Logo
image

’৫১ নে ’৭১? ছুপ্ৰিম ক’ৰ্টত শেষপৰ্যায়ৰ শুনানি

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ৬ ডিচেম্বৰঃ অসম চুক্তিমৰ্মে নাগৰিকত্ব আইনত সংযোজিত ৬-এ ধাৰাক মানৱীয় দৃষ্টিকোণৰ পৰা চাব লাগিব৷ ৬-এ ধাৰাৰ সৈতে ভাৰতৰ ইতিহাস সন্নিৱিষ্ট হৈ আছে৷–  নাগৰিকত্বৰ ভিত্তিবৰ্ষকলৈ গ্ৰহণ কৰা শুনানিত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় নেতৃত্বাধীন পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে মঙলবাৰে এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷ এই ধাৰাৰ জৰিয়তে অসমত নাগৰিকত্ব লাভ কৰা প্ৰব্ৰজিত বিদেশীয়ে কেনেকৈ খিলঞ্জীয়াৰ সাংস্কৃতিক, ৰাজনৈতিক তথা ভূমিৰ অধিকাৰ খৰ্ব কৰিছে, তাৰ কোনো তথ্য-প্ৰমাণ আদি আছে নেকি বুলিও প্ৰশ্ন কৰে মুখ্য ন্যায়াধীশ  চন্দ্ৰচূড়ে৷ তেওঁৰ মতে, নাগৰিকত্ব আইনত সংযোজিত ৬-এ ধাৰাৰ সৈতে আমাৰ ইতিহাস গভীৰভাৱে সন্নিবিষ্ট৷ অসম চুক্তিৰ ভিত্তিত সংশোধিত আইনখন আছিল এক মানৱিক পদক্ষেপহে৷ উল্লেখ্য, মঙলবাৰৰ পৰা সাংবিধানিক বিচাৰপীঠত নাগৰিকত্বৰ ভিত্তিবৰ্ষকলৈ তথা নাগৰিকত্ব সংশোধনী আইনৰ ৬-এ ধাৰাৰ সাংবিধানিক বৈধতা চালি-জাৰি চাবলৈ ধাৰাবাহিক শুনানি গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে৷ মূলতঃ অসম সন্মিলিত মহাসংঘই তৰা লেখ আৱেদনৰ (৫৬২/২০১২) শুনানি গ্ৰহণ প্ৰক্ৰিয়াৰ প্ৰথমদিনা মহাসংঘৰ হৈ জ্যেষ্ঠ অধিবক্তা শ্যাম ডিৱানে সমগ্ৰ দিনটো নাগৰিকত্ব আইনৰ ৬-এ ধাৰাৰ সাংবিধানিক বৈধতাকলৈ প্ৰশ্ন উত্থাপন কৰাৰ উপৰি কেইবাটাও যুক্তি আগবঢ়ায়৷ মহাসংঘৰ মতে, অসম চুক্তি এটা ৰাজনৈতিক নিষ্পত্তি আছিল৷ ডিৱানে ১৯৯৮ চনত অসমৰ প্ৰাক্তন ৰাজ্যপাল এছ কে সিনহাই অসমত হোৱা বাংলাদেশীৰ অনুপ্ৰৱেশকলৈ তদানীন্তন ৰাষ্ট্ৰপতি কে আৰ নাৰায়ণনৰ ওচৰত দাখিল কৰা প্ৰতিবেদনক সন্মুখত ৰাখি যুক্তি দৰ্শোৱা প্ৰক্ৰিয়া আৰম্ভ কৰে৷ প্ৰতিবেদনখনত দাঙি ধৰা ভাষ্য অনুসৰি বাংলাদেশীৰ অনুপ্ৰৱেশে অসমৰ খিলঞ্জীয়া লোকৰ ৰাজনৈতিক, সাংস্কৃতিক অধিকাৰ কাঢ়ি নিয়াৰ তথ্যসমূহ ডিৱানে সাংবিধানিক বিচাৰপীঠৰ দৃষ্টিগোচৰ কৰে৷ পিছে মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে ৰাজ্যপালৰ প্ৰতিবেদনৰ তথ্যগত প্ৰমাণক লৈ প্ৰশ্ন উত্থাপন কৰে৷ তদুপৰি, ১৯৭১ চনৰ পাছত প্ৰব্ৰজিত লোকৰ পৰিসংখ্যাৰ সৈতে নাগৰিকত্ব আইনৰ ৬-এ ধাৰাৰ সাংবিধানিক বৈধতাৰ কি সম্পৰ্ক থাকিব পাৰে, তাক লৈও প্ৰশ্ন উত্থাপন কৰে মুখ্য ন্যায়াধীশে৷ ইয়াৰ পাছত ডিৱানে ৬-এ ধাৰাই কেনেকৈ সংবিধানৰ ১৪, ২১ আৰু ২৯ নম্বৰ অনুচ্ছেদক উলংঘা কৰিছে, সেই সন্দৰ্ভত যুক্তি দাঙি ধৰে৷ অনুপ্ৰৱেশকাৰীৰ বোজা কেৱল অসমে কিয় ল’ব লাগে, সেই প্ৰশ্নও তেওঁ উত্থাপন কৰে৷ তদুপৰি, বাংলাদেশীৰ প্ৰব্ৰজনে কেনেকৈ অসমৰ খিলঞ্জীয়া লোকৰ সাংস্কৃতিক তথা ভূমিৰ অধিকাৰ কাঢ়ি নিছে, সেই বিষয়েও ডিৱানে সবিস্তাৰে ব্যাখ্যা কৰে৷ অসমত অসমৰ খিলঞ্জীয়া এসময়ত গৃহহীন আৰু বিদেশী হৈ পৰিব বুলি মহাসংঘৰ অধিবক্তাজনে সংশয় ব্যক্ত কৰে৷ এই প্ৰসংগত মুখ্য ন্যায়াধীশে ৬-এ ধাৰা অনুসৰি তথা এই ধাৰাৰ জৰিয়তে ১৯৬৬ চনৰ পৰা ১৯৭১ চনলৈকে অসমলৈ প্ৰব্ৰজিত কিমান বিদেশীয়ে নাগৰিকত্ব লাভ কৰিছে, কেন্দ্ৰৰ পৰা সেই তথ্য বিচাৰে৷ শুনানিত উপস্থিত থকা এটৰ্নী জেনেৰেল তুষাৰ মেহতাই প্ৰকাশ কৰা মতে, উক্ত সময়ছোৱাত অসমত নাগৰিকত্ব লাভ কৰা বিদেশীৰ সংখ্যা হৈছে ৫,৪৫,০০০জন৷ ইয়াৰ পাছতে মুখ্য ন্যায়াধীশৰ এইবুলি কয় যে ৬-এ ধাৰাৰ জৰিয়তে মাত্ৰ পাঁচবছৰত নাগৰিকত্ব লাভ কৰা এইসকল লোকে কেনেকৈ অসমৰ জনগাঁথনি আৰু সাংস্কৃতিক পৰিচয় বিনষ্ট কৰিছে, তাৰ কোনো তথ্য কিম্বা প্ৰমাণ আছে বুলি মই নাভাবোঁ৷ আৰু যদি আছে, তেনেহ’লে সেয়া আমাক চাবলৈ দিয়ক৷ ইফালে, ডিৱানৰ মতে– কেৱল এইসকলেই নহয়, পৰৱৰ্তী সময়ত তেওঁলোকৰ সতি-সন্ততিসকলেও অসমৰ জনগাঁথনিত প্ৰভাৱ বিস্তাৰ কৰিছে৷ তদুপৰি, যেতিয়া এখন আইন প্ৰস্তুত কৰা হয়, তেতিয়া কেনেকৈ সেই আইন কেৱল এখন ৰাজ্যৰ বাবে প্ৰযোজ্য হ’ব পাৰে? দ্বিতীয়তে, আইন প্ৰস্তুত কৰাৰ সময়ত যদি সীমান্তৱৰ্তী ৰাজ্য হোৱাটোৱেই মাপকাঠি হয়, তেনেহ’লে আন সীমান্তৱৰ্তী ৰাজ্যৰ বাবে সেয়া কিয় প্ৰযোজ্য নহ’ব বুলিও ডিৱানে প্ৰশ্ন কৰে৷ জ্যেষ্ঠ অধিবক্তজনৰ উদ্দেশ্যে মুখ্য ন্যায়াধীশৰ বক্তব্য– তেনেহ’লে যিখন ৰাজ্যত ইমান ব্যাপক হাৰত প্ৰব্ৰজন ঘটিছে, সেইখন ৰাজ্য অৰ্থাৎ অসমৰ দৰে আন কোন কোন সীমান্তৱৰ্তী ৰাজ্য অনুৰূপ ঐতিহাসিক ক্ষণৰ সাক্ষী হৈছে তথা ভৌগোলিক অৱস্থানত আছে, সেয়াও আপোনাক দেখুওৱাব লাগিব৷ উল্লেখ্য, শুনানিকালত মহাসংঘৰ প্ৰতিনিধিজনে ২০০০ চনৰ বিদেশী সংশোধনী বিধেয়কৰ ওপৰত ভাৰতীয় আইন আয়োগৰ ১৭৫সংখ্যক প্ৰতিৱেদনৰ প্ৰসংগও অৱতাৰণা কৰে৷ আনহাতে, মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে ২০১৭চনত অসম চৰকাৰে গঠন কৰা ব্ৰহ্ম আয়োগৰ প্ৰতিবেদনৰ কথা দাঙি ধৰি কয় যে খিলঞ্জীয়াৰ ভূমি অধিকাৰক লৈ প্ৰস্তুত কৰা প্ৰতিবেদনখনতো অসম চুক্তিৰ সফল ৰূপায়ণৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল৷ এইক্ষেত্ৰত সঠিককৈ এখন আইন কেনেকৈ বলৱৎ কৰিব পাৰি সেয়া আমি চাব লাগিব৷ মন কৰিবলগীয়া যে নাগৰিকত্ব আইনৰ ৬-এ ধাৰাক প্ৰত্যাহ৩ান জনোৱা মহাসংঘৰ আৱেদনৰ সৈতে দেশৰ সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলক পক্ষ হিচাপে সামৰি লোৱা হৈছে৷ ইপিনে, মঙলবাৰৰ পৰা আৰম্ভ হোৱা শেষপৰ্যায়ৰ শুনানিৰ আৰম্ভণিতে সকলোপক্ষৰ আৱেদনসমূহ একত্ৰিত কৰি ন্যায়ালয়ে নিযুক্তি দিয়া তিনিজন ন’ডেল বিষয়াই প্ৰায় ২৭ হাজাৰ পৃষ্ঠাৰ সংকলন সাংবিধানিক বিচাৰপীঠক দাখিল কৰে৷ উল্লেখ্য, মুখ্য ন্যায়াধীশৰ নেতৃত্বাধীন সাংবিধানিক বিচাৰপীঠত থকা আন ন্যায়াধীশসকল হৈছে– ন্যায়াধীশ সূৰ্যকান্ত, ন্যায়াধীশ এম এম সুন্দ্ৰেশ, ন্যায়াধীশ জে বি পৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰ৷ মন কৰিবলগীয়া যে চলিত সপ্তাহত সাংবিধানিক বিচাৰপীঠে ধাৰাবাহিক শুনানি গ্ৰহণ কৰাৰ কথা৷ বুধবাৰে মহাসংঘই জনোৱা আৱেদনৰ বিৰোধিতা কৰা পক্ষৰ শুনানি গ্ৰহণ কৰা হ’ব৷ লক্ষ্যণীয়ভাৱে কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিমৰ্মে নাগৰিকত্ব আইনত সংযোজিত ৬-এ ধাৰাৰ সপক্ষে উচ্চতম ন্যায়ালয়ত অৱস্থান গ্ৰহণ কৰিছে যদিও সৰ্বোচ্ছ ন্যায়ালয়ত অসম চৰকাৰৰ স্থিতি কি হ’ব, সেয়া এতিয়াও জানিব পৰা হোৱা নাই৷