Logo
image

অভাৱনীয় হাৰত মাচুল বৃদ্ধি হ’ল গ্ৰন্থমেলাৰো

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৫ ডিচেম্বৰঃ বহু প্ৰতীক্ষাৰ অন্তত বিগত বৰ্ষৰ দৰে এইবছৰো ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈ অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা৷ অসম প্ৰকাশন পৰিষদৰ আৰু সদৌ অসম পুথি প্ৰকাশক বিক্ৰেতা সংস্থাই যুটীয়াভাৱে চানমাৰিৰ অসম অভিযান্ত্ৰিক খেলপথাৰত অসম গ্ৰন্থমেলা উদ্‌যাপনৰ বাবে সাজু হৈছে৷ অৱশ্যে নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ অভাৱনীয় মূল্যবৃদ্ধিৰ দৰে এইবাৰ গ্ৰন্থমেলাৰো বৃদ্ধি পালে মূল্য মাচুল৷ বিহু, সাংস্কৃতিক সমদল, জন সজাগতাৰ বাটৰ নাট প্ৰদৰ্শনৰ অনুমতিৰ নামত মাচুলৰ চলেৰে গৃহ বিভাগে কৰ সংগ্ৰহ কৰাৰ সময়তে অসম চৰকাৰৰ একমাত্ৰ গ্ৰন্থমেলাখনতো বিপণীৰ মাচুল বৃদ্ধি পালে৷ শুনিলে আচৰিত যেন লাগিলেও অসম প্ৰকাশন পৰিষদৰ চানমাৰিৰ গ্ৰন্থমেলাৰ একোখন ষ্টল অৰ্থাৎ বিপণীৰ ভাৰা দুগুণলৈ বৃদ্ধি পাইছে৷ যাক লৈ এতিয়া দুঃচিন্তাত ভুগিছে গ্ৰন্থমেলাত  ভাগ লোৱাৰ আগ্ৰহী প্ৰকাশক-বিক্ৰেতাসকলে৷  বিগত বৰ্ষত ১০ ফুট X ১০ ফুট অৰ্থাৎ ১০০ বৰ্গফুটৰ এখন বিপণীৰ ভাৰাৰ বাবদ অসম প্ৰকাশন পৰিষদে ১০-১৫ হাজাৰ টকা ভাৰা লৈছিল যদিও এইবাৰ সম ব্যাৱসাৰ্ধৰ একোখন বিপণীৰ ভাৰা দুগুণলৈ বৃদ্ধি কৰিছে৷ প্ৰমোদ কলিতাৰ নেতৃত্বাধীন অসম প্ৰকাশন পৰিষদে প্ৰকাশ কৰা অনুসৰি গ্ৰন্থ বিক্ৰেতাসকলে এইবাৰৰ চানমাৰি গ্ৰন্থমেলাত ১০ ফুট X ১০ ফুটৰ ১০০ বৰ্গ ফুটৰ এখন বিপণীৰ বাবদ মাচুল আদায় দিব লাগিব নূ্ন্যতম ২০ হাজাৰ টকা৷ ইয়াৰোপৰি বিপণীসমূহত লোহাৰ গেট লগালে অতিৰিক্ত ১০০০ টকাকৈ পৰিশোধ কৰিব লাগিব৷ তদুপৰি এক্সিকিউটিভ ষ্টল কেটেগৰীত ৩৭.