Logo
image

এইপৰ্যন্ত ৩০০ কোটি! টকা গণি গণি অচল হৈ পৰিল মেচিন

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৮ ডিচেম্বৰঃ এটা প্ৰাসাদোপম অট্টালিকা৷ অট্টালিকাটোৰ প্ৰতিটো ৰূমৰে আলমাৰি, ডিভান সকলোতে কেৱল টকাৰ বাণ্ডিল৷ কোনোবা এটা ছেল্‌ফত যদি ১০০ টকীয়া নোটৰ বাণ্ডিল, আন এটা ছেল্‌ফত আকৌ ২০০ টকীয়া, ৫০০ টকীয়া নোটৰ বাণ্ডিলৰ দ’ম৷ টকাৰ এই পাহাৰ দেখি অভিযানকাৰী দল আচম্বিত হৈ পৰাই নহয়, জব্দকৃত টকা গণনা কৰাৰ বাবে ব্যৱহাৰ কৰা মেচিনটোও বিকল হৈ পৰে৷ দেশজুৰি চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰা এই অভিযান চলাইছে আয়কৰ বিভাগে৷ আয়কৰ বিভাগে ঝাৰখণ্ডৰ ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ ওড়িশাৰ সুৰা কোম্পানীত অভিযান চলাই কোটি কোটি টকা জব্দ কৰিছে৷ সাংসদজনৰ আত্মীয় আৰু সহযোগীৰ ওড়িশা আৰু ঝাৰখণ্ডৰ ঘৰ আৰু কাৰ্যালয়ত অভিযান চলাই বৰ্তমানলৈ ৩০০ কোটি টকা আয়কৰ বিভাগে জব্দ কৰাৰ তথ্য পোহৰলৈ আহিছে৷ কংগ্ৰেছী সাংসদজনৰ মালিকানাধীন পশ্চিম ওড়িশাৰ অন্যতম বৃহৎ থলুৱা সুৰা উৎপাদনকাৰী কোম্পানী বৌধ ডিষ্টিলাৰী প্ৰাইভেট লিমিটেডৰ দুই অংশীদাৰী প্ৰতিষ্ঠানৰো বালাংগীৰস্থিত কাৰ্যালয় আৰু সম্বলপুৰৰ কৰ্পৰেট কাৰ্যালয়ত তালাচী চলাই ৩০০ কোটিৰো অধিক ধন জব্দ কৰিবলৈ সক্ষম হৈছে আয়কৰ বিভাগে৷ বুধবাৰৰে পৰা আয়কৰ বিভাগে এই তালাচী অব্যাহত ৰাখিছে যদিও টকা তালাচী অব্যাহত ৰাখিছে যদিও টকা গণনা কৰা মেচিন অচল হৈ পৰিছে৷ মূলত কৰ ফাঁকি দিয়াৰ অভিযোগতে কংগ্ৰেছ সাংসদজনৰ মালিকানাধীন সুৰা কোম্পানীটোৰ ওড়িশাৰ বালাংগীৰ, সম্বলপুৰ আৰু ঝাৰখণ্ডৰ ৰাচী, লোহাৰদাগাত অভিযান চলাইছে৷ অৱশ্যে জব্দকৃত ধনৰ পৰিমাণ কিমান হ’ব পাৰে তাকে বৰ্তমানেও আনুষ্ঠানিকভাৱে স্পষ্ট কৰা নাই আয়কৰ বিভাগে৷ উল্লেখ্য, বুধবাৰে প্ৰথমে আয়কৰ বিভাগে সাংসদজনৰ ঝাৰখণ্ডস্থিত লোহাৰদগাস্থিত বাসগৃহত অভিযান চলায়৷ কিন্তু তাৰ পূৰ্বে আয়কৰ বিভাগে তেওঁৰ আত্মীয় আৰু ঘনিষ্ঠ সহযোগীসকলৰ ওড়িশাৰ সম্বলপুৰ আৰু বালাংগীৰত থকা সুৰা কোম্পানীসমূহত অভিযান চলায়৷ আয়কৰ বিভাগৰ দলটোৱে সুন্দৰগড়ৰ সুৰা ব্যৱসায়ী ৰাজকিশোৰ প্ৰসাদ জয়ছোৱালৰ সৰ্গীপালিৰ বাসগৃহ, কাৰ্যালয় আৰু স্থানীয় সুৰা ভাটিতো অভিযান চলায়৷ দলটোৱে কোম্পানীটোৰ সৈতে জড়িত থকাৰ অভিযোগত বৌধ পুৰুনা কটকৰ ব্যৱসায়ী অশোক কুমাৰ আগৰৱালাৰ চাউলৰ মিল, বাসগৃহ আৰু অন্যান্য স্থানতো অভিযান চলায়৷ আনহাতে, বালাংগীৰ আৰু তিতিলাগড়ত একাধিক সুৰা ব্যৱসায়ীও অভিযানকাৰীৰ লক্ষ্য হৈ পৰিছে৷ আয়কৰ বিভাগৰ ৩০জনীয়া দলে সুৰা ব্যৱসায়ী সঞ্জয় চাহু আৰু দীপক চাহুৰ ঘৰ আৰু ব্যৱসায় প্ৰতিষ্ঠানটো তালাচী চলোৱা বুলি জানিব পৰা গৈছে৷ অৱশ্যে এই অভিযান সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ তথা সাধাৰণ সম্পাদক ৰাকেশ সিনহাই কয় যে ধীৰাজ চাহু এগৰাকী সফল ব্যৱসায়ী৷ তেওঁৰ গোটেই পৰিয়ালটো ব্যৱসায়ৰ সৈতে জড়িত৷ তেওঁক বদনাম কৰিবলৈ আয়কৰ বিভাগক ব্যৱহাৰ কৰা হৈছে৷ ধীৰাজ চাহুৰ পৰিয়ালটোৱে একেলগে এটা ব্যৱসায় চলায়৷ কিন্তু বিজেপিয়ে এক ষড়যন্ত্ৰৰ অধীনত কংগ্ৰেছ পৰিয়ালটোক বদনাম কৰিছে৷ উল্লেখ্য, ধীৰাজ চাহু এটা প্ৰভাৱশালী পৰিয়ালৰ সদস্য৷ তেওঁৰ পৰিয়ালটো কংগ্ৰেছৰ সৈতে জড়িত হৈ আছে৷ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়েও নিৰ্বাচনী প্ৰচাৰৰ সময়ত তেওঁৰ ঘৰলৈ আহিছিল৷ তেওঁৰ সাক্ষৎকাৰৰ বাবে চলচ্চিত্ৰ তাৰকা আৰু ক্ৰিকেটাৰসকলো আহে৷ ধীৰাজ চাহুৰ পৰিয়ালৰ মুখ্য ব্যৱসায় সুৰাৰ সৈতে জড়িত৷ তেওঁৰ পৰিয়ালৰ বেছিভাগ সুৰা কোম্পানী ওড়িশাত আছে৷ ৰাজ্যসভাৰ সাংসদ ধীৰাজ চাহুৰ আত্মীয় আৰু নিকট আত্মীয়ৰ নামত ওড়িশাত কেইবাটাও সুৰা কোম্পানী আছে৷ ইয়াৰ ভিতৰত আছে বৌধ ডিষ্টিলাৰী প্ৰা. লিমিটেড, বলদেৱ চাহু ইনফ্ৰা প্ৰা. লিমিটেড, কোয়ালিটি বটলাৰ্ছ প্ৰা. লিমিটেড আৰু কিশোৰ প্ৰসাদ বিজয় প্ৰসাদ বেভাৰেজ প্ৰা. লিমিটেড অন্যতম৷