Logo
image

খানাপাৰা উৰণসেতুত ভয়ংকৰ ঘটনাঃ উৰণ সেতুৰ পৰা তললৈ পেলাই ট্ৰাক চালকক হত্যাৰ অপচেষ্টা

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী মহানগৰীত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে অপৰাধ জনিত ঘটনা। এটাৰ পিছত আনটো অপৰাধজনিত ঘটনা সংঘটিত হোৱাৰ পাছতো স্মাৰ্ট আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হোৱা নাই। আভিজাত্য মহানগৰীত শেষ হৈছে নেকি মানৱতা! কিয়নো মঙলবাৰে মহানগৰীত সংঘটিত হৈছে আন এক ভয়ংকৰ ঘটনা ৷ এইবাৰৰ স্থান খানাপাৰা উৰণসেতু। আৰক্ষীৰ সূত্ৰই জনোৱা মতে, গুৱাহাটী মহানগৰীৰ খানাপাৰাৰ উৰণসেতুৰ ওপৰৰ পৰা তললৈ পেলাই দিলে এজন যুৱকক। কোনো অচিনাক্ত ব্যক্তিয়ে যুৱকজনক তললৈ পেলাই দিয়া বুলি জানিব পৰা গৈছে৷

জানিব পৰা মতে, ভুক্তভোগী যুৱকজন পেচাত এগৰাকী ট্ৰাক চালক। যুৱকজনৰ নাম গুৰচফি আলী। যুৱকজনৰ দেহত বহুতো আঘাতৰ চিন স্পষ্ট হৈ আছে । ঘটনাস্থলীত ইতিমধ্যে বশিষ্ঠ আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। লগতে গুৰুতৰভাৱে আহত যুৱকজনক বশিষ্ঠ আৰক্ষীয়ে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । এতিয়া প্ৰশ্ন হয়, কিহৰ বাবে দিনৰ পোহৰতে এজন যুৱকক উৰণসেতুৰ ওপৰৰ পৰা পেলাই হত্যাৰ চেষ্টা কৰিলে দুষ্কৃতিকাৰীয়ে? টকাৰ লেনদেন নে আন কিবা বিষয়হে এই ঘটনাৰ লগত জড়িত হৈ আছে, সেয়া আৰক্ষীৰ তদন্তৰ পিচতহে পোহৰলৈ আহিব ৷