Logo
image

সংগঠন এৰি দলে-বলে হিমন্তবিশ্বৰ শৰণাপন্ন আছু নেতা

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৬ ডিচেম্বৰঃ ৩০০ যুৱক-যুৱতীসহ আছুৰ প্ৰাক্তন নেতা দিব্যজ্যোতি মেধিয়ে যোগ দিব বিজেপিত৷ এসপ্তাহৰ ভিতৰত তেওঁ বিজেপিত যোগ দিব৷ সোমবাৰে নিশা প্ৰাক্তন আছু নেতা দিব্যজ্যোতি মেধিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰি এই কথা ঘোষণা কৰে৷ আছুৰ সংবিধান আৰু সংগঠনবিৰোধী কাৰ্যকলাপত জড়িত থকাৰ উপৰি জাতীয় সংগঠনটোৰ শৃংখলা ভংগৰ অভিযোগত আছুৱে অব্যাহতি দিছিল  দিব্যজ্যোতি মেধিক৷ ইয়াৰ পাছতে আছুৰ বিৰুদ্ধে ‘বিদ্ৰোহ’ ঘোষণা কৰে মেধিয়ে৷ কেৱল সেয়ে নহয়, আছুৰ মৰিগাঁও অধিৱেশন স্থগিত ৰখাৰ আৱেদন জনাই আদালতৰ শৰণাপন্ন হয় দিব্যজ্যোতি মেধি৷ মৰিগাঁও অধিৱেশনৰ সমান্তৰালভাৱে আছুৱে ইতিমধ্যে নিষ্ক্ৰিয় কৰা এখন আঞ্চলিক সমিতিৰ বেনাৰত বিশেষ কাৰ্যসূচীও গ্ৰহণ কৰা হয়– য’ত নাটকীয়ভাৱে আছুৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰে দিব্যজ্যোতি মেধিয়ে– যদিওবা সেই ঘোষণাৰ আগতেই মেধিক আছুৰ পৰা এবছৰৰ বাবে অব্যাহতি দিয়া হৈছিল৷ আছুৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে ‘বিদ্ৰোহ’ কৰা দিব্যজ্যোতি মেধি অৱশেষত দলে-বলে শৰণাপন্ন হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ৷ অৱশ্যে বহুদিনৰ আগৰে পৰাই দুজন প্ৰভাৱশালী মন্ত্ৰীৰ জৰিয়তে বিজেপিৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি আহিছিল মেধিয়ে– বিজেপিৰ এটা সূত্ৰৰ ভাষ্য৷ সূত্ৰটোৰ মতে সোমবাৰে নিশা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ জৰিয়তে দিব্যজ্যোতি মেধিয়ে দীৰ্ঘদিনৰ পৰা বিজেপিৰ সৈতে অব্যাহত ৰখা সম্পৰ্কক আনুষ্ঠানিক ৰূপ দিলে৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ পাছত নিলম্বিত আছু নেতা দিব্যজ্যোতি মেধিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কামৰ প্ৰতি আকৰ্ষিত হৈ বিজেপিত যোগ দিবলৈ ইচ্ছা প্ৰকাশ কৰাৰ কথা সদৰি কৰে৷ তেওঁ কয়– ‘আমি বিচাৰোঁ ছাত্ৰ-ছাত্ৰী আৰু যুৱ সমাজৰ উন্নয়ন৷ ছাত্ৰ-ছাত্ৰী আৰু যুৱ সমাজৰ সমস্যা সমাধান কৰিব পাৰিব কেৱল হিমন্ত বিশ্ব শৰ্মাই৷ তেওঁ ইতিমধ্যে ছাত্ৰ-ছাত্ৰী আৰু যুৱ সমাজৰ উন্নতি সাধন কৰিবলৈ বহুকেইখন আঁচনি লৈছে৷ ৰাইজে উন্নয়ন বিচাৰে৷ ৰাইজৰ উন্নয়ন কৰিব পাৰে বিজেপি চৰকাৰেহে৷ বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো আছুৰ প্ৰাক্তন নেতা৷’