Logo
image

মুখ্যমন্ত্ৰীৰ সন্ধানত ৩খনকৈ ৰাজ্য

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ ডিচেম্বৰঃ ফলাফল ঘোষণাৰ তিনিদিন অতিক্ৰম কৰাৰ পাছতো এইপৰ্যন্ত ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰিব পৰা নাই বিজেপি দলে৷ মুখ্যমন্ত্ৰীকেন্দ্ৰিক বিজেপিৰ এনে অচলাৱস্থাৰ মাজতে আজি তেলেংগানাত কংগ্ৰেছ দলৰ মুখ্যমন্ত্ৰী হিচাপে এ ৰেৱন্ত ৰেড্ডীয়ে শপতগ্ৰহণ কৰে৷ কিন্তু তিনিদিন ধৰি বিজেপিয়ে ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থীক কিয় বিচাৰি উলিয়াব পৰা নাই? কংগ্ৰেছ দলৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে আজি সামাজিক মাধ্যমত বিজেপি দলক কটাক্ষ কৰি কয়– ‘ফলাফল ঘোষণাৰ ২৪ ঘণ্টাৰো কম সময়ৰ ভিতৰত তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত নোহোৱাৰ বাবে আমাক সমালোচনা কৰিছিল৷ আমাৰ মুখ্যমন্ত্ৰীয়ে আজি শপতগ্ৰহণ কৰিলে৷ কিন্তু তিনিদিন পাছতো বিজেপিয়ে এতিয়াও তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম কিয় চূড়ান্ত কৰিব নোৱাৰিলে৷’ উল্লেখ্য, তিনি ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ নাম চূড়ান্ত কৰাৰ ক্ষেত্ৰত বিজেপি যে চৰম দ্বিধাত আছে সেয়া ইতিমধ্যে স্পষ্ট হৈ পৰিছে৷ এনে পৰিস্থিতিৰ মাজতে আজি সংসদৰ শীতকালীন অধিৱেশনৰ চতুৰ্থ দিনা বিজেপিৰ সংসদীয় দলৰ বৈঠক অনুষ্ঠিত হয়৷ বৈঠকত প্ৰধানমন্ত্ৰী মোদীক বিপুল হৰ্ষধবনি আৰু ফুলৰ মালাৰে বিপুলভাৱে আদৰণি জনোৱা হয়৷ বৈঠকত উপস্থিত হোৱাৰ লগে লগে সাংসদসকলে মোদীক শে¡াগান দি আদৰণি জনায়৷ বিজেপি দলৰ সূত্ৰৰ মতে ৰাজস্থান, মধ্য প্ৰদেশ আৰু ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী পদক কেন্দ্ৰ কৰি সৃষ্টি হোৱা জল্পনা-কল্পনা তুংগত উঠিছে৷ দলৰ প্ৰবীন নেতা তথা মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ পৰিৱৰ্তে মধ্য প্ৰদেশত বিজেপিয়ে নতুন মুখৰ নেতা এজনক যে মুখ্যমন্ত্ৰীৰ আসনত বহুৱাব বিচাৰিছে সেয়া প্ৰায় নিশ্চিত হৈছে৷ ৰাজস্থানত ৰাজমাতা বসুন্ধৰা ৰাজে, জয়পুৰৰ ৰাজকন্যা দিয়া সিং, বালকনাথ আদিৰ পিছত এইবাৰ ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ নামো চৰ্চালৈ আহিছে৷ ৰাজস্থানত বিজেপিয়ে অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰতিনিধিক এইবাৰ মুখ্যমন্ত্ৰীৰ আসনত বহুৱাব বিচৰা বুলি সূত্ৰটোত প্ৰকাশ৷ সেয়ে প্ৰাক্তন আই এ এছ বিষয়া অশ্বিনী বৈষ্ণৱৰ নাম নতুনকৈ চৰ্চালৈ আহিছে৷ ছত্তীশগড়ত মুখ্যমন্ত্ৰী হিচাপে ৰেণুকা সিঙৰ নাম চৰ্চালৈ আহিছে৷ আজি সংসদ ভৱনৰ বাহিৰত দলৰ একাংশ সাংসদে ৰেণুকা সিঙক ভাবী মুখ্যমন্ত্ৰী হিচাপে অভিনন্দনো জনায়৷