Logo
image

মুখ্যমন্ত্ৰী ৰূপে শপত লৈ ছোনিয়া গান্ধীৰ চৰণ চুই আশীষ ল'লে ৰেৱন্ত ৰেড্ডীয়ে

ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে তেলেংগনাৰ মুখ্যমন্ত্ৰীৰ হিচাপে শপত ল'লে ৰেৱন্ত ৰেড্ডীয়ে৷ হায়দৰাবাদত অনুষ্ঠিত হোৱা এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেৰ লগতে কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা৷ মুখ্যমন্ত্ৰী হিচাপে শপত লৈ কংগ্ৰেছৰ জ্যেষ্ঠা নেত্ৰী ছোনিয়া গান্ধীৰ ভৰি স্পৰ্শ কৰি আশীষ ল'লে ৰেৱন্ত ৰেড্ডীয়ে৷ লগতে তেওঁ পৰিয়ালৰ সদস্যক ছোনিয়া গান্ধীৰ সৈতে পৰিচয় কৰাই দিয়ে। ইয়াৰ পাছত নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ৰেড্ডীয়ে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে, সাংসদ ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ভাদ্ৰাকো সাক্ষাৎ কৰে।

শেহতীয়াকৈ হৈ যোৱা ৫ ৰাজ্যৰ নিৰ্বাচনত মাত্ৰ ১খন ৰাজ্যতহে জয়লাভ কৰে কংগ্ৰেছে৷ ইয়াৰ পাছত ৰাজ্যখনৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী কোন হ'ব, তাক লৈ জল্পনা-কল্পনা অব্যাহত আছিল যদিও ৰেৱন্ত ৰেড্ডীক মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই৷ আজি হায়দৰাবাত মুখ্যমন্ত্ৰীসহ ১১ জন মন্ত্ৰীয়ে শপত গ্ৰহণ কৰে৷ 

ৰেৱন্ত ৰেড্ডীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ ৰাইজক মুকলি আমন্ত্ৰণ জনোৱাৰ লগতে কোৱা হৈছিল যে তেলেংগনাত এয়া 'জনতাৰ চৰকাৰ'৷  বিধানসভাৰ শক্তি অনুসৰি, তেলেংগানাত মুখ্যমন্ত্ৰীকে ধৰি ১৮ জন মন্ত্ৰীয়ে দায়িত্বভাৰ লোৱাৰ সম্ভাৱনা আছে৷  নিৰ্বাচনত চিপিআইয়ে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিছিল।