Logo
image

বিদ্যুৎ গ’ল আলফালৈ! সতীৰ্থ সাংবাদিকক জেৰা আৰক্ষীৰ

‘আমাৰ অসম’ৰ দুলীয়াজানৰ প্ৰতিবেদক, ৮ ডিচেম্বৰঃ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ যুৱ সাংবাদিক বিদ্যুৎ মহন্তই আলফাত যোগদান কৰাত ৰাজ্যজুৰি জোকাৰণি সৃষ্টি হোৱাৰ মাজতে আজি এই সন্দৰ্ভত নাহৰকটীয়াৰ দুজন জ্যেষ্ঠ সাংবাদিকক আৰক্ষীয়ে জেৰা কৰে৷ নামৰূপস্থিত  উপ-আৰক্ষী অধীক্ষক নৱ কুমাৰ বৰা আজি নাহৰকটীয়া থানাত উপস্থিত হৈ সাংবাদিকদ্বয় বুলন কুমাৰ শইকীয়া আৰু সীমান্ত ভাগৱতীক জেৰা কৰে৷ এই সন্দৰ্ভত বুলন কুমাৰ শইকীয়াই ‘আমাৰ অসম’ক কয়, ‘‘আলফা সন্দৰ্ভত মই লিখামেলা কৰি থকাৰ সন্দৰ্ভত তথা পূৰ্বে পৰেশ বৰুৱাই মোলৈ ফোন কৰাৰ সন্দৰ্ভত আৰক্ষীয়ে মোক প্ৰশ্ন কৰিছিল৷ বিদ্যুৎ মহন্তৰ সৈতে মোৰ অতি ঘনিষ্ঠ সম্পৰ্ক আছিল আৰু সেইসূত্ৰে মহন্তই আলফাত যোগদান কৰাত মোৰ অৱদান থাকিব পাৰে বুলি আৰক্ষীয়ে সন্দেহ কৰিছিল৷ কিন্তু মই ইতিমধ্যে সামাজিক মাধ্যমত সকলো কথা মুকলিকৈ প্ৰকাশ কৰাৰ দৰে আৰক্ষীকো এই সম্পৰ্কে মই কোনোধৰণে অৱগত নহয় বুলি স্পষ্টকৈ কৈছো৷  বিদ্যুৎ মহন্তই মোৰ সন্মুখতে পৰেশ বৰুৱাৰ সৈতে ফোনত বাৰ্তালাপ কৰাৰ কথাও কৈছো৷ প্ৰায় এঘণ্টা ধৰি মোক জেৰা কৰাৰ পিছত ডি এছ পি নৱ কুমাৰ বৰাই যাবলৈ দিয়ে৷” ইফালে¸ আন এজন জ্যেষ্ঠ সাংবাদিক সীমান্ত ভাগৱতীকো আৰক্ষীৰ উপ-অধীক্ষকজনে প্ৰায় ১৫ মিনিট সময় ধৰি জেৰা কৰে৷ এই সন্দৰ্ভত ভাগৱতীয়ে কয়, “মই বিদ্যুৎ মহন্তৰ সৈতে একেলগে থকা আৰু কেইদিনমানৰ পূৰ্বে তেওঁৰ সৈতে অৰুণাচল প্ৰদেশলৈ যোৱাৰ বিষয়ে আৰক্ষী বিষয়াজনে মোক প্ৰশ্ন কৰিছিল৷” ভাগৱতীয়ে লগতে কয়, “ট্যুৰিষ্ট গাইড হিচাপেও বিদ্যুৎ মহন্তই জীৱিকাৰ পথ বাছি লৈছিল৷ সেইসূত্ৰে ১৫ নৱেম্বৰত পশ্চিম বংগৰ দুজন পৰ্যটক আহিছিল আৰু তেওঁলোকৰ সৈতে মহন্তই মোকো অৰুণাচললৈ লৈ গৈছিল৷ আলুত এটা নিশা কটোৱাৰ পিছত পৰ্যটক দুজন তেজুলৈ যায় আৰু তাত দুনিশা কটোৱাৰ পাছত চতুৰ্থ দিনা অৰ্থাৎ ১৯ নৱেম্বৰত আমি ঘূৰি আহো৷ তাত কোনোধৰণৰ সন্দেহজনক লোকৰ সৈতে মহন্তই বাৰ্তালাপ কৰা বা লগ কৰা মই প্ৰত্যক্ষ কৰা নাছিলো৷ আমি প্ৰায়ে একেলগে থাকো যদিও আলফাত যোগদান সম্পৰ্কীয় কোনোধৰণৰ সংকেত আমি তেওঁৰপৰা আগতীয়াকৈ পোৱা নাছিলো৷ আৰক্ষীক সম্পূৰ্ণ সহযোগিতা কৰি মই স্পষ্টকৈ এই কথাখিনি জনাইছো৷” ইফালে নাহৰকটীয়াৰ ৰনং লংজং গাঁৱত অৱস্থিত বিদ্যুৎ মহন্তৰ বাসগৃহত আজিও শোকাকুল পৰিৱেশে বিৰাজ কৰি আছে৷ ইষ্ট-কুটুম্ব আৰু শুভাকাংক্ষীয়ে এই পৰিৱেশত পৰিয়ালটোৰ মনোবল অটুট ৰাখিবলৈ আজিও ভিৰ কৰে৷ আনহাতে¸ বিদ্যুৎ মহন্তৰ পিতৃ ললিত মহন্তই আজি বিয়লি নাহৰকটীয়া থানাত পুত্ৰ নিৰুদ্দিষ্ট হোৱাৰ সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে৷