Logo
image

৩ ৰাজ্যৰ ফলাফলে আগন্তুক লোকসভা নিৰ্বাচনত কোনো প্ৰভাৱ নেপেলায়ঃ ৰিপুণ বৰা

ডিজিটেল সংবাদ, গুৱাহাটীঃ সদ্যসমাপ্ত বিধানসভাৰ নিৰ্বাচনত ৩খন ৰাজ্যত বিজেপি দলে জয়লাভ কৰিছে যদিও এই জয়লাভে আগন্তক লোকসভাৰ নিৰ্বাচনত কোনোধৰণৰ প্ৰভাৱ নেপেলায়। এই মন্তব্য কৰিছে অসম তৃণমূল কংগ্ৰেছ কমিটিৰ সভাপতি আৰু দলটোৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ৰিপুণ বৰাই। মঙলবাৰে অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত পাঁচ ৰাজ্যৰ নিৰ্বাচনী ফলাফল সন্দৰ্ভত অনুষ্ঠিত সংবাদমেলত এই মন্তব্য কৰে ৰিপুণ বৰাই। 

সংবাদ মেলত ৰিপুণ বৰাই কয়, "বিৰোধী পক্ষ হিচাপে ৰাইজৰ ৰায় আৰু নিৰ্বাচনী ফলাফল মানি লৈছো। জয়েই হওক বা পৰাজয় সকলো জনতাৰ ৰায়। এই নিৰ্বাচনত  বিৰোধী ধুলিস্যাৎ বুলি ভৱাটো বিজেপিৰ মুৰ্খামি হ'ব। বিজেপিক প্ৰতিহত কৰিবলৈ বিৰোধী এতিয়াও সক্ষম। একাংশ সংবাদ মাধ্যমত 'ইণ্ডিয়া এলায়েন্স' বিজেপিৰ হাতত পৰাভূত হোৱা বুলি বাতৰি প্ৰচাৰ কৰিছে, ফলত জনসাধাৰণ বিভ্ৰান্তিত পৰিছে। আমি আজি স্পষ্ট কৰিব বিচাৰিছো যে পাঁচ ৰাজ্যত যি নিৰ্বাচন হৈছে সেয়া কংগ্ৰেছ বনাম বিজেপি বা বিজেপি বনাম কোনোবা আন দলৰ মাজত হৈছে। 'ইণ্ডিয়া এলায়েঞ্চ বনাম বিজেপি' হোৱা নাই। সমাগত লোকসভা নিৰ্বাচনৰ বাবেহে 'ইণ্ডিয়া এলায়েঞ্চ', বিধানসভাৰ নিৰ্বাচনৰ বাবে নহয়। আমাৰ বিৰোধীৰ লক্ষ্য লোকসভা নিৰ্বাচনত ১:১ ৰ প্ৰতিযোগিতা। সংখ্যাৰ ফালৰ পৰা চালে বিজেপি আৰু মিত্ৰজোঁট সংখ্যাগৰিষ্ঠ কিন্তু পৰিসংখ্যাৰ ফালৰ পৰা যদি লক্ষ্য কৰা যায় বিজেপিৰ বিৰুদ্ধে কৰা ভোটৰ সংখ্যা অধিক। উদাহৰণস্বৰূপে, ৰাজস্থানত বিজেপি মিত্ৰজোঁটে লাভ কৰিছে ৪১.৬৯% আৰু ইয়াৰ বিপৰীতে আটাইকেইটা বিৰোধী দলৰ যদি ভোট যোগ কৰা হয় মুঠ ভোটৰ সংখ্যা ৫৭.২%। ঠিক একেদৰে ছত্তীশগড়ত বিজেপিৰ বিৰুদ্ধে প্ৰায় ৫২.৪৬% ভোট আৰু মধ্য প্ৰদেশত প্ৰায় ৫০.৪৮% ভোট বিজেপিৰ বিৰুদ্ধে প্ৰদান কৰিছে ৰাইজে। গণতান্ত্ৰিক দেশ হিচাপে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ বাবেই বিজেপিয়ে চৰকাৰ গঠন কৰিছে, কিন্তু জনসাধাৰণৰ বিজেপিৰ বিৰূদ্ধে ভোটৰ সংখ্যা অধিক। বিজেপিৰ বিৰুদ্ধে হোৱা ভোটৰ সংখ্যা বহুধাবিভক্ত হৈ থকাৰ বাবেই বিজেপিয়ে চৰকাৰ গঠন কৰিছে। লোকসভা নিৰ্বাচনত বিজেপিক উৎখাত কৰিবলৈ সকলো বিৰোধী সক্ষম। এতিয়া বিজেপিক প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছতকৈ তৃণমূল কংগ্ৰেছৰ দায়িত্ব দুগুণ বৃদ্ধি হ'ল কাৰণ বিৰোধী দলসমূহৰ ভিতৰত ভাৰতত এখন ৰাজ্যত আটাইতকৈ অধিক সাংসদ তৃণমূল কংগ্ৰেছৰ, আজিৰ তাৰিখত ২৩ গৰাকী। দেশৰ মুঠ বিধায়কৰ সংখ্যা ৪০৬৪ গৰাকী, ইয়াৰে বিজেপি মিত্ৰজোঁটৰ ১৮১৪ জন বিধায়ক আৰু বিৰোধীৰ বিধায়ক ২২৪৯ গৰাকী। এই পৰিসংখ্যা সমূহে প্ৰমাণ কৰে যে বিৰোধী এতিয়াও শক্তিশালী স্থিতিতে আছে। ইণ্ডিয়া এলায়েঞ্চ একগোট হ'লে বিজেপিয়ে কোনো কাৰণতেই চৰকাৰ আৰু গঠন কৰিব নোৱাৰে।" আগন্তুক লোকসভা নিৰ্বাচনত 'ইণ্ডিয়া এলায়েঞ্চ বনাম বিজেপি'ৰ যুদ্ধত বিজেপিৰ পৰাজয় আৰু ৰাইজৰ জয় নিশ্চিত বুলি ৰিপুণ বৰাই দাবী কৰে।