২১ বৰ্গ মিটাৰৰ এখন বিপণীৰ বাবদ আদায় দিব লাগিব ৬৫ হাজাৰ টকা৷ আয়ুৰ্বেদিক সামগ্ৰী আৰু শৈক্ষিক সামগ্ৰীৰ বিপণীৰ লগতে বাণিজ্যিক বিপণীয়ে ৪৫ হাজাৰ টকা ভাৰা দিব লাগিব৷ তদুপৰি শৈক্ষিক প্ৰতিষ্ঠান, এন জি অ’ আৰু আন কোম্পানী তথা অনুষ্ঠানৰ বিপণীৰ ভাৰা ৬০ হাজাৰ  টকাৰ পৰা ৰ লাখ টকা নিৰ্ধাৰণ কৰিছে৷ যি সময়ত ইণ্টাৰনেটৰ প্ৰভাৱত পুথি প্ৰকাশন গোষ্ঠীসমূহৰ অকাল মৃত্যু ঘটিছে, তেনে সময়ত চৰকাৰী গ্ৰন্থমেলাখনত স্থানীয় প্ৰকাশক-বিক্ৰেতাসকলক বিপণীৰ মাচুল ৰেহাই দিয়াৰ পৰিৱৰ্তে প্ৰকাশন পৰিষদে কেকোঁৰা চেপা দি দুগুণ ভাৰা আদায় কৰিব বিচৰা বুলি একাংশ প্ৰকাশক-বিক্ৰেতাই অভিযোগ কৰিছে৷ গোটেই বছৰটো চানমাৰি গ্ৰন্থমেলাৰ বাবে অপেক্ষা কৰি থকা প্ৰকাশক-বিক্ৰেতাসকলে বিপণীৰ মাচুল বৃদ্ধি কৰিলে গ্ৰন্থ বিক্ৰী কৰি বিপণীৰ ভাৰাৰ মাচুলকে উলিয়াব নোৱাৰিব বুলি মাচুল আক্ষেপ ব্যক্ত কৰিছে৷ আনকি প্ৰকাশন পৰিষদে বিপণীৰ ভাৰা হ্ৰাস নকৰিলে গ্ৰন্থই বিক্ৰী নকৰে বুলিও হুংকাৰ দিছে কেইবাজনো ক্ষুব্ধ বিক্ৰেতাই৷ অৱশ্যে প্ৰমোদ কলিতাৰ নেতৃত্বাধীন অসম প্ৰকাশন পৰিষদে লেখক প্ৰকাশকৰ সুবিধাৰ বাবে এখন টেবুল, এখন চকী আৰু এডাল ৰেকযুক্ত ৫০০০ টকা মাচুলৰ বিশেষ বিপণীৰ ব্যৱস্থা কৰা বুলিও জানিবলৈ দিছে৷

গুৱাহাটীত ২৯ ডিচেম্বৰৰ পৰা ১২ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে ‘অসম গ্ৰন্থমেলা’

‘আমাৰ অসম’ৰ মহানগৰ সংবাদঃ গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰীলৈকে ১২ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে অসম গ্ৰন্থমেলা, গুৱাহাটী৷ সোমবাৰে গুৱাহাটীৰ বামুণীমৈদামস্থিত অসম প্ৰকাশন পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত এখন সংবাদ মেলত এইকথা সদৰী কৰে পৰিষদৰ সচিব প্ৰমোদ কলিতাই৷ তেওঁ লগতে কয়- এইবছৰ হাফলং, বাংগালুৰু, তিনিচুকীয়া, শিৱসাগৰ, নলবাৰী, আৰু শিলচৰত অসম গ্ৰন্থমেলা সফলভাবে আয়োজিত হোৱাৰ পিছত গুৱাহাটীত এই গ্ৰন্থমেলাৰ প্ৰস্তুতি চলোৱা হৈছে৷ ইতিমধ্যে যোৱা ২৭ নবেম্বৰৰ পৰা নলবাৰী আৰু ১ ডিচেম্বৰৰ পৰা শিলচৰত সমান্তৰালভাৱে অসম গ্ৰন্থমেলা চলি আছে৷ এই বছৰ গুৱাহাটীত হ’ব লগীয়া অসম গ্ৰন্থমেলাৰ বাবে অসমৰ লগতে আৰু ৰাজ্যৰ বাহিৰৰ ১৫০টাৰো অধিক প্ৰকাশন গোষ্ঠীয়ে যোগদান