Logo
image

নাগৰিকত্ব আইনৰ ৬-ক ধাৰাক লৈ শুনানি অব্যাহত

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধি, ৭ ডিচেম্বৰঃ নাগৰিকত্ব আইনৰ ৬-এ ধাৰাৰ বৈধতাকলৈ উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠত আজি দ্বিতীয় দিনৰ বাবে ধাৰাবাহিক শুনানী গ্ৰহণ কৰা হয়৷ প্ৰথমদিনাৰ শুনানীত অসম চুক্তিৰ আধাৰত আইনখনত সংযোজিত উক্ত ধাৰাক মানৱীয় দৃষ্টিকোণৰ পৰা চাবলৈ আহ্বান জনোৱা মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে আজি ৬-এ ধাৰাৰ সাংবিধানিক বৈধতাকলৈ ইয়াৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশেষভাৱে আলোকপাত কৰা পৰিলক্ষিত হয়৷ মুখ্য ন্যায়াধীশৰ মতে, ৰাষ্ট্ৰক বচাবলৈ চৰকাৰক কেতিয়াবা কিছু শিথিলতা দিয়াৰ প্ৰয়োজন আছে৷ সময়ৰ প্ৰয়োজনস্বৰূপে নাগৰিকত্ব আইনৰ সংশোধন ঘটাই আইনখনত ৬-এ ধাৰাৰ সংযোজন ঘটোৱা হৈছিল বুলি তেওঁ মন্তব্য কৰে৷ লক্ষ্যণীয়ভাৱে ৬-এ ধাৰাক প্ৰত্যাহ্বান জনোৱা আবেদনকাৰীসকলৰ হৈ আজি জ্যেষ্ঠ অধিবক্তা শ্যাম ডিৱানৰ উপৰি, কমল নাৰায়ণ চৌধুৰী আৰু বিজয় হানছাৰিয়াও বিস্তাৰিতভাৱে যুক্তি প্ৰদান কৰা পৰিলক্ষিত হয়৷ মূল আবেদনকাৰী হিচাপে অসম সন্মিলিত মহাসংঘৰ হৈ জ্যেষ্ঠ অধিবক্তা শ্যাম ডিৱানে আজিৰ শুনানীৰ আৰম্ভণিতেই ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ৰাজ্য হিচাপে ত্ৰিপুৰা আৰু পশ্চিম বংগক বাদ দি কেৱল অসমৰ বাবেই নাগৰিকত্ব আইনৰ ৬-এ ধাৰা প্ৰযোজ্য কৰাটো সম্পূৰ্ণ বে-আইনী বুলি যুক্তি প্ৰদান কৰে৷ ডিৱানৰ বক্তব্য— অসম আন্দোলনৰ দৰে ৰাজনৈতিক হিংসাৰ প্ৰত্যুত্তৰ হিচাপে প্ৰদান কৰা ৰাজনৈতিক নিষ্পত্তি কোনোধৰণৰ শ্ৰেণীগত বিচাৰ্য বিষয় হ’ব নোৱাৰে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্য ন্যায়াধীশৰ প্ৰশ্ন— দেশৰ সংসদে কি ক’ব নোৱাৰে নেকি যে হিংসাজৰ্জড়িত এখন ৰাজ্যত শান্তি  ওভতাই অনাৰ বাবে আমি এয়া (অসম চুক্তি সম্পাদন) কৰিব বিচাৰোঁ৷ নে দেশৰ সংসদে ক’ব যে আমি হিংসাত্মক কাৰ্যকলাপ চলি থাকিবলৈ দিম অন্যথা বেলেগ ৰাজ্যবোৰৰ সৈতে