Logo
image

গুৱাহাটীত দিন দুপৰতে শিশুক অপহৰণঃ আৰক্ষীয়ে গিজগিজাই থকা দিছপুৰত অপহৰণ কাণ্ড

ডিজিটেল ডেস্কঃ গুৱাহাটীত দিন-দুপৰতে সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনা৷ এটি চতুৰ্থ শ্ৰেণীৰ ছাত্ৰক মহানগৰৰ মাজমজিয়াৰ পৰাই মুখত সোপা দি উঠাই লৈ গ'ল গাড়ীত৷ আৰক্ষীয়ে গিজগিজাই থকা জনতা ভৱন আৰু অসম বিধান সভাৰ নতুন ভৱনৰ পৰা মাথোঁ ১০০ মিটাৰ দূৰত্বত সংঘটিত হয় এই অপহৰণৰ ঘটনা৷ 

অপহৰণ হোৱা শিশুটি আছিল DPS স্কুলৰ চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ অইন দিনৰ দৰে বুধবাৰেও ক্ৰিকেট প্ৰশিক্ষণৰ বাবে ঘৰৰ পৰা চালকৰ সৈতে জনতা ভৱনৰ ফিল্ডলৈ আহিছিল ছাত্ৰজন  গাড়ীৰ পৰা নামি পোনে পোনে  প্ৰশিক্ষণ কৰিছিল শিশুটিয়ে৷ তাৰ পিছত প্ৰশিক্ষণ সমাপ্ত কৰি আবেলি  বজাৰ পিছত ঘৰৰ গাড়ীখন চাবলৈ ফিল্ডৰ পৰা ওলাই আহিছিল বাহিৰলৈ৷ তেনে সময়তে খেলপথাৰৰ বাহিৰত ৰৈ থকা দুজন লোকে মুখত সোপা দি শিশুটিক উঠাই লয় এখন চাৰিচকীয়া মাৰুটি ভেনত৷

অপহৰণ কৰা দুয়োজন লোকে পৰিধান কৰিছিল মাস্ক৷ কথা পাতিছিল হিন্দীত৷ বাহনখন জনতা ভৱনৰ ফিল্ডৰ পৰা গণেশগুৰি অভিমুখী আছিল৷ কিন্তু পৰৱৰ্তী সময়ত শিশুটিক দুৰ্বৃত্তই এৰি দিয়ে গণেশগুৰিৰ উৰণীয়া সেতুৰ তলত৷ কোনে শিশুটিক অপহৰণ কৰিব লৈছিল সেয়া এতিয়াও জানিব পৰা হোৱা নাই

ঘটনা সন্দৰ্ভত আৰক্ষীৰ কাষ চাপিছে পৰিয়ালৰ লো। আৰক্ষীয়ে এতিয়ালৈ দুৰ্বৃত্তৰ কোনো সম্ভেদ উলিয়াবলৈ সক্ষম হোৱা নাই৷ মহানগৰীৰ মাজ- মজিয়াৰ পৰাই এটি শিশুক অপহৰণ কৰা ঘটনাক লৈ বিভিন্ন প্ৰশ্নৰ উত্থাপন হৈছে৷ শিশুটিক কিয় অপহৰণ কৰিছিল বা অপহৰণৰ পিছত কিয় গণেশগুৰিত শিশুটিক এৰি থৈ গ’ল এয়া আৰক্ষীৰ তদন্তৰ পিছতহে পোহৰলৈ আহিব৷