Logo
image

অমিত শ্বাহে ক'লে, কেৱল নেহৰুৰ ভুল আছিলঃ দুটা ভুল সিদ্ধান্তৰ বাবে পাকিস্তানে দখল কৰিলে কাশ্মীৰৰ অংশ

ডিজিটেল সংবাদ, গুৱাহাটীঃ ৪ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে সংসদৰ শীতকালীন অধিৱেশন৷ অধিৱেশনৰ তৃতীয় দিনা অৰ্থাৎ বুধবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰৰ লগত সম্বন্ধিত দুখনকৈ বিধেকয়ৰ ওপৰত উত্তৰ দিয়ে৷ লোকসভাত জম্মু-কাশ্মীৰ সংৰক্ষণ সংশোধন বিধেয়ক-২০২৩ আৰু জম্মু-কাশ্মীৰ পুনৰ গঠন সংশোধন বিধেয়ক ২০২৩ৰ ওপৰত উত্তৰ দিয়ে গৃহমন্ত্ৰী শ্বাহে।

এই সময়চোৱাত কংগ্ৰেছক তীব্ৰ কটাক্ষ কৰে শ্বাহে। তেওঁ কয় যে পাকিস্তান অধিকৃত কাশ্মীৰৰ সমস্যা প্ৰাক্তন প্ৰধানমন্ত্ৰী জৱহাৰলাল নেহৰুৰ বাবে হৈছিল। সমগ্ৰ কাশ্মীৰ হাতলৈ অহাৰ পূৰ্বে যুদ্ধবিৰতি কৰিছিল। এনে নকৰাহেঁতেন পিঅ'কে ভাৰতৰ আজি অংশ হ'লহেঁতেন। নেহৰুৰ ভুলৰ বাবে পাকিস্তান অধিকৃত কাশ্মীৰৰ গঠন হ'ল৷

লগতে তেওঁ কয় যে কংগ্ৰেছে কাশ্মীৰী পণ্ডিতসকলৰ বাবে একো কৰা নাই৷ আনহাতে বৰ্তমানৰ মোদী চৰকাৰে কি কৰি আছে, ইতিহাসে তেওঁক সদায় মনত ৰাখিব। মোদী চৰকাৰে জম্মু আৰু কাশ্মীৰৰ ওপৰত ৩৭০ অতিক্ৰম কৰিছে আৰু অতিশীঘ্ৰে কিছু ডাঙৰ কাম কৰিবলৈ গৈ আছে। 

ইয়াৰ উপৰি তেওঁ কয় যে যি বিধেয়ক মই লৈ আহিছোঁ সেই বিধেয়ক জনতাৰ ন্যায় আৰু অধিকাৰ সম্পৰ্কীয়। যিসকলৰ বিৰুদ্ধে অন্যায় হৈছে, যাৰ অপমান হৈছে আৰু যাক উপেক্ষা কৰা হৈছে সেইসকলক আগলৈ আনিব লাগে৷ এয়াই হৈছে ভাৰতীয় সংবিধানৰ মূল আদৰ্শ৷