বৈষম্যমূলক আচৰণ কৰা হ’ব৷ মুখ্য ন্যায়াধীশে কয় যে কোনো সন্দেহ নাই যে এইবোৰ বিতৰ্ক উদ্ৰেকাৰী সমস্যা৷ কিন্তু ১৯৮৫চনত অসমৰ পৰিস্থিতিৰো আমাক বুজ ল’ব লাগিব৷ ৰাজ্যখনত বিৰামহীন হিংসাৰ পৰিৱেশ বিৰাজ কৰিছিল৷ সেই সময়ত চৰকাৰে যি সমাধানেই গ্ৰহণ নকৰক কিয় সেয়া অসংলগ্ন বুলি প্ৰতিয়মান হ’ব পাৰে৷ তেনেধৰণৰ সমস্যাৰ গাণিতিক সমাধান কেতিয়াও সম্ভৱ নাছিল৷ ইয়াৰ পৰিপ্ৰেক্ষিতত ডিৱানৰ বক্তব্য— কাৰণ যিমানেই মহান নহওক কিয় গ্ৰহণ কৰা পদক্ষেপৰ সাংবিধানিক বৈধতা তথা গ্ৰহণযোগ্যতা নাথাকিলে সেয়া বে-আইনী হিচাপেই চিহ্নিত হ’ব৷ কাৰণ এখন ৰাজ্যৰ এটা সম্প্ৰদায়ৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পৰাকৈ চৰকাৰৰ কোনো পদক্ষেপ বৈধ হ’ব নোৱাৰে৷ অন্যথা সেয়া সংবিধানৰ ১৪সংখ্যক অনুচ্ছেদৰ পৰিপন্থী হ’ব৷ পিছে ডিৱানক উভতি ধৰি মুখ্য ন্যায়াধীশ চন্দ্ৰচূড়ে কয় যে চৰকাৰক আমি সেইখিনি পৰিসৰ দিবই লাগিব৷ আনকি আজিৰ দিনতো উত্তৰ-পূৰ্বাঞ্চলত এনে কিছুমান ৰাজ্য আছে য’ত উগ্ৰপন্থী সমস্যা এতিয়াও আছে৷ সেয়েহে আমি চৰকাৰক সেইখিনি শিথিলতা দিবই লাগিব যাতে ৰাষ্ট্ৰ সুৰক্ষিত হৈ থাকে৷ ২৫বছৰ পাছত সেই শিথিলতা অসংলগ্ন বুলি আমাৰ ধাৰণা হ’ব পাৰে কিন্তু সাৰ্বিকভাৱে দেশৰ মংগলৰ বাবে চৰকাৰে কৰা উক্ত আপোচত আমি বাধা দিব নোৱাৰোঁ৷ আনহাতে, আজি শুনানীৰ আৰম্ভণিত মহাসংঘৰ অধিবক্তাজনে নাগৰিকত্ব আইনৰ ৬-এ ধাৰাৰ ১৯৬৬-৭১চনৰ পাঁচ বছৰীয়া প্ৰসংগৰ পৰিৱৰ্তে কেনেকৈ ১৯৬৬চনৰ ৰজানুৱাৰীক বিচ্ছিন্নকাৰী (কাট-অফ) তাৰিখ হিচাপে ল’ব পাৰি তাকলৈ প্ৰশ্ন উত্থাপন কৰে৷ ডিৱানৰ প্ৰশ্ন, কোনো প্ৰক্ৰিয়া বা পদ্ধতি অবিহনেই এখন ৰাজ্যৰ বাবে সুকীয়াকৈ এখন কাট-অফ ডেট কেনেকৈ নিৰ্ধাৰণ কৰি দিব পাৰি৷ লক্ষ্যণীয়ভাৱে আজিৰ শুনানীত সাংবিধানিক বিচাৰপীঠৰ অন্যতন ন্যায়াধীশ এম এম সুন্দ্ৰেশে আবেদনকাৰী পক্ষসকলৰ পৰা জানিব বিচাৰে যে ভাৰতত জন্ম লোৱা প্ৰব্ৰজিত লোকসকলৰ সতি-সন্ততিৰ অৱস্থান কি হ’ব? উত্তৰত ডিৱানৰ বক্তব্য— জন্মসূত্ৰে নাগৰিকত্ব লাভৰ এটা ধাৰণা আছে৷ পিছে অবৈধ প্ৰব্ৰজনকাৰীয়ে জন্ম দিয়া সন্তানে নাগৰিকত্ব লাভ কৰিব নোৱাৰে৷ নাগৰিকত্ব আইনৰ ৬-এ ধাৰাৰ বাবেই খিলঞ্জীয়াৰ ভৱিষ্যত প্ৰজন্মৰ অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক আকাংক্ষাৰ ওপৰত ব্যাপকভাৱে বিৰূপ প্ৰভাৱ পেলাইছে তথা সংবিধানৰ ২১সংখ্যক অনুচ্ছেদক অৱনমিত কৰিছে৷ মন কৰিবলগীয়া যে নাগৰিকত্বৰ ভিত্তিবৰ্ষ সংক্ৰান্ত শুনানীৰ মূল আবেদনকাৰী মহাসংঘৰ সভাপতি মতিউৰ ৰহমানৰ সমান্তৰালকৈ এন ডি এফ বিৰ সাধাৰণ সম্পাদক গোবিন্দ বসুমতাৰী, ইণ্ডিজিনিয়াছ ট্ৰাইবেল পিপলছ ফেডাৰেছনেক ধৰি আন কেইবাটাও সংগঠনে নাগৰিকত্ব আইনৰ ৬-এ ধাৰাক প্ৰত্যাহ্বান জনাইছে৷ ডিৱানৰ পাছত বিচাৰপীঠৰ সন্মুখত অধিবক্তা কমল নাৰায়ণ চৌধুৰীৰ প্ৰশ্ন— খিলঞ্জীয়াৰ স্বাৰ্থ জলাঞ্জলি দি কেনেকৈ ভাৰত চৰকাৰে অবৈধ প্ৰব্ৰজনকাৰীসকলৰ স্বাৰ্থ সুৰক্ষিত কৰিব পাৰে? নাগৰিকত্ব আইনৰ ৬-এ ধাৰাটো সংসদীয় কৌতুক অবিহনে আন একো হ’ব নোৱাৰে বুলি চৌধুৰীয়ে মন্তব্য কৰে৷ তেওঁৰ বক্তব্য— খিলঞ্জীয়াই যাতে নিজৰ সংস্কৃতি অক্ষুণ্ণ ৰাখিব সেয়া চৰকাৰৰ দায়িত্ব আৰু কৰ্তব্য৷ ৰাজনৈতিক নিষ্পত্তিৰ বাবে স্বাক্ষৰিত অসম চুক্তিৰ জৰিয়তে নাগৰিকত্ব আইনত সংশোধন কৰি সংযোজন কৰা ৬-এ ধাৰা কেতিয়াও সাংবিধানিক হ’ব নোৱাৰে৷ আনকি অসম চুক্তিখন সংসদৰ অনুমোদনও লাভ কৰা নাছিল৷ যি সংবিধানৰ ২৫৩সংখ্যক অনুচ্ছেদৰ পৰিপন্থী৷ চৌধুৰীৰ যুক্তি— তদুপৰি, আমাৰ দেশত দ্বৈত নাগৰিকত্বৰ কোনো ব্যৱস্থা নাই৷ যিখন দেশৰ পৰা পলায়ন কৰি প্ৰব্ৰজনকাৰীসকলে ভাৰতৰ নাগৰিকত্ব লাভ কৰিছে তেওঁলোক এৰি অহা দেশৰ নাগৰিকত্ব কাহানিও ত্যাগ কৰা নাই৷ অন্ততঃ যাৰ কোনো তথ্য চৰকাৰৰ হাতত নাই৷ আনহাতে, জ্যেষ্ঠ অধিবক্তা বিজয় হানছাৰিয়াই আজি পুনৰ এখন ৰাজ্যৰ বাবে কেনেকৈ এখন আইনৰ ধাৰা সংযোজিত হ’ব পাৰে তাকলৈ প্ৰশ্ন উত্থাপন কৰে৷ লগতে হানছাৰিয়াৰ প্ৰশ্ন— কেৱল এচাম প্ৰব্ৰজিত লোকৰ বাবেই কিয় এখন আইনৰ ধাৰা সংযোজিত হ’ব পাৰে? দেশত বহুতো শৰণাৰ্থী আছে৷ তেওঁলোককতো নাগৰিকত্ব দিয়া হোৱা নাই৷ তিৰ্ব্বতী, চাকমা, ৰহিংগীয়া, শ্ৰীলংকাৰ তামিলসকলৰ বাবে যদি শৰণাৰ্থী নীতি থাকিব পাৰে তেনেহ’লে কেৱল অসমত প্ৰব্ৰজিত বিদেশীসকলৰ বাবে নাগৰিকত্ব প্ৰদান কৰিব পৰাকৈ আইন সংশোধন কিয়? ইয়াৰ পৰিপ্ৰেক্ষিতত মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ বক্তব্য— এই কথা আমি ক’ব নোৱাৰোঁ৷ আমি আওপকীয়াকৈ সাংবিধানিক বিধানসমূহ চাব নোৱাৰোঁ৷ সংবিধানৰ ৬ নং অনুচ্ছেদত দেশ বিভাজনৰ পাছত উদ্ভুত সমস্যাৰ সমাধানসূত্ৰ আছে৷ কেৱল বাংলাদেশ নহয় পাকিস্তানৰ পৰাও বহুসংখ্যক লোকে পলায়ন কৰি আছে৷ ৬ নং অনুচ্ছেদৰ জৰিয়তে তেওঁলোকেও ভাৰতৰ নাগৰিকত্ব লাভ কৰিছে৷ সংসদে এইবোৰ চাই থাকে৷ পিছে এয়াও নহয় যে সংসদে সকলো প্ৰব্ৰজনকাৰী কিম্বা শৰণাৰ্থীক নাগৰিকত্ব প্ৰদানৰ বাবে আইন প্ৰণয়ন কৰিব৷ শৰণাৰ্থীক নাগৰিকত্ব প্ৰদান কৰিবলৈ সংসদক আমি বাধ্য কৰিব নোৱাৰোঁ৷ উল্লেখ্য, কাইলৈ সাংবিধানিক বিচাৰপঠীত তৃতীয় দিনৰ বাবে শুনানী অব্যাহত থাকিব৷ তৃতীয় দিনা কেন্দ্ৰ, ৰাজ্য আৰু নাগৰিকত্ব আইনৰ ৬-এ ধাৰা অৰ্থাৎ অসম চুক্তিৰ সপক্ষে থকা হস্তক্ষেপকাৰী আবেদনকৰীসকলৰ শুনানী গ্ৰহণ কৰা হ’ব৷ লক্ষ্যণীয়ভাৱে আজিৰ শুনানীৰ পাছত আবেদনকাৰীসকলৰ হকে যুক্তি আগবঢ়োৱা জ্যেষ্ঠ অধিবক্তা কমল নাৰায়ণ চৌধুৰীয়ে এক তাৎপৰ্যপূৰ্ণ বিবৃতি আগবঢ়ায়৷ সাংবাদিকৰ আগত চৌধুৰীয়ে প্ৰকাশ কৰা মতে, সাংবিধানিক বিচাৰপীঠে যদি নাগৰিকত্ব আইনৰ ৬-এ ধাৰাক বৈধ বুলি ৰায়দান কৰে তেনেহ’লে অসমীয়াৰ সাংবিধানিক ৰক্ষা-কৱচকলৈ গঠন কৰা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ শৰ্মা আয়োগৰ পৰামৰ্শৱলী কাৰ্যকৰী কৰিবলৈ অসম সন্মিলত মহাসংঘকে ধৰি আন সকলো আবেনদনকাৰী পক্ষই উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন জনাব৷  উল্লেখ্য, ৬-এ ধাৰাক প্ৰত্যাহ্বান জনোৱা আবেদনৰ শুনানী গ্ৰহণ কৰা মুখ্য ন্যায়াধীশ নেতৃত্বাধীন সাংবিধানিক বিচাৰপীঠত থকা আন ন্যায়াধীশসকল হৈছে ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ এম এম সুন্দ্ৰেশ, ন্যায়াধীশ জে বি পৰ্দিৱালা আৰু ন্যায়াধীশ মনোজ মিশ্ৰ৷ মন কৰিবলগীয়া