কৰাৰ বাবে যোগাযোগ কৰি আছে৷ ২৯ ডিচেম্বৰত গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী তথা প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুক নিমন্ত্ৰণ জনোৱা হৈছে৷  বিশিষ্ট লেখক তথা আইনজ্ঞ জে ছাই দীপক আৰু সাহিত্য অকাদেমিৰ সচিব ড॰ কে শ্ৰীনিৱাস ৰাও এই উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব৷ ১২ দিনীয়া ‘অসম গ্ৰন্থমেলা’ত এইবছৰো প্ৰতিদিনেই ভাষা-সাহিত্য আৰু সমাজ-জীৱনৰ বিভিন্ন প্ৰাসংগিক বিষয়ক কেন্দ্ৰ কৰি গ্ৰন্থমেলাত বিজ্ঞ-অভিজ্ঞ ব্যক্তিসকলৰ অংশগ্ৰহণেৰে আলোচনা সত্ৰ অনুষ্ঠিত হ’ব৷ এই আলোচনা সত্ৰসমূহত বাংগালুৰুৰ সাহিত্য অকাদেমিৰ বঁটা বিজেতা পটিপক্বা মোহন, সংস্কৃত পণ্ডিত সম্পাদনান্দ মিশ্ৰ, মুম্বাইৰ প্ৰখ্যাত লেখক সুদীপ নাগাৰকাৰে অংশগ্ৰহণ কৰাৰ প্ৰতিশ্ৰুতি দিছে৷ গ্ৰন্থমেলাৰ সামৰণী অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰিব শিক্ষামন্ত্ৰী তথা অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডাঃ ৰণোজ পেগুৱে৷ সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰিব প্ৰখ্যাত লেখক দীপ হালদাৰ আৰু প্ৰখ্যাত পৰিৱেশ কৰ্মী-লেখক মোহিত ৰায়ে৷ গ্ৰন্থমেলাত প্ৰতি সন্ধিয়া আয়োজিত হ’ব মনপৰশা সাংস্কৃতিক অনুষ্ঠান৷ এই অনুষ্ঠান গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী শিক্ষানুষ্ঠানসমূহৰ মাজত সাংস্কৃতিক প্ৰতিযোগিতাৰ মাধ্যমেৰে অনুষ্ঠিত হ’ব৷  গ্ৰন্থমেলা উপলক্ষে আয়োজিত হ’বলগীয়া ‘শিশুৰ দিন’ত ১৮ বছৰ অনুধবৰ্ৰ ছাত্ৰী-ছাত্ৰীসকলৰ মাজত তিনিটা শাখাত চিত্ৰাংকন, আকস্মিক বক্তৃতা আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ বিগত বৰ্ষসমূহৰ দৰেই এইবছৰো যুৱক-যুৱতীসকলৰ প্ৰতিভা বিকাশ অনুষ্ঠান ‘উন্মীলন’, লেখক-পাঠকৰ আড্ডা, কবি সন্মিলন আদি অনুষ্ঠিত হ’ব৷ এইবাৰ মহিলাসকলৰ বাবে এটা দিনত ভিন্ন কাৰ্যসূচী আয়োজিত হ’ব৷ বৰ্ষীয়ান সাহিত্যিক আৰু ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামূলীয়া