Logo
image

১২ ফেব্ৰুৱাৰীৰ পৰা উচ্চতৰ মাধ্যমিক

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ ডিচেম্বৰঃ ২০২৪ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা কৰিলে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে৷ ঘোষিত পৰীক্ষাৰ দিন অনুসৰি ২০২৪ৰ ১২ ফেব্ৰুৱাৰীৰ পৰা পৰীক্ষা অনুষ্ঠিত হ’ব৷ ১৩ মাৰ্চতহে শেষ হ’ব পৰীক্ষা৷ আগবেলা পুৱা ৯ বজাৰ পৰা ১২ বজালৈ আৰু পাছবেলা বিয়লি ১-৩০ বজাৰ পৰা ৪-৩০ বজালৈ পৰীক্ষাসমূহ অনুষ্ঠিত হ’ব৷ ১২ ফেব্ৰুৱাৰী সোমবাৰে বিয়লি ইংৰাজী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ১৩ ফেব্ৰুৱাৰী মঙলবাৰে আগবেলা মিউজিক আৰু পাছবেলা বিহুৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ১৬ ফেব্ৰুৱাৰী শুকুৰবাৰে    বিয়লি ৰসায়ন বিজ্ঞান, বিজনেছ ষ্টাডিছ আৰু ৰাজনীতি বিজ্ঞান বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ১৭ ফেব্ৰুৱাৰী শনিবাৰে আগবেলা মিউজিক আৰু পাছবেলা ভকেশ্বনেল বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ১৯ ফেব্ৰুৱাৰী সোমবাৰে বিয়লি পাছবেলা পদাৰ্থ বিজ্ঞান, একাউণ্টেন্সি, শিক্ষা আৰু জেনেৰেল ফাউনডেশ্বন কোৰ্ছৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ২১ ফেব্ৰুৱাৰী, বুধবাৰে পাছবেলা আধুনিক ভাৰতীয় ভাষা আৰু অলটাৰনেটিভ ইংৰাজীৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ২২ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে আগবেলা এণ্টাৰপ্ৰিনিউৰশ্বিপ ডেভেলপমেণ্ট আৰু পাছবেলা এডভান্স সংস্কৃতৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ২৭ ফেব্ৰুৱাৰী মঙলবাৰে পাছবেলা গণিত বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ২৯ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে পাছবেলা জীৱবিজ্ঞান, ইঞ্চুৰেন্স আৰু বুৰঞ্জী বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ১ মাৰ্চ, শুকুৰবাৰে পাছবেলা ফাইন আৰ্টছ, অৰ্থনৈতিক ভূগোল আৰু বায়টেকনলজী বিভাগৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ২ মাৰ্চ শনিবাৰে পাছবেলা আৰবী, পাৰ্ছী, এডভান্স লেংগুৱেজৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ৪ মাৰ্চ সোমবাৰে পাছবেলা অৰ্থনীতি বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ৫ মাৰ্চ মঙলবাৰে আগবেলা ভকেশ্বনেল ইলেক্টিভ আৰু পাছবেলা দ্বাদশ অধ্যয়নৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ৬ মাৰ্চ বুধবাৰে পাছবেলা পৰিসংখ্যা বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ৭ মাৰ্চ বৃহস্পতিবাৰে পাছবেলা বিজনেছ মেথামেটিক্‌ছ, ভূগোল আৰু ভূতত্ব বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ৯ মাৰ্চ শনিবাৰে আগবেলা ভকেশ্বনেল ইলেক্টিভ, পাছবেলা দৰ্শন, ফাইনেন্স আৰু মনোবিজ্ঞান বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ১১ মাৰ্চ সোমবাৰে পাছবেলা নৃতত্ব, সমাজশাস্ত্ৰ, ছেলছমেনশ্বীপ আৰু এডভাৰটাইজিঙৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ১২ মাৰ্চ মঙলবাৰে আগবেলা হোম চাইন্স আৰু পাছবেলা কম্পিউটাৰ চাইন্সৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ ১৩ মাৰ্চ বুধবাৰে পাছবেলা মাল্টিমিডিয়া আৰু ৱেব টেকন’লজীৰ পৰীক্ষা অনুষ্ঠিত হ’ব৷ অসম উচ্ছতৰ মাধ্যমিক শিক্ষা সংসদৰ পৰীক্ষা নিয়ন্ত্ৰক পংকজ বৰঠাকুৰে সদৰী কৰা অনুসৰি ২০২৪১ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত প্ৰায় ২.৬০ লাখ ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হ’ব৷ ২.৩৬ লাখে অনলাইনত ফৰ্মফিলাপ কৰিছে৷ প্ৰায় ৮৫৫টা পৰীক্ষাকেন্দ্ৰত পৰীক্ষা অনুষ্ঠিত হ’ব৷