Logo
image

মুখ্যমন্ত্ৰীৰ বৈঠকৰ মাজতে বিপিএফলৈ বিজেপি জিলা সভাপতি

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ ডিচেম্বৰঃ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰদেশ বিজেপিৰ মুখ্য কাৰ্যালয় বাজপেয়ী ভৱনত আজি সন্ধিয়া দৰং, ওদালগুৰি, কোকৰাঝাৰ, কাজিৰঙা আৰু বৰপেটা লোকসভা সমষ্টিকলৈ আলোচনা হয়৷ উল্লেখ্য, বিটিআৰৰ বহু বিজেপি নেতা-কৰ্মীয়ে ইতিমধ্যে দল এৰি গৈছে৷ ওদালগুৰি জিলা বিজেপিৰ দুটাকৈ কাৰ্যকালৰ সভাপতি তথা প্ৰদেশ বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য কাৰ্তিক চন্দ্ৰ বড়োৱে ইতিমধ্যে বিজেপি এৰি বিপিএফত যোগদান কৰিছে৷ আনহাতে, চিৰাং বিজেপিৰ সাধাৰণ সম্পাদক সুকুমাৰ বড়ো, চিৰাং বিজেপিৰ যুৱ মৰ্চাৰ সম্পাদক বডোছা গয়াৰীকে ধৰি শতাধিক বিজেপি তথা ইউপিপিএলৰ নেতা-কৰ্মীয়ে আজি বিপিএফত আনুষ্ঠানিকভাৱে যোগদান কৰে৷ এই যোগদান কাৰ্যসূচীৰ সময়তে মুখ্যমন্ত্ৰীৰ এই পৰ্যালোচনা বৈঠক লক্ষণীয় বুলি বিবেচিত হৈছে৷ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে দৰং, ওদালগুৰি, কোক্‌ৰাঝাৰ, কাজিৰঙা আৰু বৰপেটা সমষ্টিৰ বাবে একোজনকৈ বিধায়কক দায়িত্ব দিয়া হৈছে৷ বিধায়কজনৰ তলত ২০জনকৈ কাৰ্যকৰ্তা থাকিব৷ প্ৰতি মাহত তেওঁলোকে দুটাকৈ সমষ্টিত সংযোগ স্থাপন কৰিব লাগিব৷ জানুৱাৰীত গুৱাহাটী সমষ্টিৰ কাম আৰম্ভ হ’ব৷ প্ৰত্যেকটো সমষ্টিত ৰাজ্যিকৰ পৰা বুথলৈ সংযোগ কৰাৰ চেষ্টা হ’ব৷ দলীয় কাৰ্যসূচীসমূহ সুক্ষ্মভাৱে হৈছে নে নাই সেয়া পৰ্যবেক্ষণ কৰি প্ৰতিবেদন দাখিল কৰিব লাগিব৷ আজিৰে পৰা যোৰহাটত ২০জন কাৰ্যকৰ্তা প্ৰেৰণ কৰা হ’ব৷ অহা মাহত কাজিৰঙা সমষ্টিলৈ কাৰ্যকৰ্তা প্ৰেৰণ কৰিব৷ নিৰ্বাচন আহিলে মানুহ এটা দলৰ পৰা আনটো দললৈ যায়, কিন্তু নিৰ্বাচনত ইউপিপিএলে বিজেপি একেলগে প্ৰাৰ্থিত্ব আগবঢ়াব৷ আমি যিমানে কষ্ট কৰিলে চাৰে এঘাটাকৈ বেচি নাপাও৷’ উল্লেখ্য, যে আজি সন্ধিয়া ৫ বজাৰ পৰা অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্ৰীয়ে বিটিআৰত নিয়োজিত মন্ত্ৰী বিধায়ক বিষয়ববীয়াৰ পৰা ল’ব কোকৰাঝাৰ, দৰং ওদালগুৰি, খতিয়ান গ্ৰহণ কৰে৷ প্ৰদেশ বিজেপিৰ এই তৎপৰতা লক্ষণীয় বুলি বিবেচিত হৈছে৷ বিশেষকৈ যোৰহাট আৰু কাজিৰঙাকলৈ বিজেপিৰ এই অতি তৎপৰতা গৌৰৱ গগৈক চক্ৰবেহুত সুমোৱাৰ বাবে বুলি বুলিও ৰাজনৈতিক মহলত চৰ্চা হৈছে৷ ইফালে সৰু সৰু আঞ্চলিক দল গেৰুৱাকৰণ হ’বলৈ বাধ্য হৈছে বুলি মন্তব্য কৰি বিপিএফৰ নেতা দুৰ্গাদাস বড়োৱে কয় যে ডাঃ ৰণোজ পেগু, টংকেশ্বৰ ৰাভা, ৰমাকান্ত দেউৰী ইতিমধ্যে গেৰুৱা হ’বলৈ বাধ্য হৈছে৷ ইউপিপিএল, অগপ গেৰুৱাত বিলীন হৈছে৷ সকলো আঞ্চলিক দলেই এতিয়া নিজক বুজি নিজকে শক্তিশালী কাৰ উচিত৷ মিজোৰামত আঞ্চলিক শক্তিৰ উত্থানৰ পাছত অসমেও চিন্তা কৰিব লাগে৷ একমাত্ৰ বিপিএফে হে নিজৰ অস্তিত্ব বজাই ৰাখিব পাৰিছে৷