Logo
image

সুখদেৱ হত্যাৰ আঁৰত গেংষ্টাৰ লৰেঞ্চ? বিজেপি কাৰ্যালয়ত আক্ৰমণ ক্ষুব্ধ সমৰ্থকৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৭ ডিচেম্বৰঃ মঙলবাৰে দুপৰীয়া ৰাজস্থানৰ জয়পুৰত শ্ৰী ৰাষ্ট্ৰীয় ৰাজপুত কৰ্ণি সেনাৰ মুৰব্বী সুখদেৱ সিং গোগামেদিক তিনিজন গেংষ্টাৰে বাসভৱনত গুলীয়াই হত্যা কৰাৰ ঘটনাত বুধবাৰে সমগ্ৰ ৰাজস্থান উত্তেজনাপূৰ্ণ হৈ থাকে৷ ইতিমধ্যে তিহাৰ জে’লত বন্দী গেংষ্টাৰ লৰেন্স বিষ্ণই আৰু গোল্ডি ব্ৰাৰৰ ঘনিষ্ঠ গেংষ্টাৰ ৰোহিত গোদাৰা গোষ্ঠীয়ে সুখদেবক হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছে৷ শ্ৰী ৰাষ্ট্ৰীয় ৰাজপুত কৰ্ণি সেনাই বুধবাৰে ৰাজস্থান বন্ধৰ আহ৩ান জনাইছিল৷ আজি বন্ধৰ সময়ছোৱাত কৰ্ণি সেনাৰ সদস্যই ৰাজ্যজুৰি তীব্ৰ হিংসাত্মক প্ৰতিবাদ সাব্যস্ত কৰে৷ কৰ্ণি সেনাৰ এটা দলে বিজেপিৰ কাৰ্যালয়ত আক্ৰমণ কৰি ভাঙি ছিঙি লণ্ডভণ্ড কৰে৷ বুধবাৰৰ দিনটোত  ৰাজ্যখনৰ অধিকসংখ্যক দোকান-পোহাৰ বন্ধ আছিল৷ ৰাজ্যত শাসনাধিষ্ঠিত কংগ্ৰেছ পৰাজিত হোৱাৰ দুদিন পাছত আৰু বিজয়ী বিজেপিয়ে দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বেই সংঘটিত এই হত্যাকাণ্ডই ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰিছে৷ কংগ্ৰেছ দলে এই ঘটনা বিজেপি চৰকাৰৰ আগমনৰ বাবেই হোৱা বুলি মন্তব্য কৰিছে৷ আনহাতে এক হত্যাকাৰী ঘটনাস্থলীতে নিহত হ’লেও বাকী দুই হত্যাকাৰী ধৰা পৰা নাই৷ আৰক্ষীয়ে হত্যাকাৰীৰ বিষয়ে খবৰৰ বিনিময়ত ৫ লাখ টকাৰ পুৰষ্কাৰ ঘোষণা কৰিছে৷ উল্লেখ্য উগ্ৰ শ্ৰী ৰাজপুত কৰ্ণি সেনাৰ পৰা ফাটি আহি শ্ৰী ৰাষ্ট্ৰীয় ৰাজপুত কৰ্ণি সেনা গঠন কৰিছিল সুখদেৱে৷ কৰ্ণি সেনাৰ এই গোট আছিল নৰমপন্থী৷