Logo
image

বিটিআৰক লৈ মূৰৰ বিষ বিজেপিৰ, আজি মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ ডিচেম্বৰঃ লোকসভাৰ নিৰ্বাচন সিমানে চমু চাপি আহিছে, মিছন ১২+ বিজেপিৰ বাবে সিমানে প্ৰত্যাহ্বানমূলক হৈ পৰিছে৷ বিশেষকৈ বিটি আৰৰ দুখন আসন আজিৰ তাৰিখতো বিজেপি দলৰ বাবে মূৰৰ কামোৰণি স্বৰূপ হৈ আছে৷ বিধানসভাৰ বিগত নিৰ্বাচনত পুৰণি মিত্ৰদল বিপিএফক এলাগী কৰি বিজেপিয়ে নতুন মিত্ৰদল ইউপিপিএলক আকোঁৱালি লয়৷ পৰৱৰ্তী সময়ত বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে বহু চেষ্টা কৰিও বিজেপিৰে পুনৰ মিত্ৰতা গঢ়াত ব্যৰ্থ হয়৷ যাৰ ফলত লোকসভাৰ আগন্তুক নিৰ্বাচনত বিটি আৰৰ দুয়োটা সমষ্টি কোকৰাঝাৰ আৰু দৰং-ওদালগুৰিত নিজাববীয়া প্ৰাৰ্থী প্ৰক্ষেপৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ হাগ্ৰামা মহিলাৰীৰ এই সিদ্ধান্ত আৰু শেহতীয়াভাৱে বিপিএফ দলৰ ৰাজনৈতিক তৎপৰতাৰ ফলত এতিয়া এই দুটা সমষ্টিত তীব্ৰ প্ৰত্যাহ্বাৰ সন্মুখীন হ’বলগীয়া হৈছে বিজেপি দল৷ উল্লেখ্য যে হাগ্ৰামা মহিলাৰীক লৈ এতিয়া ৰাজনৈতিক সংকটত পৰিছে শাসনাধিষ্ঠ দলটো৷ এহাতে ইউপিপিএলৰ মিত্ৰতা কৰাৰ সূত্ৰে বিজেপি দলে বিপিএফৰে মুকলিভাৱে মিত্ৰতা বা আসন বুজাবুজি কৰিবও নোৱাৰা হৈছে আৰু আনহাতে হাগ্ৰামাৰ সমৰ্থন অবিহনে বিটিআৰৰ আসন দুখনত বিজেপিৰ বিজয় নিশ্চিতও নহয়৷ এই মুহূৰ্তত ইউপিপিএলক ভৰসা কৰি বিটিআৰৰ আসন দুখনত যে জয়ী হ’ব পাৰিব সেইক্ষেত্ৰত চৰম অনি(য়তাত ভুগিছে গেৰুৱা দলটো৷ বিটিআৰৰ আসন দুখনৰ স্বাৰ্থত বিজেপিয়ে যদি আজিৰ তাৰিখত বিপিএফৰে মিত্ৰতাও কৰে তেন্তে ইয়াৰ পূৰ্বে ইউপিপিএলৰ মিত্ৰতা ভংগ কৰিব লাগিব৷ ৰাজনৈতিকভাৱে নিৰ্বাচনৰ পূৰ্বে বিজেপি দলে এনে ধৰণৰ আত্মঘাটী সিদ্ধান্ত নিশ্চত নল’ব৷ যাৰ বাবে এনে জটিল ৰাজনৈতিক সমীকৰণ মিলোৱাৰ উদ্দেশ্যৰে মঙলবাৰে বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আহ৩ান কৰা হৈছে এখন জৰুৰী গুৰুত্বপূৰ্ণ বৈঠক৷ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া এই বৈঠকতে বিটিআৰ সন্দৰ্ভত এক চূড়ান্ত ৰূপৰেখা প্ৰস্তুত কৰা হ’ব৷ লোকসভাৰ আগন্তুক নিৰ্বাচনত বিটিআৰৰ সমষ্টি দুটাত বিজেপি দলে ইউপিপিএলৰে মিলি নিৰ্বাচন খেলিব নে বিপিএফৰ সহায় ল’ব সেই সিদ্ধান্ত  কাইলৈৰ বৈঠকত চূড়ান্ত হোৱাৰ সম্ভাৱনা আছে৷