প্ৰৱেশৰ ব্যবস্থা থাকিব৷ অসম গ্ৰন্থমেলা, গুৱাহাটীত প্ৰৱেশ পত্ৰ ১০ টকীয়া হ’ব৷  বিগত বছৰৰ দৰেই এই বছৰো গ্ৰন্থমেলাত প্ৰবেশৰ বাবে বৰ্ষীয়ান সাহিত্যিক আৰু পৰিচয় পত্ৰ থকা ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিনামূলীয়া কৰা হৈছে৷ আমি ২০২১ চনৰ পৰা সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সৈতে গ্ৰন্থ মেলাৰ আয়োজন কৰি আহিছো৷ এইবাৰ ৫০খন শিশু গ্ৰন্থ উন্মোচন কৰা হ’ব৷ তদুপৰি আমি ৮০খন নতুন গ্ৰন্থ প্ৰকাশ কৰিম৷ এইবাৰ গ্ৰন্থমেলাত গুৱাহাটীৰ লগতে গুৱাহাটীৰ বাহিৰত দুখন গ্ৰন্থমেলাত অংশগ্ৰহণ কৰা প্ৰকাশন গোষ্ঠীক অগ্ৰাধিকাৰ দিয়া হ’ব৷ তদুপৰি প্ত হাজাৰ টকীয়া সৰু সৰু কিছুমান গ্ৰন্থবিপনীৰ ব্যৱস্থা কৰা হ’ব৷’ সংবাদমেলত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সম্পাদক ধীৰাজ গোস্বামীয়ে কয়-কিতাপ অধিক বিক্ৰী হ’ব লাগে৷ পাঠকে গ্ৰন্থ পঢ়ক৷ এক গ্ৰন্থ আন্দোলন আমি গঢ়ি তুলিব বিচাৰো৷’

শিলচৰৰ অসম গ্ৰন্থমেলাত উছাহৰ ধল

‘আমাৰ অসম’ৰ শিলচৰৰ প্ৰতিনিধিঃ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত অনুষ্ঠিত কৰা অসম গ্ৰন্থমেলাই আজি চতুৰ্থটো দিন অতিক্ৰম কৰিলে৷ গ্ৰন্থমেলাৰ বাকৰিত আজি বিয়লি ৩ বজাৰ পৰা ‘বৰাক উপত্যকাৰ সাংস্কৃতিক ঐতিহ্য’ শীৰ্ষক এখন গুৰুত্বপূৰ্ণ আলোচনা-সত্ৰ অনুষ্ঠিত হয়৷ প্ৰখ্যাত লোকশিল্পী বিক্ৰমজিৎ বাউলীয়াই পৰিৱেশন কৰা এটি হৃদস্পৰ্শী বাউল গীতেৰে আৰম্ভ হোৱা আলোচনা সত্ৰখন উদ্বোধন কৰে অসম বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ অধ্যাপক ড॰ বিশ্বতোষ চৌধুৰীয়ে৷ তেওঁ কয় যে, অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই শিলচৰত আয়োজন কৰা অসম গ্ৰন্থমেলাত বৰাকৰ সাংস্কৃতিক ঐতিহ্যক লৈ আলোচনা-সত্ৰ অনুষ্ঠিত কাৰটো অত্যন্ত আনন্দদায়ক৷ বৰাকৰ সংস্কৃতি আৱহমান কালৰ পৰাই ঐতিহ্যপূৰ্ণ৷ ইয়াত বাঙালী, অসমীয়া, ডিমাছা, নেপালী আদিকে ধৰি বিভিন্ন জাতি-জনগোষ্ঠীয়ে বৰাকৰ বৈচিত্ৰ্যপূৰ্ণ সাংস্কৃতিক