছতে দলৰ যাতে অধিক ক্ষতি নহয় সেই উদ্দেশ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই তাৎকালিনভাৱে জৰুৰী বৈঠকৰ আহ্বান জনায়৷ সেই মতে দলৰ কেইবাজনো জ্যেষ্ঠ আৰু নিষ্ঠাবান কৰ্মী ৰাজীৱ ভৱনত উপস্থিত হয়৷ ৰাজীৱ ভৱনত অনুষ্ঠিত বৈঠকত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই দলৰ সকলো নেতা কৰ্মীক চহৰ এৰি গাঁওলৈ গৈ দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ উপৰি বৰ্তমানৰ চৰকাৰখনৰ দুন¹তি-অপশাসনৰ বিৰুদ্ধে বিস্তাৰিতভাৱে প্ৰচাৰ কৰিবলৈ পৰামৰ্শ দিয়ে৷ উল্লেখ্য, ৬ ডিচেম্বৰত অনুষ্ঠিত হ’ব বিৰোধী ঐক্যমঞ্চৰ এখন গুৰুত্বপূৰ্ণ বৈঠক৷ উক্ত বৈঠকত লোকসভা নিৰ্বাচনৰ বাবে ৰণ নীতি  কৰা হ’ব বুলি কংগ্ৰেছৰ এটা শীৰ্ষ সূত্ৰই সদৰি কৰিছে৷