Logo
image

হাতী-মানুহৰ সংঘাতত ৰাজ্যত ৫ বছৰতে নিহত প্ৰায় ৪০০জন

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ৮ ডিচেম্বৰঃ হস্তী-মানুহৰ সংঘাতে এতিয়া যেন ভয়ংকৰ ৰূপ লৈছে৷ জীৱ শ্ৰেষ্ঠ মানুহে পাহাৰ-বনাঞ্চলত অবাধ বেদখল কৰাত বন্য হস্তীয়ে খাদ্যৰ সন্ধানত জনাঞ্চললৈ নামি আহিবলৈ বাধ্য হৈ পৰিছে৷ খাদ্যৰ সন্ধানত ওলাই অহা এনে বন্য হস্তীৰ সৈতে মানুহৰ হোৱা সংঘাতত বহু সময়ত মানুহেই প্ৰাণ হেৰুৱাবলগীয়া হৈছে৷ উদ্বেগজনক বিষয়টো হৈছে বিগত ৫ বছৰত হস্তী-মানুহৰ সংঘাতৰ ফলত অসমত প্ৰায় ৪ শতাধিক লোকে প্ৰাণ হেৰুৱাইছে৷ বিগত ২০২১-২২ বৰ্ষৰ বিপৰীতে ২০২২-২৩ বৰ্ষত অসমত হাতী-মানুহৰ সংঘাতৰ ঘটনা উদ্বেগজনকভাৱে বৃদ্ধি পাইছে৷ লোকসভাৰ মজিয়াত এই ভয়ংকৰ তথ্য প্ৰকাশ কৰিছে কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰণালয়ে৷ সংসদত প্ৰকাশ পোৱা তথ্য অনুসৰি বিগত ২০২২-২৩ বৰ্ষত অসমত হাতী-মানুহৰ সংঘাতৰ ফলত ৮০জন লোকৰ মৃত্যু হৈছে৷ একেদৰে হস্তী-মানুহৰ সংঘাতৰ কৰুণ পৰিণতিত ২০২১-২২ বৰ্ষত ৬৩ জন লোকে প্ৰাণ হেৰুৱাইছিল৷ লোকসভাৰ তথ্যত উল্লেখ থকা মতে ২০২০-২১ বৰ্ষত ৯১ জন, ২০১৯-২০ বৰ্ষত ৭৫ জন আৰু ২০১৮-১৯ বৰ্ষত ৮৪ জন লোকৰ মৃত্যু হৈছিল হস্তী-মানুহৰ সংঘাতত৷ লক্ষণীয়ভাৱে হাতী অহা-যোৱা কৰা পথ অৰ্থাৎ হস্তী কৰিড’ৰত মানুহে কংক্ৰিট নিৰ্মাণেৰে বন্ধ কৰি দিয়া কাৰ্যকো হাতী-মানুহৰ সংঘাতৰ অন্যতম কাৰণ হিচাপে চিহ্নিত কৰা হৈছে৷ অৱশ্যে হস্তী-মানুহৰ সংঘাত নিৰাময়ৰ বাবে প্ৰকৃতি প্ৰেমী সংগঠন হাতী বন্ধুৰ লগতে আন বহু লোকে ব্যক্তিগত পৰ্যায়তো হাতীক খাদ্য সামগ্ৰী যোগান ধৰি আহিছে৷ ইফালে হস্তী-মানুহৰ সংঘাতৰ বিপৰীতে অসমত ৰে’লৰ খুন্দাত হস্তীকুলে প্ৰাণ হেৰুৱাবলগীয়া হোৱা শোকাৱহ দুৰ্ঘটনাও সংঘটিত হৈছে৷ বিগত ৩ বছৰত অসমত ৰে’লৰ খুন্দাত ২০ টা হাতীৰ দুৰ্ভাগ্যজনক মৃত্যু হৈছে৷ ৰে’ল দুৰ্ঘটনাত ২০২০-২১ বৰ্ষত ৫টা, ২০২১-২২ বৰ্ষত ৭ টা আৰু ২০২২-২৩ বৰ্ষত জ্জটা হাতীৰ কৰুণ মৃত্যু হৈছে৷