ইতিহাস গঢ়ি তুলিছে৷ এনেক্ষেত্ৰত বাঙালীসকলে যদি ভাবে অসমীয়া সংস্কৃতিয়ে আমাক চেপি ধৰিছে নাইবা অসমীয়াসকলে যদি ভাবে যে বাঙালী সংস্কৃতিয়ে আমাক চেপি ধৰিছে তেনেহ’লে এনে চিন্তা সংকীৰ্ণতাৰ পৰিচয়ৰ বাহিৰে একো নহয়৷ অন্যান্য জাতি-জনগোষ্ঠীৰ ক্ষেত্ৰতো একেই কথা৷ দেশ বিভাজনৰ আগৰে পৰা ইয়াত সকলোৰে অৱদানেৰে সাংস্কৃতিক ঐতিহ্য গঢ়ি উঠিছে৷ আমি সকলোৱে হাতত হাত ধৰিয়ে আগুৱাব লাগিব৷ এয়াই বাস্তৱ সত্য আৰু সময়ৰ আহ্বান৷ অসমীয়া আৰু বাঙালী উভয়ৰে সংস্কৃতিৰ আধাৰ উদাৰতা৷ ভাটিয়ালি সুৰ আৰু বিহুৰ সুৰে বুজাই দিয়ে সংস্কৃতি মানে বৰ্জন নহয় গ্ৰহণ৷ সাহিত্য-পৰিৱেশ্য কলা-ক্ৰীড়া সকলোতে এই কথা প্ৰযোজ্য৷ আলোচনা-সত্ৰখন সঞ্চালনা কৰে লেখক-অনুবাদক, কৃতি শিক্ষয়িত্ৰী নিবেদিতা চক্ৰৱৰ্তীয়ে৷ তেওঁ কয়–‘অসম গ্ৰন্থমেলাৰ প্ৰাংগণত বৰাকৰ সাংস্কৃতিক ঐতিহ্যক লৈ আলোচনা-সত্ৰ অনুষ্ঠিত কৰাটো বৰাক-ব্ৰহ্মপুত্ৰ দুয়োটা উপ্যতকাৰ বাসিন্দাসকলৰ বাবে শুভবাৰ্ত্তা ৷ বৰাকৰ প্ৰাচীন সাংস্কৃতিক পৰম্পৰা হৈছে মিলন আৰু মিলোৱাৰ পৰম্পৰা৷ ইয়াত বিদ্বেষৰ কোনো স্থান নাই৷’ ইয়াত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰি বিশিষ্ট লেখক, অসম বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ সহযোগী অধ্যাপক ড॰ ৰমাকান্ত দাসে কয় যে বৰাক উপত্যকাৰ জনবিন্যাস গঢ়ি উঠিছে অষ্ট্ৰিক আৰু মংগোলীয়ৰ সংমিশ্ৰণত৷ পুৰাণ গৱেষণা কৰিলে পোৱা যায় এই ভূমিক কিৰাতভূমি বুলি কোৱা হৈছিল৷ গতিকে এই অঞ্চলৰ সভ্যতা আৰু সংস্কৃতিও অনাৰ্যসকলে এসময়ত গঢ়ি তুলিছিল৷ তাৰ পৰৱৰ্তী পৰ্যায়ত আৰ্যসকলৰ প্ৰৱেশ ঘটে আৰু ইয়াতো আৰ্য সংস্কৃতিৰ পোহৰ পৰে৷ অৰ্থাৎ আৰ্য-অনাৰ্য উভয়ৰে সংস্কৃতিৰে বৰাকৰ সমাজ-জীৱনৰ ঐতিহ্য গঢ়ি উঠিছে৷ সমান্তৰালভাৱে এই মুলুকত ইছলাম দৰ্শনৰ প্ৰভাৱো অতি প্ৰাচীন৷ সেয়ে বৰাকৰ সংস্কৃতি অতি বিচিত্ৰ আৰু সমৃদ্ধ৷ এই বিষয়ে গভীৰ পৰ্যায়ৰ গৱেষণা হ’লে বহু নতুন দিশ উন্মোচিত হ’ব৷ আন এগৰাকী আলোচক অতিথি, বিশিষ্ট