যে কালি প্ৰথমদিনাৰ শুনানীত মুখ্য ন্যায়াধীশে নাগৰিকত্ব আইনৰ ৬-এ ধাৰাটোক মানৱীয় দৃষ্টিকোণৰ পৰা চাব লাগিব বুলি মত ব্যক্ত কৰিছিল৷ তদুপৰি, অসম চুক্তিৰ জৰিয়তে ১৯৬৬ চনৰ পৰা ১৯৭১ চনলৈকে অৰ্থাৎ মাত্ৰ পাঁচ বছৰত প্ৰব্ৰজিত বিদেশীয়ে কেনেকৈ অসমৰ সাংস্কৃতিক পৰিচয় বিনষ্ট কৰিব পাৰে তাকলৈও সাংবিধানিক বিচাৰপীঠে প্ৰশ্ন উত্থাপন কৰিছিল৷

বিপন্ন শিহুক লৈ সৰব সাংসদ অজিত ভূঞা

‘আমাৰ অসম’ৰ নতুন দিল্লীৰ প্ৰতিনিধিঃ কুলশী নদীৰ বিপদাপন্ন শিহুকলৈ আজি ৰাজ্যসভাত মাত মতা পৰিলক্ষিত হয় সাংসদ অজিত কুমাৰ ভূঞাক৷ একমাত্ৰ বালিৰ অবৈধ খননকাৰ্যৰ বাবেই নদীখনত থকা বিশ্ববিশ্ৰুত শিহুৰ অস্তিত্ব বিপন্ন হৈ পৰা বুলি ভূঞাই সদনৰ মজিয়াত অভিযোগ উত্থাপন কৰে৷ এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ দাবী জনায়৷ তেওঁ কয় যে অবৈধ বালি খননৰ সমান্তৰালকৈ নদীখনত নিৰ্মীয়মাণ দলংসমূহেও জলজ স্তন্যপায়ী প্ৰাণীটোৰ লগতে নৈপৰীয়া লোকৰ বাবে ভাবুকি সৃষ্টি কৰিছে৷ প্ৰথমতে ২০০৮ চনত অসম চৰকাৰে ৰাজ্যিক জলজ প্ৰাণী আৰু তাৰ পাছত ২০০৯ চনত কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় জলজ প্ৰাণীৰ মৰ্যাদা প্ৰদান কৰা শিহুৰ সংৰক্ষণৰ বাবে কোনো সময় ব্যয় নকৰাকৈ পদক্ষেপ গ্ৰহণ কৰিবলৈ সাংসদ ভূঞাই আজি চৰকাৰৰ ওচৰত আৰ্জি জনায়৷ এইক্ষেত্ৰত তেওঁ দেহৰাদুনস্থিত ৱাইল্ড লাইফ ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ শেহতীয়া এক প্ৰতিবেদনৰ কথা দাঙি ধৰি কয় যে শিহুৰ অস্তিত্ব অক্ষুণ্ণ ৰখাৰ বাবে নদীৰ গভীৰতা ক’মেও ২মিটাৰ হোৱাটো বাঞ্ছনীয়৷ পিছে বালিৰ অবৈধ খননকাৰ্যই নদীখনৰ গড় গভীৰতা ৰমিটাৰ কিম্বা তাতোকৈ ক’ম তুলিছে৷ যাৰ বাবে এদিন শিহুৰ অস্তিত্বই নাইকিয়া হৈ যাব পাৰে বুলি আশংকা ব্যক্ত কৰা হৈছে৷ তেওঁ কয় যে বিশ্বৰ ৯০শতাংশ শিহুৰ বাসস্থান হৈছে ভাৰতবৰ্ষ আৰু দেশৰ ৩০ শতাংশ শিহু আছে অসমত৷ সেয়েহে এই অসামান্য প্ৰাণীটোৰ সংৰক্ষণৰ বাবে অবৈধ খননকাৰ্য বন্ধ কৰাৰ লগতে বিহীত সকলো ব্যৱস্থা গ্ৰহণৰ দাবী জনায় অসমৰ সাংসদজনে৷