Logo
image

ঐতিহাসিক ভুল! অমিত শ্বাহৰ ভাষ্যত তীব্ৰ প্ৰতিক্ৰিয়া

নতুন দিল্লী, ৮ ডিচেম্বৰঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি ‘পাক অধিকৃত কাশ্মীৰ আমাৰ’ বুলি কৰা ঘোষণা আৰু জৱাহৰলাল নেহৰুৰ ঐতিহাসিক ভুলৰ বাবেই ভাৰতে পাক অধিকৃত কাশ্মীৰ হেৰুৱাব লগা হ’ল বুলি কৰা মন্তব্যৰ তীব্ৰ প্ৰতিবাদ জনাইছে কংগ্ৰেছে৷ আজি কংগ্ৰেছ নেতা অধীৰৰঞ্জন চৌধুৰীয়ে গৃহমন্ত্ৰী শ্বাহে কৰা মন্তব্যৰ বাবে তেওঁক উভতি ধৰে৷  চৌধুৰীয়ে কয়– গৃহমন্ত্ৰী অমিতশ্বাহে পাক অধিকৃত কাশ্মীৰ আৰু জৱাহৰলাল নেহৰু সন্দৰ্ভত কৰা বিষয়টোক লৈ সংসদত দিনজোৰা আলোচনা হোৱা উচিত৷ কিয়নো এইটো কোনো সৰু-সুৰা বিষয় নহয়৷ ভাৰতৰ ইতিহাস অকল অমিত শ্বাহেই নহয়, আন বহুতেই জানে৷ ২০১৯ চনত যেতিয়া সংবিধানৰ ৩৭০ ধাৰা বাতিল কৰা হৈছিল তেতিয়া অমিত শ্বাহে কৈছিল যে পাক অধিকৃত কাশ্মীৰক উভতাই অনা হ’ব৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক্ষমতালৈ অহা ১০ বছৰ পাৰ হ’ল৷ ইয়াৰ পূৰ্বে অটল বিহাৰী বাজপেয়ীও ৬ বছৰ প্ৰধানমন্ত্ৰী আছিল৷ সাংসদ চৌধুৰীয়ে অমিত শ্বাহক আক্ৰমণ কৰি কয়– ২০২৪ৰ নিৰ্বাচনৰ পূৰ্বে আপোনালোকে পাক অধিকৃত কাশ্মীৰ উভতাই আনি দেখুওৱাক৷ উল্লেখ্য যে বুধবাৰে গৃহমন্ত্ৰীজনে লোকসভাত জম্ম-কাশ্মীৰ বিধানসভাৰ আসন পুনৰ্বিন্যাসৰ তাৎপৰ্য বুজাবলৈ গৈ পাক অধিকৃত কাশ্মীৰৰ বাবে বিধানসভাত ২৪খন আসন সংৰক্ষণ কৰি ৰখা বুলি উল্লেখ কৰে৷ গৃহমন্ত্ৰীৰ এই ঘোষণাৰ লগে লগে শাসকীয় পক্ষৰ সাংসদসকলে জয়ধবনি দিবলৈ আৰম্ভ কৰে৷ ইয়াৰ পাছতে গৃহমন্ত্ৰীয়ে পণ্ডিত জৱাহৰলাল নেহৰুৰ ভুলৰ বাবেই পাক অধিকৃত কাশ্মীৰৰ সৃষ্টি হোৱা বুলি উল্লেখ কৰে৷ ইয়াৰ লগে লগে কংগ্ৰেছকে ধৰি বাকী বিৰোধী দলসমূহে গৃহমন্ত্ৰীৰ ভাষ্যৰ তীব্ৰ প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰিছে৷ ইপিনে পণ্ডিত নেহৰুক লৈ অমিত শ্বাহে কৰা মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে আনকি জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেশ্বনেল কনফাৰেন্সৰ প্ৰাক্তন নেতা ফাৰুক আব্দুল্লায়ো৷ আজি তেওঁ অমিত শ্বাহৰ ভাষ্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়– সেই সময়ত ভাৰতীয় সেনাবাহিনীয়ে  পুঞ্চ আৰু ৰাজৌৰিক বচোৱাৰ চেষ্টাত ব্যস্ত আছিল৷ নেহৰুৱে এইটো নকৰা হ’লে পুঞ্চ আৰু ৰাজৌৰিও কাশ্মীৰৰ হাতলৈ গুচি গ’ল হেঁতেন৷ সেই সময়ত আন বেলেগ উপায় নািছল৷ লৰ্ড মাউণ্টবেটেন আৰু চৰ্দাৰ বল্লভভাই পেটেলেও বিষয়টোক ৰাষ্ট্ৰসংঘৰ মজিয়ালৈ নিয়াৰ পৰামৰ্শ আগবঢ়াইছিল বুলি উল্লেখ কৰে নেশ্বনেল কনফাৰেন্সৰ প্ৰবীণ নেতাজনে৷ ইপিনে কংগ্ৰেছৰ আন এজন সাংসদ জয়ৰাম ৰমেশেও অমিত শ্বাহে কৰা মন্তব্যৰ প্ৰতিবাদ জনায়৷ তেওঁ নিজৰ এক্স হেণ্ডেলত গৃহমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইবুলি উল্লেখ কৰে যে ১৯৪৭-৪৮ চনত জম্মু-কাশ্মীৰ সন্দৰ্ভত নেহৰুৰ ভূমিকাক লৈ সংসদত গৃহমন্ত্ৰীয়ে যি ভাষ্য আগবঢ়াইছে সেয়া উদ্দেশ্যপ্ৰণোদিত আৰু প্ৰৰোচনামূলক৷ এনে মন্তব্যৰে গৃহমন্ত্ৰীয়ে নিজৰ মিথ্যাছাৰ উদঙাই দেখুওৱা বুলি উল্লেখ কৰি সাংসদ ৰমেশে গৃহমন্ত্ৰীক চন্দ্ৰশেখৰ দাসগুপ্তৰ বিখ্যাত ‘ৱাৰ এণ্ড ডিপ্ল’মেচি ইন কাশ্মীৰ’ নামৰ গ্ৰন্থখন অধ্যয়ন কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে৷