লেখিকা, ৰবীন্দ্ৰ সদন মহাবিদ্যালয়, কৰিমগঞ্জৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড॰ গীতা সাহাই বৰাকৰ প্ৰাচীন ইতিহাস আৰু সংস্কৃতিৰ বিষয়ে তথ্যসমৃদ্ধ ভাষণ দিয়ে৷ ১৭৫৭ চনৰ পলাচী যুদ্ধ, ১৮৫৭চনৰ চিপাহী বিদ্ৰোহৰ প্ৰসংগৰে তাহানিৰ শ্ৰীহট্টৰ অন্তৰ্ভুক্তি আৰু ব্ৰিটিছে ভাৰত এৰাৰ সময়লৈ– নাতিদীৰ্ঘ ভাষণৰ জৰিয়তেই তেওঁ বৰাকৰ প্ৰচীন সাংস্কৃতিক ঐতিহ্যৰ বিষয়ে কয়৷ তেতিয়াৰ পৰা আজিপৰ্যন্ত বিভিন্ন ভাষা-ভাষী আৰু জাতি-জনজাতিৰ সামূহিক সংমিশ্ৰণত গঢ়ি উঠা বৰাকৰ বৰ্ণময় সংস্কৃতিয়ে অসম তথা ভাৰতবৰ্ষক সমৃদ্ধ কৰা বুলি উল্লেখ কৰে ড॰ সাহাই৷ একেদৰে আলোচক অতিথি, লেখক-সাংবাদিক আশিস ৰঞ্জন নাথে কয় যে বৰাকভূমিৰ সাংস্কৃতিক ঐতিহ্য অতি আকৰ্ষণীয়৷ বহু ইতিহাসবিদে বৰাক উপত্যকাক নৃতাত্ত্বিক বাগিচা বুলি অভিহিত কৰিছে৷ ইয়াৰ অৰ্থ এয়ে যে পুৰাতন সময়ৰ পাৰই বিভিন্ন মানুহৰ মিলিত সমাজ ব্যৱস্থাই ইয়াৰ সভ্যতা গঢ়ি তুলিছে৷ গতিকে এই বৃহত্তৰ অঞ্চলৰ সংস্কৃতি বিচিত্ৰতাৰে পৰিপূৰ্ণ হোৱাটোৱেই অতি স্বাভাৱিক৷ বিভিন্ন সমাজিক কৃষ্টি আৰু পৰম্পৰা, কৃষি নিৰ্ভৰতা, তথা মানুহৰ দৈনন্দিন জীৱন পৰিক্ৰমাই বৰাকৰ সমাজ-সংস্কৃতিক ধন্য কৰিছে৷ আন এগৰাকী আলোচক অতিথি, এছ এছ মহাবিদ্যালয়, হাইলাকান্দিৰ অধ্যাপক ড॰ প্ৰিয়ব্ৰত নাথে বিষয় প্ৰসংগত বৰাক উপত্যকাৰ লোক-সংস্কৃতিৰ বিষয়ে চমু অথচ সাৰগৰ্ভ ভাষণ প্ৰদান কৰে৷ তেওঁ কয় যে লোক-সংস্কৃতিৰ প্ৰতিটো উপাদান বৰাকত আছে৷ যদিও বৰাক উপত্যকা বাঙালীপ্ৰধান তথাপি লোক-সংস্কৃতি মানে কিন্তু কেৱল বাঙালী সংস্কৃতি নহয়৷ সৰু-বৰ সকলো জাতি আৰু সম্প্ৰদায়ৰ মানুহৰ সামাজিক সন্মিলনতহে ইয়াৰ লোক-সংস্কৃতি বৰ্ণাঢ্যৰূপত গঢ়ি উঠিছে৷ ইয়াৰ ভিতৰত লোক-কৰ্ম প্ৰযুক্তি, আচাৰ-ৰীতি, খাদ্যাভাস, পৰম্পৰাগত উৎসৱ-পাৰ্বণ সকলো দিশকে সামৰি লোৱা হয়৷ এইক্ষেত্ৰতে বৰাক উপত্যকাৰ সকলো বাসিন্দাৰে অৱদান অনস্বীকাৰ্য৷ গাম্ভীৰ্যপূৰ্ণ আলোচনা সত্ৰখনৰ আঁত ধৰে কবি-সাংবাদিক নৱজ্যোতি পাঠকে৷ ইয়াৰ পাছতে প্ৰবোধ দাসৰ পৰিচালনাত অনুষ্ঠিত হয় মনপৰশা সাংস্কৃতিক প্ৰতিযোগিতা৷ ইপিনে কালি অনুষ্ঠিত হৈ যোৱা শিশুৰ দিন উপলক্ষে আয়োজন কৰা বিভিন্ন প্ৰতিযোগিতাৰ ফলাফলসমূহ ইতিমধ্যে ঘোষণা কৰা হৈছে৷ সেই অনুসৰি চিত্ৰাংকণ প্ৰতিযোগিতাৰ ‘ক’ শাখাত হিতেশ অধিকাৰীয়ে প্ৰথম, কৃষ্টিনা পাটোৱাই দ্বিতীয়, ফাৰহাদ হুছেইন লস্কৰে তৃতীয় আৰু উজ্বয়ীনি সাহা, সুপ্ৰীতা দাস, মনভী বৈদ্যই উদগনি বঁটা লাভ কৰিছে৷ ‘খ’ শাখাত শোহম নাথে প্ৰথম, ৰীতিষা দত্তই দ্বিতীয়, প্ৰজ্ঞা দেৱনাথে তৃতীয় আৰু আয়ুসী পাল, শ্ৰীয়া চন্দ, অনিন্দিতা নাথে উদগনি বঁটা লাভ কৰিছে৷ ‘গ’ শাখাত নাছিমা বেগম লস্কৰে প্ৰথম, জয়শ্ৰী কৰে দ্বিতীয়, অমৰ শ্ৰীৱাস্তৱে তৃতীয় আৰু মনটি মণ্ডল, সৃষ্টি পাল, বিপ্ৰ চৌধুৰীয়ে উদগনি বঁটা লাভ কৰিছে৷ কবিতা আবৃত্তি প্ৰতিযোগিতাৰ ‘ক’ শাখাত অনুৰাগ দত্তই প্ৰথম, বিশালাক্ষী নাথে দ্বিতীয়, ইশা বেগম লস্কৰে তৃতীয় আৰু সাধিকা পাল, চুফিয়ান বৰভূঞা, ৰুদ্ৰাক্ষী পালে উদগনি বঁটা লাভ কৰিছে৷ ‘খ’ শাখাত আৰাধ্যা ৰয়, ৰুতীশা সিন্‌হাই যুটীয়াভাৱে প্ৰথম, দীপ্তাংশু পালে দ্বিতীয়, সাগ্নিক দেৱ পুৰকায়স্থই তৃতীয় আৰু মৌকুঁহী ডেকা কাশ্যপ, শতাক্ষী দেৱ পুৰকায়স্থ, সোমদত্তা মজুমদাৰে উদগনি বঁটা লাভ কৰিছে৷ ‘গ’ শাখাত বৈদিকা ভট্টাচাৰ্যই প্ৰথম আৰু অনিশা চক্ৰৱৰ্তীয়ে দ্বিতীয় স্থান অধিকাৰ কৰিছে৷ আকস্মিক বক্তৃতা প্ৰতিযোগিতাৰ ‘ক’ শাখাত ৰুতীশা সিন্‌হা, সাম্ৰাজ্ঞী কৰ্মকাৰে যুটীয়াভাৱে প্ৰথম, উপাসনা দে’ই দ্বিতীয়, গৌৰৱ শীলে তৃতীয় আৰু সমাদৃতা দে’, মৌকুঁহি ডেকা কাশ্যপ, আয়ুস্মিতা ভট্টাচাৰ্যই উদগনি বঁটা লাভ কৰিছে৷ ‘খ’ শাখাত জয়ীষা ৰয়ে অধিকাৰ কৰিছে প্ৰথম স্থান৷ উল্লেখ্য, অসম গ্ৰন্থমেলা, শিলচৰতো এহাজাৰ টকাৰ গ্ৰন্থ ক্ৰয় কৰা সকলক ৰলাখ টকাৰ নগদ ধনৰ পুৰস্কাৰৰ বাবে কুপন দিয়াৰ ব্যৱস্থা কৰা হৈছে৷ গ্ৰন্থমেলাৰ অন্তিম দিনা অৰ্থাৎ অহা ১০ ডিচেম্বৰৰ সন্ধিয়া ৬বজাত লটাৰীৰ জৰিয়তে এই পুৰস্কাৰ প্ৰদান কৰা হ’ব৷