Logo
image

ভূপেনৰ ‘বিনাশ’ বিচাৰিও কংগ্ৰেছৰ বাবে দুৱাৰ খুলি ৰাখিলে আজমলে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ ডিচেম্বৰঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক পুনৰ আক্ৰমণৰ লক্ষ্য হিচাপে লোৱাৰ সমান্তৰালভাৱে লোকসভাৰ আগন্তুক নিৰ্বাচনত কংগ্ৰেছক আকৌ এবাৰ মিত্ৰতাৰ প্ৰস্তাৱ আগবঢ়ালে বদৰুদ্দিন আজমলে৷ বহু চেষ্টাৰ পাছতো সৰ্বভাৰতীয় পৰ্যায়ত বিৰোধী ৰাজনৈতিক দলসমূহৰ উমৈহতীয়া মঞ্চ ‘ইণ্ডিয়া’ বা অসমৰ বিৰোধী ঐক্যমঞ্চত স্থান লাভত ব্যৰ্থ বদৰুদ্দিন আজমলে বৃহস্পতিবাৰে নতুন দিল্লীত সাংবাদিকৰে হোৱা বাৰ্তালাপত শেষ দিনটোলৈকে কংগ্ৰেছৰে মিত্ৰতাৰ দুৱাৰ খোলা থাকিব বুলি ঘোষণা কৰে৷ সভাপতি ভূপেন বৰাৰ বিনাশ বিচৰা আজমলে কয়– ভূপেন বৰাই এতিয়া ভোটৰ পাৰ্চেণ্টেজৰ কথা কৈ আছে, কিন্তু তিনিখন ৰাজ্যত যে হাৰিছে সেইটো কথা নকয়৷ মধ্য প্ৰদেশ, ৰাজস্থানত কংগ্ৰেছ-বিজেপিৰ মাজত ১০০টা আসনৰ পাৰ্থক্য আছে৷ তেওঁ আগতে কৈছিল যে নিৰ্বাচনৰ ফলাফলৰ দিনা বোম ফুটাব৷ গোটেই অসমত উৎসৱ মনাব৷ আমি নতুন কাপোৰ চিলাই ৰাখিছিলোঁ৷ সেইদিনা ভূপেন বৰাই আমাৰ ওপৰত বোম ফুটাব বুলি ভাবিছিলোঁ৷ কিন্তু আমাক ঈশ্বৰে বচাই দিলে৷ ৬ মাহৰ পৰা কৈ আছোঁ যে আমাৰ লগত মিলিলে কংগ্ৰেছে ৫-৬খন আসন পাব বুলি৷ ১০০ শতাংশ আশা আছিল কংগ্ৰেছৰ বাবে৷ কিন্তু এতিয়া কংগ্ৰেছে এটা বা ডেৰটা সমষ্টিতহে জয়ী হ’ব৷ ১+০ বা ০+১ হ’ব কংগ্ৰেছৰ আসন৷ কংগ্ৰেছ মুখ্যমন্ত্ৰীৰ পকেটত সোমাই পৰিছে৷ কংগ্ৰেছ এতিয়া কিনিব পৰা সামগ্ৰী৷ মুখ্যমন্ত্ৰীয়ে মিত্ৰতা হ’ব নালাগে বুলি কংগ্ৰেছক কৈ আছে৷ নহ’লে বিজেপিৰ ১১+০ কেনেকৈ হ’ব৷ যদি কংগ্ৰেছে এআইইউডিএফৰে মিত্ৰতা কৰে তেন্তে কংগ্ৰেছে ৬খন, এআইইউডিএফে ৩টা আৰু বাকী বিজেপিয়ে পাব৷ বাৰে বাৰে কংগ্ৰেছক কৈ আছোঁ আহক, আমাৰ লগত মিলক, মিলক বুলি৷ কিন্তু যদি লগ নালাগে তেন্তে আমি কি কৰিম? শেষ দিন পৰ্যন্ত কংগ্ৰেছৰে মিত্ৰতাৰ দুৱাৰ খোলা আছে বিজেপিক অসমৰ পৰা বিদায় দিয়াৰ স্বাৰ্থত৷ দুই মাহৰ পৰা কংগ্ৰেছ ফিল্ডত নাই৷ কৰিমগঞ্জ, ধুবুৰী, নগাঁও সমষ্টিত কংগ্ৰেছ নাই৷ যদি কংগ্ৰেছৰ চেতনা আহে তেন্তে ভাল৷ আৰু যদি চেতনা নাহে, আমাৰ সহায় নালাগে বুলি ভাবে আমি কি কৰিব পাৰোঁ৷ ভগৱানে ভূপেন বৰাক উঠাই লৈ যাব মুখ্যমন্ত্ৰী হোৱাৰ সপোন পূৰণৰ পূৰ্বেই৷ অৱশ্যে তেওঁৰ দীৰ্ঘায়ূ কামনা কৰিলোঁ৷ নিজৰ ল’ৰা-ছোৱালীৰ কাৰণে তেওঁ বাছি থাকক৷ ভূপেন বৰা মোৰ বন্ধু মানুহ৷