Logo
image

ৰাজ্যত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৮৮ শতাংশ অভিযুক্তই দোষমুক্ত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৬ ডিচেম্বৰঃ তদন্তকাৰী আৰক্ষীৰ গাফিলতিৰ বাবে হাইপ্ৰ’ফাইল গোচৰত অভিযুক্তই আদালতৰ পৰা জামিন লাভ কৰা ঘটনা কোনো নতুন কথা নহয়৷ স্মাৰ্ট অসম আৰক্ষীয়ে তদন্তত ৰাখি থৈ যোৱা আইনী সুৰুঙাৰ বাবেও অভিযুক্তই আদালতত দোষমুক্ত হোৱাৰো বহু উদাহৰণ আছে৷ শেহতীয়াকৈ ডিমা হাচাওৰ ১ হাজাৰ কোটি টকীয়া কেলেংকাৰিৰ গোচৰত তদন্তকাৰী সংস্থাই ৰাখি থৈ যোৱা আইনী সুৰুঙাৰ বাবেই মোহিত হোজাই, উগ্ৰপন্থী নেতা জুৱেল গাৰ্লোছা, নিৰঞ্জন হোজাই, আৰ এছ খানৰ দৰে হাইপ্ৰ’ফাইল অভিযুক্তক গুৱাহাটী উচ্চ ন্যায়ালয়ে দোষমুক্ত ঘোষণা কৰিবলৈ বাধ্য হৈছিল৷ অথচ হাজাৰ কোটি টকীয়া কেলেংকাৰিৰ গোচৰটোত অভিযুক্তৰ পৰা কোটি কোটি টকা নগদ ধনো জব্দ কৰিছিল৷ সোমবাৰে প্ৰকাশ পোৱা নেশ্বনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ প্ৰতিবেদনৰ ভিত্তিত ৰাজ্য চৰকাৰে অসমত ৫০ শতাংশলৈ অপৰাধ হ্ৰাস পোৱা বুলি প্ৰচাৰ চলোৱাৰ সময়তে তদন্তকাৰী আৰক্ষীৰ গাফিলতি তথা আইনী সুৰঙাই ৰাজ্যৰ সিংহভাগ ধৃত অভিযুক্তই শেষ মুহূৰ্তত দোষমুক্ত ঘোষণা হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ অৰ্থাৎ তদন্তকাৰী আৰক্ষীয়ে সঠিকভাৱে তদন্ত কৰি অভিযুক্তৰ বিৰুদ্ধে তথ্য-প্ৰমাণ দাখিলত ব্যৰ্থ হোৱাত দোষমুক্ত ঘোষণা হৈছে প্ৰায় ৮৮ শতাংশ ধৃত অভিযুক্ত৷ স্মাৰ্ট অসম আৰক্ষীৰ স্বৰূপ উন্মোচন কৰা এই বিস্ফোৰক তথ্য প্ৰকাশ পাইছে নেশ্বনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰ’ৰ ২০২২ বৰ্ষৰ প্ৰতিবেদনত৷ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে ২০২২ বৰ্ষৰ অসম আৰক্ষীয়ে বিভিন্ন অপৰাধজনিত গোচৰত আইপিচি ধাৰাত ৭৩,৪৭৩জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে৷ গ্ৰেপ্তাৰ কৰা অভিযুক্তসকলৰ ৭২,০৯২ জন পুৰুষ আৰু ১,৩৮১ গৰাকী মহিলা৷ অৱশ্যে ইয়াৰে ৫০,০২৯জন ধৃত অভিযুক্তৰ বিৰুদ্ধে তদন্তকাৰী আৰক্ষীয়ে আদালতত অভিযোগমানা দাখিল কৰিবলৈ সক্ষম হৈছে৷ লক্ষণীয় বিষয়টো হৈছে আৰক্ষীয়ে নিৰ্দিষ্ট গোচৰৰ তদন্ত কৰি তথ্য-প্ৰমাণৰ ভিত্তিত অভিযোগনামা দাখিল কৰা ৩৭,১১৪ জন অভিযুক্তৰ বিচাৰ প্ৰক্ৰিয়া তথা গোচৰৰ মীমাংসা হৈছে৷ কিন্তু তাৎপৰ্যপূৰ্ণভাৱে তদন্তকাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা অভিযুক্তৰ বিৰুদ্ধে আদালতত অপৰাধ প্ৰমাণ কৰিব নোৱৰাত ৮৭.২৪ শতাংশ অভিযুক্তই দোষমুক্ত ঘোষণা হৈছে৷ এনচিআৰবিৰ প্ৰতিবেদনত প্ৰকাশ পোৱা মতে ৩৭,১১৪ জন অভিযুক্তৰ ভিতৰত ৩২,৩৮০ জনকে দোষমুক্ত ঘোষণা কৰিছে আদালতে৷ ইয়াৰ বিপৰীতে আৰক্ষীৰ তদন্তত সন্তুষ্ট হৈ ধৃত ১২.৪৯ শতাংশ অভিযুক্তক দোষী সাব্যস্ত কৰিছে৷ অৰ্থাৎ ২০২২ বৰ্ষত আইপিচি ধাৰাত ধৃত অভিযুক্তৰ চ্ছ্ৰ,৬৩৮ জনক আদালতে দোষী সাব্যস্ত কৰি শাস্তি প্ৰদান কৰিছে৷ আনহাতে বিগত বৰ্ষটোত আদালতে ৯৬ জন অভিযুক্তক গোচৰৰ পৰা খালাচ দিছে৷ অৱশ্যে বিগত বৰ্ষত আদালতে পুৰণি গোচৰৰ ভিত্তিত আন ৩,৪৬৮ জনক দোষী সাব্যস্ত কৰিছে যদিও পুৰণি গোচৰৰ ধৃত ২৭,১৭৪জন অভিযুক্তকো দোষমুক্ত ঘোষণা কৰিছে৷ এনচিআৰবিৰ প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি বিগত বৰ্ষটোত স্মাৰ্ট অসম আৰক্ষীৰ জিম্মাৰ পৰা মুঠ ৪৩জন অভিযুক্তই পলায়ন কৰিবলৈ সক্ষম হয়৷ উদ্বেগজনকভাৱে ইয়াৰে জ্জ জন থানাৰ লকআপৰ পৰা পলায়ন কৰাৰ বিপৰীতে বাকী ৩৫জন তদন্তৰ মাজতে থানাৰ বাহিৰৰ আন স্থানৰ পৰা পলায়ন কৰে৷ অৱশ্যে পলায়ন কৰা ২৮জন অভিযুক্তক পুনৰ গ্ৰেপ্তাপ কৰিবলৈ সক্ষম হয় যদিও বাকী ১৪জন বৰ্তমানো পলাতক হৈ আছে৷